কলিয়াবৰ,১৪ জুলাই:কলিয়াবৰ মহকুমা স্বাস্থ্য বিভাগে কলিয়াবৰৰ ৰাইজক জাপানীজ এনকেফেলাইটিছৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ স্বাস্থ্য সচেতন আৰু সজাগতাৰ বাবে আৰম্ভ কৰিছে অভিযান । দেওবাৰে সোণাৰী গাঁৱত গাঁওবাসীক ঔষধযুক্ত আঠুৱা প্ৰদানৰ বাবে স্বাস্থ্যকৰ্মীক নিয়োগ কৰে স্বাস্থ্য বিভাগে । সন্ধিয়া মহ খেদিবৰ বাবে ঔষধযুক্ত ধোঁৱাৰো ব্যৱস্থা কৰে । বিশেষকৈ বান শিবিৰত থকা লোকসকলক লৈ চিন্তিত স্বাস্থ্য বিষয়াগৰাকী ।
কিয়নো, বান শিবিৰত থকা লোকসকল এই সময়ত সাবধানতা ল'ব পৰা অৱস্থাত নাই । বহু বান শিবিৰৰ আশেপাশে গাহৰি পালকসকলে গাহৰিৰ সৈতেই একেলগে থাকিবলগীয়া হৈছে । তাতে বানৰ পানীৰ ফলত মহৰ বংশবৃদ্ধি হোৱাৰ এক পৰিৱেশ গঢ়ি উঠিছে । যত দূৰ সম্ভৱ বান শিবিৰত থকা বানাক্ৰান্ত লোকসকলক আঠুৱা ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনাই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ বিষয়া ডাঃ বীৰেন দেউৰীয়ে ।
ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যিসকল লোকৰ দীঘলীয়া সময়ৰ পৰা জ্বৰ হৈ আছে তেওঁলোক চিকিৎসালয়ত তেজ পৰীক্ষা কৰি নিশ্চিত হ'বলৈও জনায় । অৱশ্যে, জাপানীজ এনকেফেলাইটিছৰ জ্বৰৰ পৰীক্ষা ব্যৱস্থা কলিয়াবৰত নাই । উল্লেখযোগ্য যে, বান আৰু বাঘৰ আতংকৰ মাজতে জাপানীজ এনকেফেলাইটিছৰ প্রাদুর্ভাৱে অধিক আতংকিত কৰি তুলিছে কলিয়াবৰবাসীক । ইতিমধ্যে এজনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছৰ লক্ষণ ।