গোলাঘাট, ২৭ ফেব্ৰুৱাৰী:গোলাঘাট নগৰৰ টায়াৰ ব্যৱসায়ীসকললৈ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা । দল-সংগঠনসমূহক ব্যৱসায়ীসকলে বিক্ৰী কৰিব নোৱাৰিব পুৰণি টায়াৰ । এই নিৰ্দেশনা ভংগ কৰা ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে ল'ব কঠোৰ ব্যৱস্থা । সমাগত লোকসভা নিৰ্বাচন । ইফালে চৰকাৰে সমগ্ৰ দেশতে কা' কাৰ্যকৰী কৰাৰো ঘোষণা কৰিছে । এনে পৰিস্থিতিত বিভিন্ন দল-সংগঠনে পুনৰ কা'ৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে সাজু হৈছে । এনে পৰিস্থিতিত যাতে কোনো দল-সংগঠনে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে আৰক্ষীয়ে এই নিৰ্দেশ জাৰি কৰিছে ।
আৰক্ষীৰ এনে নিৰ্দেশনাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । এগৰাকী সচেতন ব্যক্তি তথা টায়াৰ ব্যৱসায়ীয়ে এই সন্দৰ্ভত কয় যে চৰকাৰে কা আন্দোলন মষিমূৰ কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত দমন নীতি গ্ৰহণ কৰিছে । শেহতীয়াকৈ চৰকাৰে কা কাৰ্যকৰী কৰাৰ যো-জা কৰিছে যদিও অসমৰ ক্ষেত্ৰত এই আইনৰ কোনো প্ৰয়োজন নাই বুলি তেওঁ দাবী কৰিছে ।