তেজপুৰ : আজি মাঘ বিহুৰ উৰুকা । পুহ মাহৰ ২৮ তাৰিখ দিনটোত অসমীয়া লোকপৰম্পৰা ৰক্ষা কৰি সকলোৱে একেলগে ভোজ-ভাত খায় । বছৰৰ খেতি চপাই কৃষিজীৱী ৰাইজে সোণগুটি ভঁৰালত থৈ লগে-ভাগে চুবুৰীয়াৰ লগত স্ফূৰ্তিত এসাঁজ খোৱাৰ কৃষিজীৱী ৰাইজৰ অতীতৰ পৰম্পৰা ।
পুহ মাহৰ শেষৰ দিনটো অৰ্থাৎ ২৯ তাৰিখে দোমাহীৰ দিনা মাঘৰ সংক্ৰান্তি আৰু মাঘ বিহুৰ মেজি জ্বলাই মাঘ বিহু উদযাপন কৰা হয় । অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকে পৰম্পৰা ৰক্ষা কৰি এই মাঘ বিহু উদযাপন কৰি আহিছে ।
শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইতো এই মাঘ বিহুৰ উৰুকাৰ বাবে বিভিন্ন মেজি সাজি একেলগে এসাঁজ খাবলৈ ৰাইজে যোগাৰ কৰিছে মাছ, মাংস, হাঁহ, কুকুৰা ইত্যাদি । বহু ঠাইত উৰুকাৰ আগদিনা লগে-ভাগে এসাঁজ খোৱাৰ পৰম্পৰাও আছে । তেনেদৰে তেজপুৰ ঘৰপৰা চুবুৰীয়া ৰাইজে উৰুকাৰ দিনা দিনৰ ভাগতে এনেদৰে সম্প্ৰীতিৰ এসাঁজ একেলগে উপভোগ কৰে ।
মাছধৰা উৎসৱ
তেজপুৰৰ গেৰেকী বিলত সমূহীয়া মৎস্য চিকাৰ ৷ উৰুকাৰ আগদিনা প্ৰতিবছৰে ৰাইজে একেলগে মাছধৰা পৰম্পৰা অতীজৰে পৰা চলি আহিছে ৷ পুৰুষ-মহিলা, ডেকা-বুঢ়া সকলোৱে পুৱাতেই মাছ মাৰিবলৈ ওলাই আহে ৷ কোনোবাই পায় কোনোবাই নাপায়, তথাপিও শীতৰ ঠেঁটুৱৈলগা জাৰত ওলাই আহে মৎস্য চিকাৰৰ বাবে ৷
উৰুকাৰ দিনা সমূহীয়াকৈ মৎস্য চিকাৰক এক উৎসৱ হিচাপে পালন কৰা হয় । আমাৰ সমাজত পূৰ্বে চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা দিনৰে পৰা আজিৰ এই কৃষিযুগলৈ উত্তৰণ ঘটিল যদিও সমূহীয়াভাৱে চিকাৰ কৰাৰ প্ৰথা একেবাৰে হেৰাই যোৱা নাই । সমূহীয়া চিকাৰৰ ঠাইত আধুনিক যুগ বা মধ্যযুগৰ শেষৰ ফালে মৎস্য চিকাৰ কৰাৰ পৰম্পৰা হ'ল । মাঘ বিহুৰ উৰুকাৰ দিনা স্থানীয় বিল, নদী, পুখুৰী, জলাশয়সমূহত একোখন গাঁৱৰ ৰাইজে সমূহীয়াকৈ মাছধৰাৰ প্ৰচলিত পৰম্পৰা আছে ।
অসমৰ বিভিন্ন জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোকে এই মাছধৰা উৎসৱত অংশগ্ৰহণ কৰে । এই পৰম্পৰা অনুসৰি বিল, নদী, পুখুৰী আদিত মাছ মাৰি ৰাইজে সেই মাছেৰে উৰুকাৰ ভোজ খায় । পূৰ্বতে উৰুকাত ভেলাঘৰ বা মেজি সাজি জ্বলোৱা কামটো গৰখীয়াসকলে কৰিছিল বুলি বহুতো গ্ৰন্থত উল্লেখ আছে । নৃতাত্ত্বিক দিশৰ পৰা চাবলৈ গ'লে ই চিকাৰ যুগৰ পৰা কৃষিযুগৰ আৰম্ভণিৰ সমাজখনক সূচায়, যেতিয়া মানুহে জীৱ-জন্তুক পোহপাল দিছিল আৰু শস্য চপাই আনন্দ কৰিছিল । তাৰ শেষত এই ভোগৰ উৎসৱ উদযাপন কৰিছিল ।
সেইদিশৰ পৰা মাঘ বিহুৰ উৰুকা একপ্ৰকাৰ হাজাৰ বছৰৰো অধিক প্ৰাচীন উৎসৱ । প্ৰচলিত দিশৰ পৰা মন কৰিলে বুজা যায়, খেতি চপোৱাৰ সময়ত বন্যপশুৰ উপদ্ৰৱ বৃদ্ধি পায় । বনৰীয়া হাতী আহি খেতিসমূহত অত্যাচাৰ কৰে আৰু পকাধান আৰু শস্য বিনষ্ট কৰে । যাৰ ফলত গৰখীয়া বা খেতিয়কে জুই জ্বলায় আৰু পানীহিলৈ ফুটাই ধাননি আৰু পথাৰসমূহ ৰক্ষা কৰে । পিছলৈ ইয়ে ৰূপান্তৰ হৈ উৰুকাৰ নাম পায় ।
উৰুকা নিশাৰ পৰম্পৰা
পুহ আৰু মাঘ মাহৰ সংক্ৰান্তি তথা দোমাহীৰ আগদিনা উৰুকা উদ্যাপন কৰা হয় । উৰুকাৰ ৰাতি চেমনীয়াই গাঁৱৰ মানুহৰ বাৰীৰ পৰা খৰি, শাক-পাচলি আদি চুৰি কৰি আনে । বাৰীৰ পৰা জেওৰা-জপনা, আলু-কবি আদি চুৰি কৰি লৈ যায় । এই প্ৰথাৰ বাবেই গৃহস্থয়ো সাধাৰণতে ওৰে ৰাতি ঘৰৰ বাৰী, চৌহদ আদিত চকু ৰাখে । সেইবাবে এই বিহুক চোৰ বিহু বুলিও কয় ।
বিহুৰ দিনা
পুহ মাহৰ ২৯ তাৰিখ অৰ্থাৎ এই পুহ আৰু মাঘৰ দোমাহীৰ দিনাক মকৰ সংক্ৰান্তি বুলি কোৱা হয় । এই দিনটো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে পৰিচিত । মকৰ সংক্ৰান্তি উৎসৱ হিন্দু দিনপঞ্জীত সূৰ্য দেৱতাক উৎসৰ্গি কৰা এটা উৎসৱ । অসমীয়া মাঘ মাহ আৰু ইংৰাজীৰ জানুৱাৰী মাহত প্ৰতিবছৰে যেতিয়া সূৰ্য মকৰ ৰাশিত সোমায় তেতিয়া ইয়াক পালন কৰা হয় । এইটো দিনত সূৰ্য মকৰ ৰাশিত অন্তৰ্ভুক্ত হয় আৰু শীতৰ চুটি দিনবোৰৰ পৰা দীঘলীয়া দিনবিলাকৰ আৰম্ভ হবলৈ ধৰে ।
ভাৰতবৰ্ষৰ পুৰণি উৎসৱবোৰৰ ভিতৰত মকৰ সংক্ৰান্তিও মাত্ৰ কেইটামান উৎসৱৰ ভিতৰত পৰে, যিটো সৌৰচক্ৰ অনুসাৰে পালন কৰা হয় । অন্য প্ৰায়বিলাক উৎসৱ চন্দ্ৰচক্ৰৰ অনুসৰিহে পালন কৰা হয় । মকৰ সংক্ৰান্তি সাধাৰণতে প্ৰতিবছৰে জানুৱাৰীৰ ১৪ বা ১৫ তাৰিখে পৰে ।
পৰম্পৰা অনুসৰি পুৱা মেজি জ্বলোৱাৰ পূৰ্বে গৃহস্থই বাৰীৰ তামোল-পাণ, ফল-মূলৰ গছত ধানখেৰৰ বান্ধ দিব লাগে আৰু মাটিৰ চপৰা বাৰীৰ চাৰিওফালে দলিয়াই দিব লাগে । সেই পৰম্পৰা গাঁও অঞ্চলত এতিয়াও চলি আহিছে । ইয়াৰ কাৰণ হৈছে জুইৰ তাপৰ পৰা গছজোপাক ৰক্ষা কৰা আৰু ইয়াৰ ফলত অধিক ফল উৎপাদন হয় বুলি বিশ্বাস কৰা হয় ।