ETV Bharat / state

মাছৰ সোমবাৰ ! কেৱল মাছ আৰু মাছ... ক'ত ওলাল কিমান ওজনৰ ? - URUKA FISH MARKET ASSAM

মাছে-মঙহে এসাঁজ উদৰ পূৰাই খোৱাৰ পৰম্পৰা ভোগালীৰ উৰুকাত । তাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত উভৈনদী হৈ পৰিছে বিভিন্ন ওজনৰ বিধে বিধে মাছ ।

Uruka fish market Assam
উৰুকাৰ বজাৰত উভৈনদী মাছ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2025, 5:08 PM IST

বাক্সা জিলাৰ বৰমাত শিলঘৰীয়া মাছ চাবলৈ বজাৰত ভিৰ

বাক্সা : উৰুকাৰ নিশা পৰিয়ালৰ সৈতে তৃপ্তিৰে এসাঁজ খাবলৈ সকলোৱে গোটাইছে বজাৰৰ পৰা মাছ । সোমবাৰে পুৱাৰে পৰা বৰমা বজাৰত মাছ কিনিবলৈ গ্ৰাহকৰ ভিৰ । শিলঘৰীয়া, ৰৌ, চিতল, বৰালি, আৰিকে ধৰি বিভিন্ন ধৰণৰ মাছেৰে বজাৰ ভৰি পৰিছে ।

বৰমাৰ বজাৰত ওলাইছে প্ৰায় ২০ কিলো ওজনৰ শিলঘৰীয়া মাছ ৷ এই মাছ চাবলৈ বৰমা বজাৰত গ্ৰাহকৰ ভিৰ । আনহাতে, উৰুকাৰ দিনটোতেই দৈ, গাখীৰ, ক্ৰিম, বিভিন্ন মিঠাই আদিও বজাৰত উভৈনদী হৈ পৰিছে ৷

উৰুকাৰ বজাৰত উভৈনদী মাছ (ETV Bharat Assam)

মাজুলী, সোণাই চাপৰিৰ মাছেৰে ভৰিছে ধেমাজিত উৰুকাৰ মাছৰ বজাৰ

ধেমাজি : আজি ভোগৰ উৎসৱ মাঘ বিহুৰ উৰুকা । উৰুকাৰ নিশা সকলোৱে মাছ-মঙহেৰে এসাঁজ তৃপ্তিৰে খোৱাৰ বাবে পুৱাৰে পৰা বিভিন্নজনে নিজৰ নিজৰ পছন্দৰ মাছ বা অন্যান্য খাদ্য-সামগ্ৰী বিচাৰি ঢাপলি মেলিছে বিভিন্ন হাট-বজাৰলৈ ৷

ধেমাজি নগৰ নলনিপাম দৈনিক বজাৰত উভৈনদী হৈ পৰিছে মাজুলী, সোণাই চাপৰি আৰু ঢকুৱাখনাৰ পৰা অহা মাছেৰে ৷ ২ কিলোৰ পৰা ১৫ কিলোলৈকে ডাঙৰ মাছ ওলাইছে এই বজাৰত ।

লক্ষণীয় যে ধেমাজিত পুৱা কিছু পলমকৈহে বজাৰত মাছৰ ক্ৰেতা আৰু বিক্ৰেতা আহি ভিৰ কৰা দেখা যায় ৷ এগৰাকী মৎস্য ব্যৱসায়ীয়ে কয়, “এইবাৰ ধেমাজিৰ মাছ বজাৰত উপলব্ধ হৈছে মাজুলী, সোণাই চাপৰি আৰু ঢকুৱাখনাৰ লাইপুলীয়া নদীৰ পৰা অহা মাছ ৷ ২ কেজিৰ পৰা ১৫ কেজিলৈকে ওজন আছে মাছৰ ।"

২০-২৫ কেজিৰ ভকুৱা, বিগ হেড মাছেৰে উভৈনদী নলবাৰীৰ উৰুকা বজাৰ

নলবাৰী : হেঁপাহৰ উৰুকাটি লগে-ভাগে এসাঁজ খোৱাৰ বাবে পুৱতিনিশাৰে পৰা মাছ বজাৰসমূহ ভিন্ন প্ৰকাৰৰ মাছেৰে উভৈনদী হৈ পৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো প্ৰতিটো চ'ক, হাট-বজাৰত মাছ আৰু কেৱল মাছ । ২০-২৫ কেজি ওজনৰ ৰৌ, ভকুৱা, চিতল, আৰি, বিগ হেড, গ্ৰাছ কাপ আদি ভিন্ন প্ৰকাৰৰ মাছেৰে ভৰি পৰিছে নলবাৰীৰ গোপাল বজাৰ ।

সকলোৱে উৰুকাৰ দিনটোত এসাঁজ লগে-ভাগে খোৱাৰ প্ৰয়াসেৰে মাছৰ বজাৰত ভিৰ দেখা গৈছে । সকলোৱে নিজৰ নিজৰ পছন্দৰ মাছটো ক্ৰয় কৰাৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে এইখন বজাৰত ।

উল্লেখ্য যে নলবাৰী চহৰৰ প্ৰতিটো স্তৰৰ লোকে সহজে ঢুকি পোৱাকৈ এইখন বজাৰলৈ ঢাপলি মেলিছে । ৰৌ, ভকুৱা, চিতল, আৰি, বৰালি আদিকে ধৰি ভিন্ন তৰহৰ মাছেৰে উভৈনদী হৈ পৰিছে নলবাৰীৰ প্ৰতিখন মাছৰ বজাৰ । অৱশ্যে পূৰ্বৰ তুলনাত গ্ৰাহকসকলে এইবাৰ মাছৰ দাম কিছু বৃদ্ধি হোৱাৰ শংকা কৰিছে ।

উল্লেখ্য যে এই বজাৰখনত সম্পূৰ্ণ থলুৱা মাছেৰে ভৰি পৰিছে । নলবাৰীৰ পাৰ্শ্বৱৰ্তী ভিন্ন অঞ্চলৰ পুখুৰী, বিল আদিৰ পৰা এইখন বজাৰলৈ বিক্ৰেতাসকলে মাছবোৰ বিক্ৰী কৰিবলৈ আনিছে ।

লগতে পঢ়ক :৪৬ হাজাৰ টকাৰ এটা চিতল মাছ - BHOGALI BIHU 2025
লগতে পঢ়ক :তেজপুৰত আবাল-বৃদ্ধ-বণিতাৰ লগে-ভাগে উৰুকাৰ এসাঁজ: ৪৫ কেজি ওজনৰ বাহু বিশেষ আকৰ্ষণ - MAGH BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.