অসম

assam

ETV Bharat / state

ধনসিঞ্চন নে জলসিঞ্চন ! ভালুকৰ সাঙীলৈ পৰিণত ধেমাজিত জলসিঞ্চন আঁচনি - CORRUPTION IN IRRIGATION SCHEME

ভূত বাংলালৈ পৰ্যৱেশিত জলসিঞ্চন আঁচনি । ডেৰকুৰি বছৰে নোলাল এটুপিও পানী । ক্ষোভিত কৃষক ।

For over a decade irrigation scheme remains non starter in Dhemaji
ভালুকৰ সাঙীলৈ পৰিণত ধেমাজিত জলসিঞ্চন আঁচনি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 1:54 PM IST

ধেমাজি :সম্প্ৰতি ভূত বাংলালৈ পৰ্যবেশিত হৈছে ৰাজ্য চৰকাৰৰ বিয়াগোম জনসিঞ্চন বিভাগৰ এখন অভিলাষী আঁচনি । কৃষকক পথাৰত পানী যোগান ধৰাৰ উদ্দেশ্যে স্থাপন কৰা বিভাগটোৰ ব্যয়বহুল এই আঁচনিসমূহ প্ৰায় বিকল হৈ পৰিত্যক্ত অৱস্থালৈ পৰিণত হৈছে । ধেমাজি জলসিঞ্চন সংমণ্ডলৰ অধীনৰ মাছখোৱাস্থিত লাগাছুং গাঁৱত অৱস্থিত জলসিঞ্চন আঁচনিখন ভূতবাংলালৈ পৰিণত হৈছে ।

স্থানীয় ৰাইজৰ মতে বৃহত্তৰ মাছখোৱাৰ কৃষকৰ পথাৰত পানী যোগান ধৰাৰ বাবে বিভাগটোৱে আচঁনিখন স্থাপন কৰিছিল যদিও দুই এবাৰ পানী দিয়াৰ পিছতেই বিকল হৈ পৰিল আচঁনিখন । ফলত এতিয়া আঁচনিখনৰ নলাসমূহ মামৰে ধৰি উৱলি যোৱা লগতে হাবি বননিয়ে আগুৰি ধৰি নষ্ট হোৱাৰ উপক্ৰম হৈছে ।

ভালুকৰ সাঙীলৈ পৰিণত ধেমাজিত জলসিঞ্চন আঁচনি (ETV Bharat Assam)

এই সন্দৰ্ভত স্থানীয় এগৰাকী কৃষকে কয়, "আঁচনিখন মুকলি হোৱাৰ পিচত দুবছৰ মান পানী দিছিল আৰু ইয়াৰ পিছতে পানী দিয়া বন্ধ হৈ পৰিল । পানীয়ে যদি নোলায়, ব্যৱহাৰ নহয় তেন্তে আঁচনি থাকি কি লাভ ? বৰ্তমান 30/35 বছৰ ধৰি পানী নিদিয়াকৈ আছে । সময়মতে চৰকাৰী দৰমহা ল'বলৈ নাপাহৰা কৰ্মচাৰীসকলে বছৰত এবাৰ আহি চাফাই কৰি যায় ।"

উল্লেখ্য যে, চৰকাৰে কৃষকৰ বাবে উৰ্চগা কৰা পানী যোগান আঁচনিৰ নামত কেৱল বিভাগীয় ঠিকাদাৰসকল লাভান্বিত হৈছে বুলি অভিযোগ উত্থাপন হৈছে । বিভাগটোৰ অভিন্তা, বিষয়া-কৰ্মচাৰীয়ে মাহেকত দৰমহা লৈ মহা সুখত জীৱন অতিবাহিত কৰি অহাৰ বিপৰীতে কৃষকে হা-হুমুনিয়া কাঢ়ি পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰে কৃষকে ।

ইপিনে এক গোপন খবৰ অনুসৰি ধেমাজি সদৰস্থিত জলসিঞ্চন সলমণ্ডলৰ অধীনৰ বিভাগৰ কৰ্মচাৰীসকলে সৰহ সংখ্যকে কাম-বন নথকা বাবে কাৰ্যালয়ত বহি ম'বাইল গেম খেলিয়েই দিনটো সময় কটাই অহাৰ অভিযোগ উত্থাপন হৈছে ।

বিপৰীতে চৰকাৰে ৰাইজৰ কৰ-কাটল উঠাই মাহেকত দৰমহা দি আহিছে নিস্কৰ্মা এগাল এগাল কৰ্মচাৰীক । এইক্ষেত্ৰত সততে নিকা, স্বচ্ছ আৰু কৰ্ম-সংস্কৃতিৰ কথা কোৱা চৰকাৰখনে এই বিকল পানী যোগান আঁচনিসমূহ কাৰ্যকৰী কৰাৰ সম্ভাৱনাক লৈ প্ৰশ্ন উত্থাপন হৈছে লগতে কৰ্তব্যত ফাঁকি দি অহা কৰ্মচাৰীক নাকী লগাবলৈ সক্ষম হ’ব নে, ইয়ো এক ৰাইজৰ সন্মুখত জটিল প্ৰশ্ন হিচাপে দেখা দিছে ।

লগতে পঢ়ক:এ পি এছ চি কেলেংকাৰীৰ ১৪ অভিযুক্তলৈ জামিন

ভৰলুমুখত ৭৪ জোপা গছ কটাৰ বিৰুদ্ধে সৰৱ ৰাইজ, গছ নকটাকৈ উৰণ সেতু নিৰ্মাণৰ প্ৰস্তাৱ বিশেষজ্ঞৰ

ABOUT THE AUTHOR

...view details