অসম

assam

ETV Bharat / state

জালত পৰিল ভুৱা আই পি এছ শ্বাহজান - FAKE IPS OFFICER ARRESTED

ভুৱা আই পি এছ বিষয়াৰ দপদপনি । অৱসৰপ্ৰাপ্ত শিক্ষকক ধনদাবীৰ অভিযোগ । জালত পৰিল আই পি এছ হিচাপে পৰিচয় দিয়া শ্বাহজান ।

Fake IPS officer detained in Karimganj
জালত পৰিল ভুৱা আই পি এছ শ্বাহজান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 6, 2024, 6:26 PM IST

কৰিমগঞ্জ:কৰিমগঞ্জত আটক এগৰাকী ভুৱা আই পি এছ বিষয়া । আটক হোৱা এই ভুৱা আই পি এছ বিষয়াজনৰ নাম হৈছে জাবিৰ হুছেইন । ক্ৰাইম ব্ৰাঞ্চৰ শীৰ্ষ বিষয়া শ্বাহজান লস্কৰ হিচাপে পৰিচয় প্ৰদান কৰি সামাজিক মাধ্যমৰ যোগেদি বহু লোকৰ লগতে বন্ধুত্ব স্থাপন কৰিছিল তেওঁ । আনকি সামাজিক মাধ্যমৰ যোগেদি তেওঁ আৰক্ষীৰ ইউনিফৰ্ম পৰিধান কৰি বহু লোকক প্ৰেৰণ কৰিছিল ফটো ।

এনেদৰে কৰিমগঞ্জৰ কালীগঞ্জ অঞ্চলৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আতিক আহমেদ চৌধুৰীৰ লগত সামাজিক মাধ্যমৰ যোগেদি বন্ধুত্ব স্থাপন হৈছিল তেওঁৰ । পিচত শিক্ষকগৰাকীৰ লগতে তেওঁৰ সম্পৰ্ক অধিক গাঢ় হোৱাৰ পিচত শ্বাহজান লস্কৰ ওৰফে জাবিৰ হুছেইন তেওঁৰ ঘৰলৈ অহা-যোৱা আৰম্ভ কৰে । এনেদৰে এদিন সুনিতা পাল নামৰ এগৰাকী যুৱতীক লগত লৈ তেওঁ অৱসৰপ্ৰাপ্ত শিক্ষকৰগৰাকী ঘৰলৈ গৈ চিনাকী কৰাই দিয়ে ।

জালত পৰিল ভুৱা আই পি এছ শ্বাহজান (ETV Bharat Assam)

ইয়াৰ কিছুদিন পিচত শ্বাহজান লস্কৰ ওৰফে জাবিৰ হুছেইনে ফোনযোগে অৱসৰপ্ৰাপ্ত শিক্ষকক জনায় যে সুনিতা পাল নামৰ যুৱতীগৰাকীয়ে আত্মহত্যা কৰিছে আৰু আত্মহত্যাৰ বাবে ছুইচাইড নোটত শিক্ষকগৰাকী দায়ী বুলি উল্লেখ কৰি থৈ গৈছে । লগতে কিছুমান ভুৱা অশ্লীল ভিডিঅ' প্ৰেৰণ কৰে শিক্ষকগৰাকী লৈ । এই ঘটনাৰ পৰা বাচিবলৈ হ'লে দহ লাখ টকা দিব লাগিব বুলি শিক্ষকগৰাকীক ধন দাবী কৰাৰো অভিযোগ উত্থাপন হৈছে ।

পিছে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে ভয়তে পাঁচ লাখ টকা প্ৰদান কৰে । এই ঘটনাৰ পিচত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে সন্দেহ ওপজাত কৰিমগঞ্জ সদৰ থানাত এখন গোচৰ তৰে । কৰিমগঞ্জ আৰক্ষীয়ে তদন্ত কৰি কাছাৰৰ কাটিগড়া পৰা আটক কৰিবলৈ সক্ষম হয় ভুৱা আই পি এছ শ্বাহজানক ।

লগতে পঢ়ক:তিনিবাৰ পৰীক্ষা দিও উত্তীৰ্ণ হোৱা নাছিল দশম শ্ৰেণী; তথাপিও অঞ্জুৱে পিন্ধিলে আৰক্ষীৰ পোছাক...কেনেকৈ হ’ল এয়া ?

ABOUT THE AUTHOR

...view details