গুৱাহাটী, ৬ মাৰ্চ : চি আই ডি কাৰ্যালয়ত প্ৰায় ৩ ঘণ্টাৰ সোধা-পোছাৰ অন্তত যাবলৈ দিয়া হ’ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক । খানাপাৰাত কি কাৰণে ১৪৪ ধাৰা অৱমাননা কৰা হৈছিল, ইচ্ছা প্ৰণোদিতভাৱে কংগ্ৰেছে বেৰিকেড ভাঙিছিল নেকি আদি প্ৰশ্নৰ সন্মুখীন হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ জেৰাৰ অন্তত সাংবাদিকৰে হোৱা মন বিনিময়ৰ সময়ত দেৱব্ৰত শইকীয়াই কয়, ‘মোৰ ক’বলগীয়া কথাখিনি ক’লো । মোৰ ওপৰত দিয়া গোচৰ মোৰ ওপৰত নাখাটে । যি ধৰণৰ ব্যৱস্থা ল’ব লাগিছিল নল’লে বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি মোৰ সন্দেহ হয় । আমাক হাৰাশাস্তি কৰিবলৈ কেছ দিয়াৰ ষড়যন্ত্ৰ কৰিলে নেকি তাক লৈয়ো প্ৰশ্ন কৰিছো ।’
উল্লেখ্য যে, বিগত ২৩ জানুৱাৰীত ৰাহুল গান্ধীৰ নেতৃত্বত গুৱাহাটীৰ খানাপাৰাত ভাৰত জোড়ো ন্যায় যাত্ৰা হৈছিল । মহানগৰ আৰক্ষীয়ে খানাপাৰাত বেৰিকেড স্থাপন কৰি ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা প্ৰদান কৰাৰ চেষ্টা কৰে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত যোৱা কংগ্ৰেছ নেতা-কর্মীয়ে বেৰিকেড ভাঙি যাত্ৰা আগবঢ়াই নিছিল । ইয়াকে লৈ আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি হয় । আৰক্ষীয়ে লাঠীচালনা কৰাত ভূপেন বৰা, জাকিৰ হুছেইন শিকদাৰসহ কেইবাজনো নেতা-কর্মী আহত হয় ।