অসম

assam

বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি আই ডিক - CM Himanta Biswa Sarma

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 10:17 PM IST

CM Himanta Biswa Sarma: বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত কৰিব চি আই ডিয়ে ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে শনিবাৰে ঘোষণা কৰে এই কথা ৷ চি আই ডিয়ে ১৫ দিনৰ ভিতৰত তদন্তৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ গঠন কৰা হ’ল এছ আই টিও ৷

ONLINE TRADING SCAM
বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্তৰ ভাৰ চি আই ডিক (ETV Bharat Assam)

গুৱাহাটী, ৭ ছেপ্টেম্বৰ:চুমী-বিশালৰ জালিয়াতিৰ তদন্ত কৰিব চি আই ডিয়ে ৷ ১৫ দিনৰ ভিতৰত চি আই ডিয়ে দাখিল কৰিব লাগিব প্ৰতিবেদন ৷ একে সময়তে এই জালিয়তিৰ তদন্তৰ বাবে গঠন কৰা হ’ল এছ আই টিও ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি অৰ্থাৎ শনিবাৰে সন্ধিয়া টুইটযোগে ঘোষণা কৰে এই কথা ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

উল্লেখ্য যে, বিশাল-চুমীৰ অনলাইন ট্ৰেডিং কেলেংকাৰীয়ে সমগ্ৰ অসম জোকাৰি আছে । তেনে‌ সময়তে শনিবাৰে বিয়লি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত এক সংবাদমেল সম্বোধন কৰি এই কেলেংকাৰীৰ তদন্ত কৰাৰ বাবে চি আই ডিক দায়িত্ব দিয়াৰ কথা ঘোষণা কৰে । সংবাদিকক সম্বোধন কৰি শৰ্মাই কয়, "অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত আৰক্ষীয়ে কৰি আছে । ডাঙৰ কেছবোৰ চি আই ডিক দিয়া হৈছে । আয়কৰ বিভাগ আৰু ই ডিৰ সহযোগত আৰক্ষীয়ে তদন্ত কৰি আছে । প্ৰয়োজন হ’লে চি বি আইক অৰ্পণ কৰা হ’ব তদন্তৰ দায়িত্ব ।"

ইফালে পলাতক চুমী বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "পলাই আছে হাতত ১০ লাখ টকা লৈ, হোটেলৰ বিল দিবলৈ টকা নোহোৱা হ'লেই আহি আত্মসমৰ্পণ কৰিব । "

মুখ্যমন্ত্ৰীয়ে লগতে এই ঘটনাৰ তদন্তৰ বাবে অসম আৰক্ষীয়ে এছ আই টি গঠন‌ কৰাৰ কথা জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰীৰ এই সংবাদমেলৰ পাছতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে X ত ধাৰাবাহিকভাৱে পোষ্ট কৰি কয়, "ডিব্ৰুগড় আৰক্ষী থানাত এটা বৃহৎ কেলেংকাৰীৰ এজন প্ৰধান অভিযুক্তৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগলৈ (চি আই ডি) হস্তান্তৰ কৰা হৈছে ৷ গোচৰটোৰ তদন্তৰ বাবে চি আই ডিক বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷"

সিঙে আন এটা পোষ্টত কয় যে অনিয়ন্ত্ৰিত জমা আঁচনি আইনৰ সৈতে জড়িত গোচৰসমূহৰ সঠিক তদন্তৰ বাবে ১৪টা এছ আই টি গঠন কৰা হৈছে যিয়ে @AssamCid Hq ADGP & IGP CID ত Supervision & Monitoring groupক প্ৰতিবেদন দিব ।

লগতে তেওঁ কয় যে অসম আৰক্ষীয়ে অনিয়ন্ত্ৰিত জমা আঁচনিৰ বিৰুদ্ধে ১৪ খন জিলাত গ্ৰহণ কৰা কাৰ্যৰ ফলত ৫৯ জনক গ্ৰেপ্তাৰ কৰি ২৮ টা গোচৰ পঞ্জীয়ন কৰা হৈছে । জাননীৰ পিছতো যিসকলে তদন্তত সহযোগ কৰা নাই তেওঁলোকৰ বাবে ২২খন লুক আউট চাৰ্কুলাৰ (LOC) জাৰি কৰা হৈছে । এই গোচৰসমূহ নিষিদ্ধকৰণ অনিয়ন্ত্ৰিত জমা আঁচনি আইন ২০১৯ আৰু ভাৰতীয় ন্যায় সংহিতাৰ উপযুক্ত ধাৰাত পঞ্জীয়ন কৰা হৈছে ।

লগতে পঢ়ক:জাননী পোৱাৰ পিছতো নাহিলে চুমী বৰাৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব: ডি জি পি - DGP Assam GP Singh

ABOUT THE AUTHOR

...view details