অসম

assam

ETV Bharat / state

জল্পনা-কল্পনাৰ অৱসান; সাংসদৰ পত্নীকে দিয়া হ'ল উপ-নিৰ্বাচনৰ টিকট

Bongaigaon Assembly seat: বঙাইগাঁও বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে অগপই আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব দিলে সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক ।

By ETV Bharat Assamese Team

Published : 7 hours ago

Bongaigaon Assembly seat
জল্পনা-কল্পনাৰ অৱসান; সাংসদৰ পত্নীকে দিয়া হ'ল উপ-নিৰ্বাচনৰ টিকট (ETV Bharat)

বঙাইগাঁও :সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰী হ'ব বঙাইগাঁৱৰ বিজেপি মিত্ৰজোঁটৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ৷ সকলো বিতৰ্ক আওকাণ কৰি বঙাইগাঁৱত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অসম গণ পৰিষদে আনুষ্ঠানিকভাৱে প্ৰাৰ্থিত্ব দিলে সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক । বিতৰ্কৰ মাজতেই অগপৰ নেতৃত্বই ঘোষণা কৰিলে এই কথা ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক কমলা কলিতাই জনাই, "অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাদেৱে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে নিম্নলিখিত সদস্যগৰাকীক দলীয় প্রার্থী হিচাপে মনোনীত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে ।"

লগতে পঢ়ক :চাৰিটা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা কংগ্ৰেছৰ; বিহালীত নিমিলা অংক

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত

এতিয়া সকলো বিতৰ্কৰ পিছত ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব অগপৰ দিপ্তীময়ী চৌধুৰী ৷ ইয়াৰ লগে লগে বঙাইগাঁৱৰ উপ-নিৰ্বাচনৰ মূল যুদ্ধখন কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহ আৰু অগপৰ দিপ্তীময়ী চৌধুৰীৰ মাজতেই যে আৱদ্ধ থাকিব সেয়া নিশ্চিত হৈ পৰিল ৷

১৩ নৱেম্বৰত হ'বলগীযা অসমৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে নিজে প্ৰাৰ্থিত্ব আগবঢ়াবলগীয়া ৩ সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতো মিত্ৰদল অগপই দলীয় সংকটৰ কাৰণে বঙাইগাঁৱত প্ৰাৰ্থিত্ব ঘোষণা কৰিব পৰা নাছিল । ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীক সমষ্টিটোৰ প্ৰাৰ্থিত্ব দিয়াটো প্ৰায় স্পষ্ট হোৱাৰ পাছত বঙাইগাঁও সমষ্টিত অগপত সংঘাত আৰম্ভ হয় ।

আনকি প্ৰাৰ্থী ঘোষণাৰ পূৰ্বেই বঙাইগাঁও জিলা অগপৰ সভাপতি-সম্পাদকে দলত্যাগ কৰে ৷ সভাপতি বিজয় সিংহ আৰু সম্পাদক শৈৰেন্দ্ৰ সৰকাৰৰ দলত্যাগৰ পিছতেই সংকটত পৰে অগপ নেতৃত্ব । এতিয়া লক্ষণীয় হ'ব যে ফণীভূষণ চৌধুৰীয়ে বিগত চাৰিটা দশক নিজৰ দখলত ৰখা বঙাইগাঁও সমষ্টিটোত পত্নী দিপ্তীময়ী চৌধুৰীক কিদৰে দলীয় সংকট আঁতৰাই জয়ী কৰাই অগপৰ পতাকাৰ বিজয় যাত্ৰা এইবাৰো অক্ষুণ্ণ ৰাখে ।

লগতে পঢ়ক :বঙাইগাঁৱত অগপৰ ভেঁটি শক্তিশালী, দুজন ওলাই গ'লেও দলৰ ক্ষতি নহয় : পোনাকণ বৰুৱা

লগতে পঢ়ক :ফণীভূষণ চৌধুৰীৰ সমষ্টিৰ মোহে বঙাইগাঁৱত ঘটালে অঘটন !

ABOUT THE AUTHOR

...view details