ডিব্ৰুগড় :এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে ডিব্ৰুগড়ৰ লাহোৱাল । অসম আৰক্ষীয়ে নাৰীজনিত অপৰাধৰ ঘটনা ৰোধ কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তে বৃহস্পতিবাৰে পোহৰলৈ আহে লাহোৱালত সংঘটিত হোৱা এক ভয়ংকৰ ঘটনা । শ শ লোকে এগৰাকী যুৱতীৰ মৃত্যুৰ তদন্ত বিচাৰি লাহোৱাল থানা ঘেৰাও কৰাৰ পাছতে এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে ।
ঘটনা সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "৯ জানুৱাৰীৰ পৰা পাঁচদিন ধৰি সন্ধানহীন হৈ আছিল বকুল মাজগাঁও চাপৰি লাইনৰ এগৰাকী ২২ বছৰীয়া যুৱতী । কিন্তু ৯ জানুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা যুৱতীগৰাকীক মৃত অৱস্থাত ১৩ জানুৱাৰীত উদ্ধাৰ কৰা হয় । স্থানীয় ৰাইজে চেঁচা নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ ।"
ইফালে ১৩ জানুৱাৰীত স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰা পাছতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । পৰিয়ালৰ মতে, মৃতদেহত আঘাতৰ চিন স্পষ্টকৈ থকাৰ লগতে উলংগ অৱস্থাত আছিল । ৯ জানুৱাৰীৰ পুৱা যুৱতীগৰাকীৰ প্ৰেমিক লাহোৱাল টিমনাৰ বৰুণ মূড়াই ফোন কৰি ঘৰৰ পৰা মাতি আনিছিল যুৱতীগৰাকীক । ইয়াৰ পাছৰে পৰা যুৱতীগৰাকী সন্ধানহীন হৈ আছিল ।
কিন্তু পৰিয়ালে ৯ জানুৱাৰীত যুৱতীগৰাকী সন্ধানহীন হোৱাৰ অভিযোগ কৰি লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল । যুৱকজনৰ বিৰুদ্ধে পৰিয়ালে আৰক্ষীৰ ওচৰত গুৰুতৰ অভিযোগ দিয়াৰ পাছতো আৰক্ষীয়ে কোনোধৰণৰ তদন্ত নকৰাৰ অভিযোগ উঠে । ফলত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতো যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বৃহস্পতিবাৰে শতাধিক লোকে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
আনহাতে, যুৱতীগৰাকীৰ প্ৰেমিকে ধৰ্ষণ কৰাৰ পিছত হত্যা কৰি উলংগ অৱস্থাত চেঁচা নৈত পেলাই দিয়াৰ অভিযোগ কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে । সেয়ে ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই প্ৰতিবাদকাৰী ৰাইজে ।