অসম

assam

ETV Bharat / state

সোণাৰি থানাত দুলাল বৰাক জেৰা; আজি হাজিৰ কৰোৱা হ'ব চৰাইদেউ ন্যায়িক আদালতত - Sonari BJP Leader Suicide Case - SONARI BJP LEADER SUICIDE CASE

Dulal Bora arrested: সোণাৰি আৰক্ষী থানালৈ গ্ৰেপ্তাৰ কৰি অনা হ'ল বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাক । সোণাৰিৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল দুলাল বৰাৰ । শুকুৰবাৰে চৰাইদেউ ন্যায়িক আদালতত হাজিৰ কৰোৱা হ'ব দুলাল বৰাক ৷

Dulal Bora Brings to Sonari PS
সোণাৰি আৰক্ষী থানাত দুলাল বৰাৰ জেৰা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 11:11 AM IST

মৰাণ, ২৭ ছেপ্টেম্বৰ : চৰাইদেউৰ বিজেপি নেতা তথা ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাক লৈ এতিয়াও প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ তাৰ মাজতেই ঘটনাৰ মূল অভিযুক্ত হিচাপে বিবেচিত হোৱা বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰাক দিল্লীত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় । বুধবাৰে পুৱাতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুলাল বৰাক । বৃহস্পতিবাৰে নিশা দিল্লীৰ পৰা ট্ৰেনজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হয় দুলাল বৰাক । গুৱাহাটীৰ পৰা পোনে পোনে চৰাইদেউৰ সোণাৰি আৰক্ষী থানালৈ অনা হ'ল বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাক ।

শুকুৰবাৰে পুৱাতে চৰাইদেউ আৰক্ষীৰ এক বৃহৎ দলে দুলাল বৰাক সোণাৰিলৈ আনে । চৰাইদেউৰ সোণাৰি আৰক্ষী থানাত জেৰা চলোৱাৰ লগতে চৰাইদেউ ন্যায়িক আদালতত হাজিৰ কৰোৱা হ'ব দুলাল বৰাক ।

সোণাৰি আৰক্ষী থানাত দুলাল বৰাৰ জেৰা (ETV Bharat Assam)

উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত বিজেপি নেতাগৰাকীয়ে আত্মহত্যা কৰাৰ দিনাৰে পৰা পলাতক হৈ আছিল বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰা আৰু সোণাৰিৰ সাংবাদিক ৰফিক আহমেদ । ইতিমধ্যে সোণাৰি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ দিনাই আন দুজনক গ্ৰেপ্তাৰ কৰিছিল ।

সোণাৰি আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক গ্ৰেপ্তাৰ কৰি তিনিদিন নিজৰ জিম্মাত লৈ জেৰা চলোৱাৰ অন্তত ইতিমধ্যে জে'ললৈ প্ৰেৰণ কৰিছে । আনহাতে, বিজেপি নেতাগৰাকীৰ আত্মহত্যাত নাম সাঙোৰ খোৱা এটা আগশাৰীৰ টেলিভিছন চেনেলৰ সোণাৰিৰ সাংবাদিক ৰফিক আহমেদে ঘটনাৰ দিনাৰে পৰা আত্মগোপন কৰি দুটা দিনৰ পূৰ্বে অন্তৱৰ্তীকালী জামিন লাভ কৰিবলৈ সক্ষম হয় ।

চৰাইদেউ জিলা বিজেপিৰ জ‌্যেষ্ঠ নেতা তথা পঞ্চায়ত সভাপতিগৰাকীৰ গাড়ীৰ ভিতৰত উদ্ধাৰ হোৱা ছুইচাইড নোটত উল্লেখ কৰি গৈছিল আত্মহত্যাৰ কাৰণ । "বাৰে বাৰে বাতৰি পৰিবেশন কৰি মানসিক হাৰাশাস্তি চলাই আহিছিল মোক। সঠিক ন্যায় বিচাৰি এই সিদ্ধান্ত ল'লো" । এইকথা ছুইচাইড নোটত উল্লেখ কৰি উক্ত চাৰিজনৰ নাম উল্লেখ কৰি গৈছিল দেৱজিৎ হাজৰিকাই ।

কিন্তু সাংবাদিক ৰফিক আহমেদে অন্তৱৰ্তীকালীন জামিন লাভ কৰাত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া । আনহাতে, দুলাল বৰাক গ্ৰেপ্তাৰ কৰা পাচত চৰাইদেউৰ সোণাৰিত আৰক্ষীয়ে তদন্ত কেনেদৰে আগবঢ়াই সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :বিপদত নিউজ পৰ্টেলৰ স্বত্বাধিকাৰী দুলাল বৰা ! সোমবাৰে হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত - RTI activist Dulal Bora
লগতে পঢ়ক :জালত পৰিল দুলাল বৰা, সন্তুষ্টি প্ৰকাশ দেৱজিৎ হাজৰিকাৰ পত্নীৰ - RTI activist Dulal Borah

ABOUT THE AUTHOR

...view details