অসম

assam

ETV Bharat / state

অসমীয়াৰ প্ৰতি চৰম অন্যায় ! বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ আহ্বান নাগৰিক সমাজৰ - CAA Implementation

CAA Implementation: আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট দি দলটোক ক্ষমতাচ্যুত কৰাৰ আহ্বান । ‘কা’ বিৰোধী দল-সংগঠন আৰু ব্যক্তিয়ে সেই পণ লোৱা উচিত বুলি কয় অজিত কুমাৰ ভূঞাই ৷

CAA Implementation
নাগৰিকত্ব সংশোধনী আইন

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 5:04 PM IST

নিউজ ডেস্ক, ১২ মাৰ্চ:বহু প্ৰতিবাদৰ প্ৰতি আওকাণ কৰি সোমবাৰে কেন্দ্ৰীয় চৰকাৰে বলৱৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন ৷ ‘কা’ৰ বিধি প্ৰকাশৰ পিচতে অসমত পুনৰ ‘তীব্ৰ আন্দোলন’ৰ এক পৰিৱেশ সৃষ্টিৰ সম্ভাৱনা দেখা গৈছে ৷ জাতীয়তাবাদী দল-সংগঠনসমূহৰ লগতে বিৰোধী দলেও চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে ৷

এই সন্দৰ্ভত আন বহুতৰে দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ তথা অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞাই ৷ তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা সিদ্ধান্তক অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে গৰিহণা দিছে ৷

ইয়াৰ বিৰুদ্ধে সকলো গণতান্ত্ৰিক, অহিংস আৰু শান্তিপূৰ্ণ আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে । ‘কা’ সংবিধান বিৰোধী, অসম চুক্তি বিৰোধী আৰু ই অসমৰ জাতীয় পৰিচয়ৰ প্ৰতি এক গুৰুতৰ ভাবুকি বুলি অজিত কুমাৰ ভূঞাই উল্লেখ কৰে । তেওঁ কয় যে অসমীয়াৰ স্বকীয়তা ৰক্ষাৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ পৰামৰ্শাৱলীক চৰকাৰে আজিকোপতি কাৰ্যকৰী নকৰিলে । তাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিলে ।

তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰতিবেদন দাখিল কৰাৰ পিচদিনাই এই কমিটিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু তাক ৰাজহুৱাকৈ ঘোষণা কৰিছিল । কিন্তু, তাৰ বিপৰীতে নিৰ্বাচনৰ আগমুহূৰ্তত ‘কা’ বলৱৎ কৰি অসম আৰু অসমীয়াৰ প্ৰতি চৰম অন্যায় কৰিলে বুলি মন্তব্য কৰে অজিত কুমাৰ ভূঞাই ৷

ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ক্ষমতাত তিষ্ঠি থাকিবলৈ যিকোনো কামেই কৰিব পাৰে বুলি উল্লেখ কৰে সাংসদ ভূঞাই ৷ তদুপৰি তেওঁ কয় যে এই মুহূৰ্তত সকলোৰে লক্ষ্য হোৱা উচিত আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট দি তেওঁলোকক ক্ষমতাৰ পৰা বিতাৰিত কৰা । সেইটোৱেই ‘কা’ বিৰোধী সকলো দল-সংগঠন আৰু ব্যক্তিয়ে পণ হিচাপে লোৱা উচিত বুলি কয় অজিত কুমাৰ ভূঞাই ৷

লগতে পঢ়ক:'কা' বলৱতৰ পিচত ৰাজ্যজুৰি হাইএলাৰ্ট জাৰি; মহানগৰীত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা

ABOUT THE AUTHOR

...view details