গোলাঘাট:অসম চৰকাৰৰ উদ্যোগত ঝুমুৰক বিশ্ব দৰবাৰলৈ নিয়াৰ উদেশ্য দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিচাৰ লগতে ৪ খন চাহ বাগিচাৰ যুৱক-যুৱতীসকলক লৈ বুধুৱা নায়ক বিদ্যালয়ৰ খেল পথাৰত ঝুমুৰৰ নৃত্য কৰ্মশালা অনুষ্ঠিত হয় । দেৰগাঁও সম জিলা ভিত্তিত তিনিদিনীয়াকৈ ঝুমুৰ নৃত্য কৰ্মশালাত ১০০ জনৰো অধিক যুৱক-যুৱতীক মাষ্টাৰ ট্ৰেইনাৰৰ জৰিয়তে ঝুমুৰ নৃত্য কৰ্মশালা প্ৰশিক্ষণ প্ৰদান কৰা হয় ।
তিনিদিনীয়া কৰ্মশালাৰ পিছত ২৮ জানুৱাৰী তাৰিখে গোলাঘাট হাতীয়েখোৱা খেলপথাৰত যুৱক-যুৱতীক শেষ কৰ্মশালাৰ যোগেদি নিৰ্বাচিত কৰা হ'ব আৰু ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত মেগা ঝুমুৰ জৰিয়তে বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰিব ।
এই সন্দৰ্ভত এগৰাকী প্ৰশিক্ষকে কয়, "এই প্ৰশিক্ষণত এশৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে । ২৮ জানুৱাৰীত নিৰ্বাচিত হ'ব তাৰ পূৰ্বে আমি অলপ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছো । যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা তিনিটা দিন মাষ্টাৰ প্ৰশিক্ষকসকলে কিছু প্ৰশিক্ষণ দিব আৰু ২৮ জানুৱাৰীত হাতীয়েখোৱাত সমষ্টি ভিত্তিত নিৰ্বাচনত আগবেলা নৃত্য চাম আৰু পাছবেলা নিৰ্বাচন কৰিম আৰু ফ্ৰেব্ৰুৱাৰীত জিলা ভিত্তিত নিৰ্বাচিত হ'ব ।"