গুৱাহাটী, 14 মে’: মূল্যবৃদ্ধিয়ে কোঙা কৰা ৰাজ্যবাসীয়ে কৰৰ অহসনীয় বোজা বহন কৰাৰ পাছত এইবাৰ পৰীক্ষাৰ্থীয়ে বহন কৰিব লাগিব জি এছ টিৰ বোজা । বিভিন্ন ক্ষেত্রত জি এছ টি জাপি দি সৰ্বসাধাৰণৰ মূৰত মাধমাৰ শোধোৱাৰ পাছত এইবাৰ প্ৰতিযোগিতামূলক পৰীক্ষাতো জি এছ টি জাপি দি মেধাৱী শিক্ষার্থীসকলক আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰিছে খোদ চৰকাৰে ।
উল্লেখ্য যে এইবাৰ চৰকাৰে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণতো 18 শতাংশ জি এছ টি আৰোপ কৰিছে । লক্ষণীয় বিষয় যে শেহতীয়াকৈ ৰাজকোষ টনকিয়াল কৰিবলৈ চৰকাৰে সুৰাৰ বিক্ৰী বৃদ্ধিত বিশেষ গুৰুত্ব আৰোপ কৰিছে । আনকি এইক্ষেত্রত বিক্ৰেতাসকলক টার্গেটো ধৰি দিয়া হৈছে । মুঠতে যিকোনো উপায়ে চৰকাৰক ৰাজহ লাগে ।
চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি মাহে মাহে আর্থিক সাহায্য দি ব্যয় বৃদ্ধি কৰিবলগীয়া হোৱাত ৰাজহ ঘাটি জোৰা মাৰিবলৈ চৰকাৰে সঘনাই হাজাৰ হাজাৰ কোটি টকা ঋণ ল'বলগীয়া হৈছে । ইফালে, ৰাজ্যখনত নিবনুৱা সমস্যাই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে । এইসকল নিবনুৱাই চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ সময়তে এইবাৰ চৰকাৰে চাকৰিৰ বাবে আবেদন কৰা নিবনুৱা প্ৰাৰ্থীৰ পৰা মাচুলৰ উপৰি 18 শতাংশ কৰ সংগ্ৰহ কৰাৰ টোঘলকী সিদ্ধান্ত গ্ৰহণ কৰিছে । অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ বাবে আবেদনকাৰী প্ৰাৰ্থীৰ পৰা চৰকাৰে সংগ্ৰহ কৰিব প্ৰচেছিং চার্জ আৰু তাৰ ওপৰত 18 শতাংশ জি এছ টি ।
প্ৰতিযোগিতামূলক পৰীক্ষাতো কৰ আৰোপ:এতিয়াৰে পৰা এ পি এছ চিৰ মূল পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া প্ৰতিজন নিবনুৱা প্ৰাৰ্থীয়ে চৰকাৰক এই কৰ পৰিশোধ কৰিব লাগিব । শেহতীয়াকৈ অসম লোকসেৱা আয়োগে প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হৈ মূল পৰীক্ষালৈ বাছনি লাভ কৰা 2898 জন প্ৰাৰ্থীক 18 শতাংশ জি এছ টিসহ প্রচেছিং চার্জ আদায় দি আবেদন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ ইলেক্ট্রনিকছ এণ্ড ইনফর্মেশ্বন টেকন'লজি মন্ত্ৰণালয়ৰ ডিজিটেল ইণ্ডিয়াৰ অধীনত এইবাৰৰ পৰা লোকসেৱা আয়োগে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
অনলাইন আবেদনৰ মাচুল:অনলাইন ৰিক্ৰুইটমেন্ট প'ৰ্টেলযোগে আবেদন কৰাৰ সময়ত আবেদনকাৰীয়ে পৰীক্ষা মাচুলৰ লগতে প্ৰচেছিং চাৰ্জ আৰু প্ৰচেছিং চাৰ্জৰ ওপৰত অতিৰিক্ত 18 শতাংশ জি এছ টি আদায় দিব লাগিব । উল্লেখ্য যে , চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰাৰ্থীৰ লগতে বিশেষভাৱে সক্ষম আৰু মহিলা প্ৰাৰ্থীৰ মাচুল ৰেহাই দিছিল । কিন্তু এতিয়া অনলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিবলগীয়া হোৱাত মাচুল ৰেহাই পোৱা এইসকল আবেদনকাৰীয়েও 40 টকা প্ৰচেছিং চার্জত জি এছ টিসহ মুঠ 47.20 টকা মাচুল আদায় দিব লাগিব । ইয়াৰ বিপৰীতে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে 250 টকা আবেদন মাচুলৰ উপৰি 40 টকা প্ৰচেছিং চার্জ আৰু জি এছ টিসহ মুঠ 297.20 টকা মাচুল আদায় দিব লাগিব ।