যোৰহাট, 12 ফ্ৰেব্ৰুৱাৰী :যোৰহাট সদৰ থানাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত হোৱা বিসংগতি বাবে প্ৰদেশ কংগ্ৰেছ সভাপতিগৰাকীৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে নিজাববীয়াকৈ দুটাকৈ জামিনবিহীন ধাৰা লগতে অন্য কেইবাটাও গোচৰ ৰুজু কৰিছিল ।
উক্ত গোচৰ ভিত্তিতে আজি (সোমবাৰ) নিৰ্ধাৰিত সময়ৰ লগে লগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কম সংখ্যক সমৰ্থক লগত লৈ যোৰহাট সদৰ থানাৰ তদন্তকাৰী বিষয়া ওচৰত হাজিৰ হৈ সাক্ষ্য প্ৰদান কৰে ৷ আনহাতে, আজি দ্বিতীয়বাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে তদন্তকাৰীৰ বিষয়া ওচৰত হাজিৰ হয় ।
ইফালে যোৰহাট আৱৰ্ত ভৱনত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক খোৱা-বোৱা সকলো দিয়া নহ’ব বুলিও কৰ্তৃপক্ষই অৱগত কৰে ৷ বিভাগীয় কৰ্তৃপক্ষৰৰ নিদেৰ্শনাৰ ওপৰত ভিত্তিত কৰিয়েই যোৰহাট আৱৰ্ত ভৱনত ভূপেন বৰাৰ বিৰুদ্ধে এনে ব্যৱস্থা লোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত তেওঁ নিজেই উল্লেখ কৰে ৷ যাৰ ফলত ভূপেন বৰাই আৱৰ্ত ভৱনৰ পৰিৱতে ব্যক্তিগত হোটেলত থাকিবলৈ বাধ্য হয় ৷