গুৱাহাটী, ১৩ আগষ্ট:২৩ দিন উকলি গ’ল, আজিও সন্ধানহীন হৈ আছে প্ৰখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱা । ২২ জুলাইৰ পৰা সন্ধানহীন হৈ আছে বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা । নিৰুদ্দেশ হৈ থকা ৰমেন বৰুৱাৰ ঘৰত মঙলবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । লতাশিলৰ বাসগৃহত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ৰমেন বৰুৱাৰ ভাতৃ তথা বিশিষ্ট শিল্পী দ্বীপেন বৰুৱা সৈতে বাৰ্তালাপ কৰে ।
ৰমেন বৰুৱাৰ ঘৰত উপস্থিত হৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
‘‘ইমান দিনে ভাল খবৰ পাম বুলি মই অহা নাছিলো । আজি মই আহি পৰিয়ালৰ লগত এই বিষয়ে কথা পাতিছো । আৰক্ষীয়ে অক্লান্ত চেষ্টা কৰাৰ পিছতো ৰমেন বৰুৱাৰ সন্ধান পোৱা নাই । ব্ৰহ্মপুত্ৰৰ পাৰত শেষৰটো খোজ পাইছে আৰক্ষীয়ে । ডগ স্কোৱাডো নদীৰ কাষলৈ গৈছে । তেওঁ ব্ৰহ্মপুত্ৰলৈ যোৱা দেখিছে, কিন্তু ঘূৰি অহাৰ সাক্ষী নাই । আৰক্ষীয়ে সন্ধান অব্যাহত ৰাখিছে । এতিয়া ভাগ্যত যি আছে সেয়া হ'ব । পথৰ সন্ধান বিচাৰি নোপোৱাৰ দৰে থাকিলো । এই ঘৰখনৰ লগত বহুদিনীয়া সম্পৰ্ক আছে । নিপ বৰুৱাৰ ককা দেউতা নাতি হাতী ছবিত অভিনয় কৰিছিলো । নিৰেন বৰুৱাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আছিল । মই দ্বিপেন বৰুৱাৰ গান গাই থাকো, শুনি থাকো ।’’ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ৷
পৰিয়ালটোৰ শতায়ু গৰকা ঘৰটো সংৰক্ষণ সম্পৰ্কে তেওঁ কয়, ‘‘ঘৰটো সংৰক্ষণ কৰিম বুলি ক’ব নোৱাৰো । তেখেতসকলৰ পৰিয়াল আছে, তেওঁলোকৰ পৰিকল্পনা থাকিব । বহু মূল্যবান মাটি । এইক্ষেত্ৰত পৰিয়ালে কিবা ক’লে চৰকাৰে সঁহাৰি জনাব ।’’