অসম

assam

ETV Bharat / state

আপোন ঘৰ আঁচনি; ৩০ লাখ পৰ্যন্ত ঋণ ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে - ASSAM CABINET DECISION

‘‘আপোন ঘৰ’’ আঁচনিত ৩০ লাখ পৰ্যন্ত ঋণ লোৱাৰ সুবিধা পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে ৷ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে ।

Assam cabinet denotify PRF
হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট (ETV Bharat)

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 7:54 AM IST

গুৱাহাটী :২০২৬ ৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে সময় যিমানেই চমু চাপি আহিছে সিমানেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ কেবিনেটৰ সিদ্ধান্তৰ চমক বৃদ্ধি হৈ গৈ আছে ৷ বৃহস্পতিবাৰে ৰাজধানী দিশপুৰত অনুষ্ঠিত হয় এক কেবিনেটৰ বৈঠক ৷

এই কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীৰ সভাকক্ষত এক সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰে । মুখ্যমন্ত্ৰীৰ ঘোষণাসমূহ তলত উল্লেখ কৰা হ’ল -

  • ‘‘আপোন ঘৰ’’ আঁচনিত ৩০ লাখ পৰ্যন্ত ঋণ:

চৰকাৰী কৰ্মচাৰীসকলক লক্ষ্য কৰি গৃহ প্ৰসংগত কেবিনেটে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । বৃহস্পতিবাৰে সন্ধিয়া অনুষ্ঠিত কেবিনেটে আনিলে ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ । ‘‘আপোন ঘৰ’’ আঁচনিৰ জৰিয়তে ৩০ লাখ পৰ্যন্ত ঋণ ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে । পূৰ্বে ১৫ লাখ টকালৈ এই আঁচনিৰ জৰিয়তে লাভ কৰিছিল ঋণ । এতিয়া এই আঁচনিৰ জৰিয়তে ৩০ লাখ টকা পৰ্যন্ত ল’ব পাৰিব ঋণ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (@himantabiswa)

আনহাতে, যিসকল চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বে এই আঁচনিৰ জৰিয়তে ১৫ লাখ টকাৰ ঋণ লৈছিল সেইসকলেও আন ১৫ লাখ টকাৰ ঋণ ল’ব পাৰিব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । সংবাদমেলত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে । এই ‘‘আপোন ঘৰ’’ৰ লাভালাভ সম্প্ৰসাৰণত ১% সুদ ৰেহাইৰ সৈতে ইতিমধ্যে আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা ৩৭,২৭৭ হিতাধিকাৰীলৈ ৩০ লাখ টকাৰ বৰ্ধিত ঋণ সীমাৰ লাভালাভ সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ ।

লগতে পঢ়ক :এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ: প্ৰথমখন সন্মিলনৰ পাছত কিমান আহিল বিদেশী বিনিয়োগ
  • বনাঞ্চলক ৰাজহ গাঁৱলৈ ৰূপান্তৰ :

আনহাতে, হিমন্ত বিশ্ব শৰ্মা কেবিনেটে তিনিচুকীয়া জিলাৰ তিনিখন বনাঞ্চলক ৰাজহ গাঁৱলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্তত অনুমোদন জনায় ৷ তিনিচুকীয়া জিলাৰ তাল পথাৰ, মোহন পথাৰ আৰু দুৱাৰমাৰা সংৰক্ষিত বনাঞ্চলক ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰা হৈছে । ইয়াৰ যোগেদি দীৰ্ঘদিন ধৰি বনাঞ্চলত বসবাস কৰি অহা লোকসকলে লাভ কৰিবলৈ সক্ষম হ’ব মাটিৰ পট্টা ।

অসম চৰকাৰে তিনিচুকীয়া জিলাৰ এই তিনিখনকৈ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল (পি আৰ এফ)ক ডিন’টিফাই কৰাৰ সিদ্ধান্তৰ ফলত ২০ হাজাৰৰো অধিক বাসিন্দাই ভূমিৰ অধিকাৰ লাভ কৰাৰ বাট মুকলি হ’ল । প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল (পি আৰ এফ)সমূহক ৰাজহ গাঁৱলৈ ৰূপান্তৰিত কৰিবলৈ কেবিনেটে অনুমোদন জনায় ।

  • উপাসনাস্থলীলৈ তিনিলাখ টকাকৈ অনুদান :

ৰাজ্যৰ ধৰ্মীয় উপাসনাস্থলীসমূহক লৈ ৰাজ্যিক কেবিনেটে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৰাজ্যৰ ২৫ হাজাৰ ধৰ্মীয় উপাসনা স্থলীলৈ তিনি লাখ টকাকৈ দিয়া হ'ব । সংবাদমেলত এই কথা ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

  • বিকশিত অসমৰ বাবে নীতি :

ঔদ্যোগিক খণ্ডৰ বিকাশৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ল’লে আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ঔদ্যোগিক আৰু বিনিয়োগ অনুকূল ৰাজ্য হিচাপে অসমৰ সৰ্বাংগীণ বিকাশ নিশ্চিত কৰাৰ বাবে এলানি নীতিত কেবিনেটৰ অনুমোদন । এই নীতিসমূহ হ’ল -

  1. আছাম ষ্টার্টআপ এণ্ড ইন'ভেশ্যন পলিচী ২০২৫ত অনুমোদন
  2. আছাম এৰ'স্পেচ এণ্ড ডিফেন্স মেনুফেচাৰিং পলিচী ২০২৫ত অনুমোদন
  3. আছাম এক্সন প্লেন অন বায় ইন পলিচীত অনুমোদন
  • মিছন বসুন্ধৰা ৩.০ আবেদনৰ সময়সীমা বৃদ্ধি :

এতিয়াও মাটিৰ পট্টাৰ বাবে যিসকলে মিচন বসুন্ধৰা ৩.০ত আবেদন কৰা নাই তেওঁলোকৰ বাবে সুখবৰ । সংবাদমেলত মুখ্যমন্ত্ৰীৰ ঘোষণা- “মিছন বসুন্ধৰা ৩.০ৰ অধীনত সেৱা লাভ কৰিবলৈ যোগ্য লোকসকলক সুবিধা প্ৰদান কৰি আবেদনৰ সময়সীমা ১৫ ফেব্ৰুৱাৰী, ২০২৫লৈ সম্প্ৰসাৰণত কেবিনেটে অনুমোদন জনাইছে ৷ ৩ প্ৰজন্মৰ স্থায়ী বাসিন্দা নীতিৰ পৰা ৰেহাই ঘোষণা ।”

ইয়াৰ উপৰিও ৰাজ্যৰ ১৯খন জিলাৰ চাহ বাগিচা অঞ্চলৰ ২১৯ টা গ্ৰাম্য পথ উন্নত কৰাৰ বাবে ২৩৪ কোটি টকা অনুমোদন জনায় কেবিনেটে ।

  • ষ্টার্টআপক উৎসাহৰ বাবে নতুন প্ৰশাসনিক বিভাগ সৃষ্টি :

অসমত ষ্টার্টআপৰ বিকাশত তদাৰক আৰু নীতি প্ৰদান, পুঁজি আৰু পৰামৰ্শমূলক সমর্থন প্ৰদানৰ হেতুকে ‘‘Department of Innovation, Incubation and Startup’’ নামৰ নতুন প্ৰশাসনিক বিভাগ সৃষ্টিত অনুমোদন কেবিনেটৰ ৷ আত্মনিৰ্ভৰশীলতাক আগুৱাই নিয়াৰ বাবে ৰাজ্যত গঠন হ'ব লগীয়া উদ্ভাৱন আৰু ষ্টাৰ্ট-আপ বিভাগৰ ইয়াৰ অধীনত উদ্যোগীসকলে ৫০ লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব । ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হ’ব ১০০ কোটি টকা ।

লগতে পঢ়ক :জাতিটোক-ৰাজ্যখনকলৈ এক অৰুণোদয় যাত্ৰা আৰম্ভ কৰিছো : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details