অসম

assam

ETV Bharat / state

হাৰিয়ানাত পদুমৰ পাহি: অসমৰ বিজেপি কাৰ্যালয়ত ফটকা-জেলেপী

Haryana election result: হাৰিয়ানাত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছতেই দলীয় নেতা-কৰ্মীৰ মাজত দেখা যায় ব্যাপক উছাহ ৷ আতচবাজী ফুটাই বিজয় উদযাপন গুৱাহাটীত ৷

By ETV Bharat Assamese Team

Published : 5 hours ago

Haryana election result
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজয় উৎসৱ (ETV Bharat Assam)

গুৱাহাটী, ৮ অক্টোবৰ: দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা লাভ কৰি থকা দুই ৰাজ্য ক্ৰমে হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনৰ ফলাফল আজি ঘোষিত হ’ল । বিগত কেইদিনত দেশৰ ৰাজনৈতিক মহলত দুই ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষিত ফলাফলত হাৰিয়ানাত বিজেপিয়ে পুনৰ‌ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । ইফালে জম্মু কাশ্মীৰত কংগ্ৰেছ তথা মিত্ৰ দল শাসনৰ গাদীত বহাৰ পথ প্ৰশস্ত হৈছে ।

কিন্তু বিগত কেইদিনত হাৰিয়ানাৰ ফলাফলক লৈ যি সমীক্ষা প্ৰকাশ পাইছিল তাক লৈ চিন্তিত আছিল বিজেপি ৷ অৱশেষত সকলো সমীক্ষাক নস্যাৎ কৰি হাৰিয়ানাত বিজেপি দলে 48 খন আসনেৰে পুনৰ সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷ হাৰিয়ানাত 90 খন আসনৰ ভিতৰত বিজেপিয়ে 48 খন, কংগ্ৰেছে 37 খন, আই এন এল ডি মিত্ৰজোঁটে 2 খন আৰু অন্যান্যই 3 খন আসন লাভ কৰিছে ৷

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজয় উৎসৱ (ETV Bharat Assam)

ফলাফল ঘোষণাৰ পাছতেই বিজেপি শিবিৰত এতিয়া দেখা পোৱা গৈছে উছাহৰ ঢল । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়তো দেখা গ’ল হাৰিয়ানাৰ ফলাফলৰ বিজয় উৎসৱ ।

কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই, ইজনে সিজনক মিঠাই খুৱাই উদযাপন কৰিলে বিজয়ৰ আনন্দ ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো এই উদযাপনত অংশ লয় । লগতে দুই ৰাজ্যৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে নৰেন্দ্ৰ মোদীৰ নীতিত যিদৰে দেশ চলি আছে, হাৰিয়ানাতো তাৰ প্ৰভাৱ পৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ নীতিত দেশত চলি থকা কাম-কাজত আকৰ্ষিত হৈ হাৰিয়ানাত বিজেপিক তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সুযোগ দিছে ৰাইজে । যাৰ বাবে হাৰিয়ানাবাসীক ধন্যবাদ জ্ঞাপন কৰে ভৱেশ কলিতাই ।

আনহাতে ফণীন্দ্ৰনাথ শৰ্মাৰ প্ৰসংগত ভৱেশ কলিতাই কয়, ‘‘ফণীন্দ্ৰনাথ শৰ্মাই সাংগঠনিক দিশত অসমতো যথেষ্ট ভাল কাম কৰিছিল । তেখেত সাংগঠনিক সম্পাদক থাকোতে আমি দুটা নিৰ্বাচন আৰু ত্ৰিপুৰাত এটা নিৰ্বাচন জিকিছো ।’’

ইফালে বিৰোধী দল কংগ্ৰেছৰ ফলাফলৰ প্ৰসংগত তেওঁ কয় ‘‘কংগ্ৰেছে কেৱল মিছা কথা কয় । কিছুমান আভুৱা ভৰা কথা কৈ কংগ্ৰেছে জনসাধাৰণক বিচলিত কৰিব খুজিছিল । কংগ্ৰেছে হাৰিলে ই ভি এমক দোষ দিয়ে । জিকিলে বিজেপিক দোষ দিয়ে ।’’

জম্মু-কাশ্মীৰৰ প্ৰসংগত ভৱেশ কলিতাই কয়, ‘‘জম্মু-কাশ্মীৰৰ কথাটো সম্পূৰ্ণ বেলেগ । এই ৰাজ্যৰ ওচৰত আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান আছে । তাৰোপৰি তাত কিছুমান বেলেগ কথাও আছে । তথাপি যোৱাবাৰ যিমান আসন পাইছিলো এইবাৰো সেয়া অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছো । জম্মু-কাশ্মীৰত ভৱিষ্যতে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বিজেপি ।’’

উল্লেখ্য যে জম্মু-কাশ্মীৰৰ নিৰ্বাচনী ফলাফলত 90 খন আসনৰ ভিতৰত জম্মু-কাশ্মীৰ নেশ্যনেল কনফাৰেন্সে 42 খন, বিজেপিয়ে 42 খন, কংগ্ৰেছে 6 খন, জে কে পি ডি পিয়ে 3 খন আৰু অন্যান্যই 10 খন আসন লাভ কৰিছে ৷

লগতে পঢ়ক:হাৰিয়ানাত বিজেপিৰ হেট্ৰিক: জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

হাৰিয়ানাত বিজেপিৰ বিজয়ৰ আঁৰত এজন অসমীয়া: ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত ক’লে জয়ৰ আঁৰৰ কথা

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত জয়-পৰাজয়ৰ পৰা শিক্ষা ল’ব কংগ্ৰেছে: গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details