অসম

assam

ETV Bharat / state

পুৰণা কংগ্ৰেছীক পুনৰ আদৰিবলৈ সাজু প্ৰদেশ কংগ্ৰেছ - APCC President Bhupen Borah

Congress Joining Program: পুৰণা কংগ্ৰেছীক আদৰিবলৈ সাজু আছে প্ৰদেশ কংগ্ৰেছ । বি জে পিক বাদ দি আন দললৈ যোৱা প্ৰতিজন সদস্যৰ বাবে খোলা আছে কংগ্ৰেছৰ দুৱাৰ । আপ অসমৰ ২০ গৰাকী নেতা-কৰ্মীক আজি দললৈ আদৰণি জনাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ব্যক্ত কৰে এই কথা ৷

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 6:42 PM IST

Congress Joining Program
প্ৰদেশ কংগ্ৰেছত যোগদান কাৰ্যসূচী (ETV BHARAT ASSAM)

গুৱাহাটী, ১০ জুলাই: কংগ্ৰেছ দলৰ পৰা আপলৈ আৰু আপৰ পৰা কংগ্ৰেছ দললৈ দলীয় নেতা সদস্যৰ যোগদান পৰ্ব যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচৰে পৰা অব্যাহত আছে । কিছুদিন পূৰ্বে টিকটৰ পৰা বঞ্চিত হৈ কংগ্ৰেছ দল ত্যাগ কৰা কংগ্ৰেছৰ প্ৰাক্তন জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰে আপত যোগদান কৰিছে । তাৰ পিচতেই আজি অৰ্থাৎ বুধবাৰে আপৰ ২০ গৰাকীকৈ নেতা-সদস্যই কংগ্ৰেছ দলত যোগদান কৰে ।

প্ৰদেশ কংগ্ৰেছত যোগদান কাৰ্যসূচী (ETV BHARAT ASSAM)

গুৱাহাটী ৰাজীৱ ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত ডিব্ৰুগড়, কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ২০ গৰাকী সদস্যই কংগ্ৰেছ দলত যোগদান কৰে । সভাত ২০ গৰাকী সদস্যক ভূপেন বৰাই আদৰণি জনায় । আপৰ সদস্য ৰাজেন্দ্ৰ নাথ, অমৃত কুমাৰ বৰুৱা, বিমল হাজৰিকা, নীলকান্ত, কাৰ্তিক শইকীয়া, অজিত মুণ্ডা আদিয়ে যোগদান কৰে ।

লগতে পঢ়ক:আম আদমি পাৰ্টীত যোগদান জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেন বৰঠাকুৰৰ - Romen Borthakur joins AAP

সভাত ভাষণ দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "যোৱা সময়ছোৱাত আমাৰ দলত যোগদান‌ বৃদ্ধি পাইছে । বিভিন্ন ৰাজনৈতিক দলৰ নেতাই আমাৰ দল যোগদান কৰি আহিছে । দলৰ শক্তি বৃদ্ধিত সহায় কৰিছে । সকলো ৰাজনৈতিক দলৰ দেশৰ হকে কাম কৰিব বিচৰা কৰ্মীৰ বাবে কংগ্ৰেছৰ দুবাৰ খোলা আছে ।"

তেওঁ আৰু কয়, দলে পুৰণা কংগ্ৰেছীক আদৰিবলৈ সাজু আছে । কিন্তু যিসকল কংগ্ৰেছী বি জে পিলৈ গৈছে সেইসকলক বাদ দি সকলোৰে বাবে কংগ্ৰেছৰ দুৱাৰ খোলা আছে । তেওঁ জনাই যে কেবাগৰাকীও বি জে পি নেতাই কংগ্ৰেছত যোগদান কৰাৰ বাবে সাজু হৈ আছে । এই সন্দৰ্ভত অহা ১৫-১৬ জুলাইত অনুষ্ঠিত হ’বলগীয়া দলৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ (Political Affairs Committee) সভাত এই সিদ্ধান্ত লোৱা হ'ব ।

লগতে পঢ়ক:উপ-নিৰ্বাচন-পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে আপ ! - AAP Assam

ABOUT THE AUTHOR

...view details