বাক্সা, ৯ ছেপ্টেম্বৰ :ৰাজ্যত এটা এটাকৈ দৈনিক ওলায়েই আছে ভুৱা অনলাইন ট্ৰেডিঙৰ জড়িয়তে কৰা প্ৰৱঞ্চনাৰ ঘটনা । বিশাল ফুকন আৰু চুমী বৰাৰ পিছত এইবাৰ জমা ধন দুগুণ কৰি দিয়াৰ প্ৰৱঞ্চনাকাণ্ডই জোকাৰিছে নামনি অসমৰ বাক্সা জিলাৰ মুছলপুৰ ।
কম সময়ত সহজে অধিক লাভৰ আশাত প্ৰায় আঠ হাজাৰ গ্ৰাহকে মুছলপুৰৰ এগৰাকী মহিলাৰ ওচৰত কোটি কোটি টকা জমা কৰাৰ পিছত এতিযা মহিলাগৰাকীক বিচাৰি হাবাথুৰি খাইছে প্ৰতাৰিত লোকসকলে । লগতে ভাইৰেল হৈ পৰিছে মহিলাগৰাকীৰ এখন বিশেষ ফটো ৷ যিখন ফটোৱে কি হাৰত মহিলাগৰাকীয়ে ধন সংগ্ৰহ কৰিছিল সেয়া সহজেই অনুমান কৰিব পাৰি ।
কোটি কোটি টকা সংগ্ৰহ কৰি পলাতক অৱস্থাত থকা মহিলাগৰাকী হৈছে মাইনাও ব্ৰহ্ম ৷ এই মহিলাগৰাকীয়ে গ্ৰাহকৰ জমা ধনৰ অধিক লাভ দিয়াৰ প্ৰলোভন দেখুৱাই প্ৰায় এশ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে । চুমী-তাৰ্কিক বৰাৰ দৰে এতিয়া প্ৰায় এশ কোটি টকা লুটি পলাতক অৱস্থাত আছে মাইনাও ব্ৰহ্ম ৷ ফলত মুছলপুৰ অঞ্চলৰ আঠ হাজাৰ গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
শেষত উপায়ন্তৰ হৈ একাংশ গ্ৰাহকে দেওবাৰৰ নিশা বাক্সাৰ সদৰ মুছলপুৰ আৰক্ষী থানাত প্ৰৱঞ্চক মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ গ্ৰাহকসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি তেওঁলোকৰ কোটি কোটি টকা জমা ধন আদায় কৰি দিবলৈ বাক্সা আৰক্ষীক অনুৰোধ জনায় ।