তেজপুৰ, ১৫ জুলাই :শোণিতপুৰৰ ব্লেজিং ছৰ্ড সংমণ্ডল আৰু জিলা প্ৰশাসনৰ সহযোগত আজি অৰ্থাৎ ১৫ জুলাইৰ পৰা ২৭ জুলাইলৈ অনুষ্ঠিত হ'ব অগ্নিবীৰ নিযুক্তি ৰেলী ৷ যাৰ বাবে দেওবাৰে মিছামাৰী সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত সম্পন্ন কৰা হয় এই ৰেলীৰ প্ৰস্তুতিৰ চূড়ান্ত আখৰা আৰু পৰ্যালোচনা তথা পৰিদৰ্শন ৷
দেওবাৰে অনুষ্ঠিত হোৱা এই পৰিদৰ্শনৰ নেতৃত্ব দিয়ে এনই জ’ন শ্বিলঙৰ নিযুক্তি বিভাগৰ ডিডিজি ব্ৰিগেডিয়াৰ ৰাজীৱ কুমাৰে । পৰিদৰ্শনৰ সময়ত কাৰ্যবাহী দণ্ডাধীশ আইৰিছ আহমেদৰ লগতে জিলা প্ৰশাসনৰ সংশ্লিষ্ট বিভাগসমূহৰ অন্যান্য বিষয়া আৰু ৰেলীৰ বাবে সেনা বিষয়াসকলো উপস্থিত থাকে ।
লগতে পঢ়ক :ভাৰতীয় সেনাবাহিনীৰ উদ্যোগত অগ্নিবীৰৰ যোগ্যতা পৰীক্ষা - COUNSELLING PROGRAMME OF AGNIVEER
উল্লেখ্য যে, এই সমাৱেশৰ প্ৰথম চৰণ উজনি অসমৰ ৯ খন জিলা ক্ৰমে চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়াৰ পৰা নিৰ্বাচিত কৰা প্ৰাৰ্থীৰ মাজত অনুষ্ঠিত হ’ব ৷ এই সমাৱেশৰ প্ৰথম চৰণ যোৰহাটৰ সেনা নিযুক্তি কাৰ্যালয়ৰ পৰিচালনাত ১৫ জুলাইৰ পৰা ২০ জুলাইলৈকে অনুষ্ঠিত হ'ব ।