গুৱাহাটী : আজি মাঘ বিহুৰ উৰুকা । সকলোৱে লগে ভাগে মাছে-মঙহে হেঁপাহৰ এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে । আনন্দেৰে একেলগে এসাঁজ খাই হেঁপাহৰ ভোগালী বিহুক আদৰণি জনোৱাৰ আন্তৰিক তাগিদাত কর্তব্যৰ তাড়নাত দিহিঙে-দিপাঙে থকাসকলেও আপোন ঘৰখনলৈ উভতিছে ।
ঐতিহাসিক উজানবজাৰৰ মাছৰ বজাৰ
ৰাজ্যজুৰি উৰুকাৰ নিশা মাছে-মঙহে এসাঁজ খোৱাৰ ব্যাপক প্রস্তুতি দেখা গৈছে । ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰীও । উৰুকাৰ মাছৰ বজাৰ বুলি ক'লে সকলোৰে মনলৈ অহা ঠাইডোখৰ হৈছে উজানবজাৰ । গুৱাহাটীৰ এই ঐতিহাসিক উজানবজাৰৰ মাছৰ বজাৰলৈ নিজ নিজ পছন্দৰ মাছটো ক্ৰয় কৰিবলৈ বিভিন্ন প্ৰান্তৰ লোকে পুৱতি নিশাৰে পৰা ভিৰ কৰিছে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছেৰে উজানবজাৰ ভৰি পৰিছে । কি মাছ নাই বজাৰখনত । চিতল, ৰৌ, ভকুৱা, আৰি, বৰালি...। সকলোৱে নিজৰ নিজৰ পছন্দৰ মাছটো লৈ বজাৰৰ পৰা উভতিছে ।
উজানবজাৰত মাছৰ দাম কিমান ?
ইফালে উৰুকাৰ দিনটোত উজানবজাৰত প্ৰতি কিলোগ্ৰাম চিতলৰ দাম ৭০০-৮০০ টকা, ভকুৱা ৪৫০-৬০০ টকা, ৰৌ ৩৫০-৩৮০ টকা, বৰালি ৮০০-৯০০ টকা, আৰি ৮০০-৮৫০ টকাত বিক্ৰী হৈছে ।
গ্ৰাহকৰ সঁহাৰি দেখি আনন্দিত উজানবজাৰৰ মাছ বিক্ৰেতাসকল । তেওঁলোকে জনোৱা মতে চৰকাৰে মাছৰ দাম নিৰ্ধাৰণ কৰি দিয়াৰ বাবে ভাল হৈছে । গ্ৰাহকৰ সঁহাৰিও ভাল পোৱা গৈছে । আনহাতে গ্ৰাহকসকলেও পছন্দৰ মাছটো ক্ৰয় কৰিবলৈ পায় আনন্দ প্ৰকাশ কৰিছে । ইফালে বৃহত্তৰ উজানবজাৰ অনুসূচিত নিবনুৱা মৎস ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াসকলে জনোৱা মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ এইবাৰ প্ৰায় ৮০ টন মাছ উজানবজাৰলৈ আহিছে ।
সন্থাৰ এগৰাকী বিষয়-ববীয়াই কয়,"এইবাৰ অসমৰ সকলো প্ৰান্তৰ পৰাই মাছ আহিছে । পুৱতি নিশা ৩ বজাৰ পৰাই পাইকাৰীত মাছ বিক্ৰী হৈছে । এতিয়া খুচুৰাত মাছ বিক্ৰী হৈ আছে । বিভিন্ন প্ৰান্তৰ পৰা মাছ লৈ ৮০ খনতকৈও বেছি গাড়ী আহিছে । মাছ বেছিকৈ অহাৰ বাবে দামটোও ঠিকে আছে ।"
লগতে পঢ়ক :মন পছন্দৰ মাছ বিচাৰি কলিয়াবৰৰ চুলুং পাইকাৰী বজাৰত মাজনিশাৰে পৰাই ভিৰ - BHOGALI FISH MARKET