গুৱাহাটী, ১৯ মাৰ্চ: মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত গোপন বুজাবুজি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । মঙলবাৰে মহানগৰীৰ গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি আপৰ নেত্ৰীগৰাকীয়ে কয় যে, কিছুদিন পূৰ্বে বৰাক উপত্যকাৰ এখন নিৰ্বাচনী সভাত এজন বাদে আটাইকেইজন কংগ্ৰেছ প্ৰাৰ্থীকে বিজেপিলৈ নিব পাৰে বুলি মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে । কংগ্ৰেছৰ বিৰুদ্ধে এনে অপমানজনক মন্তব্য প্ৰকাশ কৰাৰ পিচতো কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই ।
তেওঁ কয়, এইক্ষেত্ৰত কংগ্ৰেছৰ মৌনতাৰ কাৰণ কি ? মৌনতা সন্মতিৰ লক্ষণ নেকি ? সঁচাকৈয়ে মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত গোপন বুজাবুজি আছে নেকি ? তেওঁ লগতে কয়, বিৰোধী ঐক্যমঞ্চত কংগ্ৰেছ দলে বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰিছিল ৷ তেওঁলোকে বিগ ব্ৰাদাৰৰ ভূমিকা গ্ৰহণ কৰি ৰাজ্য তথা দেশৰ পৰা বিজেপি উৎখাত কৰাৰ ক্ষেত্ৰত সকলোকে নেতৃত্ব দিব বুলি কৈছিল ৷ কিন্তু কংগ্ৰেছ দলৰ জাকে জাকে নেতা-পালিনেতা গৈ বিজেপিত যোগদান কৰিছে কিন্তু তেওঁলোকে ৰখাব পৰা নাই ৷ তেওঁলোক মৌন হৈ আছে ৷