অসম

assam

ETV Bharat / state

কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ, ২০২৪ আৰম্ভ - PRAGJYOTISPUR LITERARY FESTIVAL

গুৱাহাটীত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ৷ বিশিষ্ট লেখক জে সাই দীপক আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক, প্ৰখ্যাত লেখক আনন্দ ৰংগনাথনৰ অংশগ্ৰহণ ।

PRAGJYOTISPUR LITERARY FESTIVAL AT KALAKHETRA
কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ, ২০২৪ আৰম্ভ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 7:08 AM IST

গুৱাহাটী :শতাধিক সাহিত্যানুৰাগীৰ উপস্থিতিত শুকুৰবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত আৰম্ভ হয় তিনিদিনীয়া প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ, ২০২৪ । ১৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া এই সাহিত্য উৎসৱৰ প্ৰথম দিনৰ কাৰ্যসূচীলৈ দৰ্শক-অনুগামীৰ সঁহাৰি আছিল চমকপ্ৰদ ।

শুকুৰবাৰৰ গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানত অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, গৱেষক-অধ্যাপিকা ড৹ মালিনী গোস্বামীয়ে মুখ্য অতিথি আৰু যশস্বী নিবন্ধকাৰ তথা সাংবাদিক-অৰ্থনীতিবিদ স্বামীনাথন গুৰুমূৰ্তিয়ে মূলবক্তা হিচাপে অংশগ্ৰহণ কৰে । বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী বিদ্যাসাগৰৰ সুমধুৰ কণ্ঠৰ বৰগীতেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত অতিথি-সাহিত্যানুৰাগীক আদৰণি জনায় প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ উদ্যোক্তা তথা শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেচনৰ সভাপতি লেঃ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাই ।

কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ, ২০২৪ আৰম্ভ (ETV Bharat Assam)

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ, ২০২৪ আয়োজক সমিতিৰ সভাপতি, বিশিষ্ট সাহিত্যিক তৰেন বড়ো, প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক স্মৃতি কুমাৰ সিনহাৰ লগতে এইবাৰ সাহিত্য উৎসৱৰ দুই বিশেষ আমন্ত্ৰিত বক্তা অধিবক্তা-লেখক জে সাই দীপক আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক, প্ৰখ্যাত লেখক আনন্দ ৰংগনাথনেও উদ্বোধনী সভাত অংশ লয় ।

‘‘শিপাৰ সন্ধানত’’ মূলমন্ত্ৰক সৰোগত কৰি আৰম্ভ হোৱা প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ দ্বিতীয় সংস্কৰণৰ উদ্বোধনী সভাৰ আটাইকেইজন বক্তাই ভাৰতৰ সমৃদ্ধিশালী ঐতিহ্য, জ্ঞান, পৰম্পৰাৰ অন্বেষণ কিয় আৱশ্যকীয় সেই সন্দৰ্ভত মননশীল বক্তব্য আগবঢ়ায় ।

আদৰণী ভাষণত লেঃ জেনেৰেল (অৱসৰপ্ৰাপ্ত) ৰাণা প্ৰতাপ কলিতাই এজন সেনা বিষয়াৰ দৃষ্টিভংগীৰে মহাবীৰ লাচিতৰ শৌৰ্য-বীৰ্য তথা কৌশলৰ প্ৰাসংগিকতা বিশ্লেষণ কৰে । এই ধৰণৰ ইতিহাস বৰ্তমান প্ৰজন্মৰ মাজলৈ অনাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত তেওঁ সাৰগৰ্ভ বক্তব্য আগবঢ়ায় ।

মুখ্য অতিথিৰ ভাষণত ড৹ মালিনী গোস্বামীয়ে প্ৰাচীনকালৰ পৰা আধুনিক সময়লৈকে অসমীয়া সাহিত্যৰ যাত্ৰাৰ ৰূপৰেখা আগবঢ়ায় । প্ৰাচীন প্ৰাগজ্যোতিষপুৰ শিক্ষণ তথা অধ্যয়নৰ পৱিত্ৰ কেন্দ্ৰ আছিল বুলি উল্লেখ কৰি ড৹ গোস্বামীয়ে জনায়- সৰ্বভাৰতীয় সাহিত্য-সংস্কৃতিৰে এই অঞ্চলৰ সাধাৰণ লোকৰ গভীৰ যোগসূত্ৰ অতীজৰে পৰা অব্যাহত আছে ।

‘‘সংস্কৃতিৰ মাজেৰে বিকাশ’’ শীৰ্ষক মূল ভাষণত স্বামীনাথন গুৰুমূৰ্তিয়ে ভাৰত সন্দৰ্ভত এখন ভুল ছবি বিশ্বৰ আগত প্ৰদৰ্শন কৰি অহাৰ সন্দৰ্ভত এক মননশীল বিশ্লেষণ আগবঢ়ায় । নিজৰ ভাষণত গুৰুমূৰ্তিয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে ৭৫ বছৰ পূৰ্বে ভাৰতবাসীয়ে স্বাধীনতা ঠিকেই পালে, কিন্তু স্বাধীনভাৱে চিন্তা কৰিব পৰাকৈ সক্ষম হৈ নুঠিল ।

এই সন্দৰ্ভত গুৰুমূৰ্তিয়ে পশ্চিমৰ বিশেষজ্ঞ-বিশ্লেষকৰ দৃষ্টিভংগীৰে ভাৰতক চোৱাৰ মানসিকতাক প্ৰশ্ন কৰে । ভাৰতত অতীজৰে পৰা চৰকাৰীতন্ত্ৰৰ ঊৰ্ধ্বত উদ্যমিতা-ব্যৱসায়ৰ এক পৰিৱেশ বিৰাজ কৰি আহিছে । পাৰিবাৰিক তথা ব্যক্তিগত পৰ্যায়ৰ উদ্যোগ-ব্যৱসায়ৰ বাবেই ভাৰতৰ অৰ্থনীতি তথা মুঠ ঘৰুৱা উৎপাদন ঊৰ্ধ্বগামী হৈ আছে । কিন্তু দুৰ্ভাগ্যবশতঃ ভাৰতৰ এই উদ্যমিতা শক্তিক কেতিয়াও যোগ্য মৰ্যাদা দিয়া নহ’ল বুলি গুৰুমূৰ্তিয়ে আক্ষেপ প্ৰকাশ কৰে ।

তেওঁ কয়, ইয়াৰ বিপৰীতে ভাৰতীয় শিক্ষা ব্যৱস্থাই ভাৰতীয়ৰ উদ্যমিতা শক্তিক চাকৰিজীৱী মানসিকতালৈহে পৰ্যৱসিত কৰিলে । ভাৰতৰ একোৱেই নাই বুলি যি এক মতামত বিয়পোৱা হ’ল, তাৰ বিপৰীতে গুৰুমূৰ্তিয়ে উদ্যোগ-ব্যৱসায়ৰ ক্ষেত্ৰত ভাৰত সৰ্বদা আগৰণুৱা আছিল বুলিহে দৃঢ়মত পোষণ কৰে । এই সন্দৰ্ভত দেশৰ বিভিন্ন স্থানৰ উদাহৰণ দাঙি ধৰি গুৰুমূৰ্তিয়ে কয়, ভাৰতীয় সংস্কৃতিত এই উদ্যমিতা সংপৃক্ত হৈ আছে বাবেই ভাৰতীয় অৰ্থনীতি শক্তিশালী হৈ আছে ।

উদ্বোধনী অনুষ্ঠানৰ সামৰণী ভাষণত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ, ২০২৪ আয়োজক সমিতিৰ সভাপতি তৰেন বড়োৱে জীৱন-জীৱিকাৰ লগতে সাহিত্যৰো প্ৰয়োজন আছে বুলি মতপোষণ কৰে । সাহিত্য‌ই মানসিক প্ৰশান্তি আনে বুলি তেওঁ উল্লেখ কৰে ।

উদ্বোধনী অনুষ্ঠানৰ পিছত তিনিটা বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । ‘‘সংবিধান আৰু সভ্যতা’’ বিষয়ত এক গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়ায় বিশিষ্ট আইনবিদ, লেখক জে সাই দীপকে । ‘‘ট্ৰেডমিলৰ পৰা ট্ৰেভেলেটৰলৈ : ২০৪৭ লৈ ভাৰত’’ শীৰ্ষক বিষয়ত বিশ্লেষণ আগবঢ়ায় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক আনন্দ ৰংগনাথনে । ‘‘ইতিহাস পুনৰীক্ষণৰ গুৰুত্ব’’ সন্দৰ্ভত অগ্ৰণী অৰ্থনীতিবিদ তথা ইতিহাসবিদ সঞ্জীৱ সন্যালে সাৰগৰ্ভ বক্তব্য আগবঢ়ায় ।

উল্লেখনীয় যে, ১৫ ডিচেম্বৰলৈ আয়োজিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ, ২০২৪ৰ আটাইকেইটা দিনৰ কাৰ্যসূচীত কেইবাখনো গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ-কৰ্মশালা অনুষ্ঠিত হ’ব । শনিবাৰে ‘‘ঐতিহ্য আৰু সাংস্কৃতিক পৰিচয়ৰ সন্ধান : প্ৰযুক্তি নিৰ্ভৰশীলতা’’, ‘‘অসমৰ বৈচিত্ৰ্যময় সমাজত ব্ৰহ্মপুত্ৰ নদীৰ ভূমিকা’’, ‘‘পৰিৱৰ্তিত সংবাদ ক্ষেত্ৰ : নিৰ্ভৰযোগ্যতা আৰু বিশ্বাসযোগ্যতা’’ আৰু ‘‘মনোৰঞ্জনৰ ঊৰ্ধ্বত সমাজৰ বিচাৰধাৰা প্ৰতিষ্ঠাত চলচ্চিত্ৰৰ ভূমিকা’’ শীৰ্ষক বিষয়ত আলোচনা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :শনিবাৰৰ পৰা তৃতীয় বাৰ্ষিক নেফটা আন্তঃৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্ৰ মহোৎসৱ - 3RD NAFTA FILM FESTIVAL
লগতে পঢ়ক :তিনিচুকীয়া গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ব্যাপক উছাহ - TINSUKIA BOOK FAIR

ABOUT THE AUTHOR

...view details