হায়দৰাবাদ : এই বিদায়ী বছৰটোৱে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ কিছুমান শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ কেৰিয়াৰৰ সমাপ্তিৰ সাক্ষ্য বহন কৰিলে । এইসকল ক্ৰিকেটাৰৰ ভিতৰত শেহতীয়া নামটো হৈছে ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনৰ, যিয়ে বুধবাৰে, 18 ডিচেম্বৰ 2024 তাৰিখে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। এই আকস্মিৎ সিদ্ধান্তৰ পিছত ক্ৰিকেট জগতৰ পৰা বহু প্ৰতিক্ৰিয়া আহিল, কিন্তু সিদ্ধান্তটোৰ সময়ক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰাও দেখিবলৈ পোৱা গ’ল।
অশ্বিনৰ উপৰিও, কেবাজনো ডাঙৰ ক্ৰিকেটাৰে 2024 চনত খেলৰ পৰা অৱসৰ ল’লে ৷ অষ্ট্ৰেলিয়াৰ অপেনাৰ ডেভিদ ৱাৰ্ণাৰ আৰু দক্ষিণ আফ্ৰিকাৰ অপেনাৰ ডিন এলগাৰে জানুৱাৰীৰ প্ৰথম সপ্তাহত ক্ৰিকেটক বিদায় জনাইছিল। ইয়াৰ পিছত, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই ক্ৰিকেটৰ আটাইতকৈ সংক্ষিপ্ত আন্তঃৰাষ্ট্ৰীয় সংস্কৰণৰ পৰা অৱসৰ লয়।
এই বছৰটোত জেমছ এণ্ডাৰছন, শিখৰ ধাৱান, দিনেশ কাৰ্তিক আৰু টিম ছাউদিৰ দৰে ক্ৰিকেটৰ মহান খেলুৱৈসকলে তেওঁলোকৰ কেৰিয়াৰ সমাপ্ত কৰাৰ কঠিন সিদ্ধান্ত লয়। এই তালিকাত, আমি 2024 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ এক বা একাধিক ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰা কিংবদন্তি বিদেশী ক্ৰিকেটাৰসকলৰ নাম উল্লেখ কৰিম।
2024 চনত অৱসৰ গ্ৰহণ কৰা কিংবদন্তি বিদেশী ক্ৰিকেটাৰসকল
1. জেমছ এণ্ডাৰচন
তালিকাৰ শীৰ্ষ নামটো হৈছে জেমছ এণ্ডাৰছনৰ, যিয়ে এই বছৰটোত ক্ৰিকেটক বিদায় দিয়াৰ পৰিকল্পনা কৰিছিল। ইংলেণ্ডৰ দ্ৰুত বলাৰজনক ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে লৰ্ডছত তেওঁৰ অন্তিম খন টেষ্ট মেচ খেলাৰ সুযোগ দিয়া হৈছিল। এণ্ডাৰছনে 12 জুলাই, 2024 তাৰিখে সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। এণ্ডাৰছনে 2009 চনত তেওঁৰ অন্তিমখন টি-20 আৰু 2015 চনত অন্তিমখন এদিনীয়া মেচ খেলিছিল।
এণ্ডাৰছন হৈছে শচীন তেণ্ডুলকাৰৰ (200) পিছত দ্বিতীয় সৰ্বাধিক টেষ্ট খেলা খেলুৱৈ (188)। এণ্ডাৰছনে খেলৰ আটাইতকৈ দীঘল ফৰ্মেটটোত 704 টা উইকেট দখল কৰে, যি কোনো দ্ৰুত বলাৰৰ দ্বাৰা সৰ্বাধিকৰ লগতে মুথাইয়া মুৰলীধৰণ (800) আৰু শ্বেন ৱাৰ্ণ (708) ৰ পিছত তৃতীয় সৰ্বাধিক।
2. ডিন এলগাৰ
86 খন টেষ্ট আৰু 8 খন এদিনীয়া খেলা দক্ষিণ আফ্ৰিকাৰ অপেনাৰ ডিন এলগাৰে 2023-24 চনৰ ডিচেম্বৰ-জানুৱাৰীত ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ডিন এলগাৰ 2024 চনত খেলৰ পৰা অৱসৰ লোৱা প্ৰথম আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আছিল। এলগাৰে তেওঁৰ 86 খন মেচৰ টেষ্ট কেৰিয়াৰত 14 টা শতক আৰু 23 টা অৰ্ধ-শতকৰ সৈতে 37.92 গড়ে 5347 ৰাণ সংগ্ৰহ কৰিছিল। এলগাৰে 18 খন টেষ্ট মেচত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক আছিল, য'ত দক্ষিণ আফ্ৰিকাই 9 খনত জয়ী হৈছিল আৰু 8 খনত পৰাজিত হৈছিল।
3.ডেভিদ ৱাৰ্ণাৰ
অষ্ট্ৰেলিয়াৰ বেটছমেন ডেভিদ ৱাৰ্ণাৰে ২০২৪ চনৰ আৰম্ভণিতে অৱসৰ গ্ৰহণ কৰে। অপেনাৰজনে ছিডনীত পাকিস্তানৰ বিৰুদ্ধে তেওঁৰ অন্তিম টেষ্ট মেচ খেলিছিল আৰু ২০২৪ চনৰ ৬ জানুৱাৰীত খেলখনৰ অন্যতম মহান অল ফৰ্মেট বেটছমেন হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। আনহাতে তেওঁ অন্তিমখন এদিনীয়া খেল ২০২৩ চনৰ ১৯ নৱেম্বৰত আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে খেলিছিল।
ডেভিদ ৱাৰ্ণাৰে তেওঁৰ কেৰিয়াৰত ১১২ খন টেষ্ট মেচ খেলি ৮৭৮৬ ৰাণ সংগ্ৰহ কৰে। আনহাতে এদিনীয়াত, তেওঁ 161 খন মেচ খেলি 6932 ৰাণ সংগ্ৰহ কৰিছে। খেলৰ ওপৰোক্ত দুটা ফৰ্মেটত ৱাৰ্ণাৰৰ নামত ৪৮ টা শতক আছে। এই বছৰৰ জুন মাহত, ৱাৰ্ণাৰে আইচিচি টি-20 বিশ্বকাপ 2024-ৰ শেষত টি-20ৰ পৰাও অৱসৰ গ্ৰহণ কৰে।
4- নীল ৱেগনাৰ
নীল ৱেগনাৰ নিউজীলেণ্ডৰ এজন প্ৰধান দ্ৰুত বলাৰ যিয়ে 27 ফেব্ৰুৱাৰী, 2024 তাৰিখে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ৱেগনাৰে 2012 চনৰ পৰা 2024 চনলৈ নিউজীলেণ্ডৰ হৈ 64 খন টেষ্ট মেচত অংশ লৈ 260 টা উইকেট দখল কৰে।
5- টিম ছাউদি
নিউজীলেণ্ডৰ আন এগৰাকী আগশাৰীৰ বলাৰ টিম ছাউদিয়ে এই বছৰ টেষ্ট ক্ৰিকেটক বিদায় জনায়। তেওঁৰ অন্তিম টেষ্ট মেচখনত নিউজীলেণ্ডে ইংলেণ্ডৰ বিৰুদ্ধে 423 ৰাণৰ জয় সাব্যস্ত কৰে। সোঁহাতৰ পেচাৰগৰাকীয়ে তেওঁৰ 17 বছৰীয়া কেৰিয়াৰ 391 টা টেষ্ট উইকেটৰ সৈতে সমাপ্ত কৰে। কেৱল ৰিচাৰ্ড হেডলীয়ে (431) নিউজীলেণ্ডৰ হৈ ছাউদিতকৈ অধিক টেষ্ট উইকেট দখল কৰিছে।
ছাউদিৰ 2008 চনত ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটিছিল আৰু হেমিল্টনত একেটা বিৰোধী দলৰ বিৰুদ্ধে তেওঁ কেৰিয়াৰৰ অন্তিমটো টেষ্ট খেলি বিদায় লয়। ছাউদিয়ে 107 খন টেষ্টত 391 টা উইকেট দখল কৰে, যিটো কিৱি দলৰ হৈ টেষ্ট ক্ৰিকেটত দ্বিতীয় সৰ্বাধিক উইকেট । তেওঁ খেলৰ আটাইতকৈ দীঘল ফৰ্মেটত 98 টা ছয়েৰে 2245 ৰাণ সংগ্ৰহ কৰিছে, যি টো টেষ্ট ক্ৰিকেটৰ ইতিহাসত যুটীয়া-চতুৰ্থ সৰ্বাধিক।
6- ডাৱিড মালান
ইংলেণ্ডৰ বেটছমেন ডাৱিড মালানে 28 আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ মালান ইংলেণ্ডক দুগৰাকী ক্ৰিকেটাৰৰ এজন (আনজন হৈছে জ’ছ বাটলাৰ), যিয়ে খেলবিধৰ তিনিওটা আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটত শতক অৰ্জন কৰিছে। বাওঁহাতৰ খেলুৱৈজনে 2017 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ আৰু টেষ্ট অভিষেক ঘটিছিল আৰু 2019 চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া খেলত আত্মপ্ৰকাশ কৰিছিল।
মালানে নিজৰ কেৰিয়াৰত 27.53 গড়ে 1074 টেষ্ট ৰাণ, 55.76 ৰ আকৰ্ষণীয় গড়ত 1450 এদিনীয়া ৰাণ আৰু 36.38 গড়ে 1892 টি-20 ৰাণ সংগ্ৰহ কৰে। সামগ্ৰিকভাৱে, মালানে ইংলেণ্ডক প্ৰতিনিধিত্ব কৰি আঠটা শতক আৰু 32 টা অৰ্ধ-শতক অৰ্জন কৰে।
7- মইন আলী
ইংলেণ্ডৰ অলৰাউণ্ডাৰ মইন আলীয়েও 2024 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। এজন আক্ৰমণাত্মক বাওঁহতীয়া বেটছমেন আৰু সোঁ-হাতৰ অফ-স্পিনাৰ হিচাপে তেওঁ নিজৰ ভূমিকা নিখুঁতভাৱে পালন কৰিছিল। আলী ইংলেণ্ডৰ অন্তিম দুটা আইচিচি ট্ৰফী বিজয়, গৃহভূমিত 2019 এদিনীয়া বিশ্বকাপ জয় আৰু অষ্ট্ৰেলিয়াত 2022 টি-20 বিশ্বকাপ জয়ৰ অংশ আছিল। তেওঁ ঘৰুৱা পৰিস্থিতিতো টেষ্ট দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল। 2014 চনত ইংলেণ্ডৰ হৈ আত্মপ্ৰকাশ কৰা আলীয়ে 68 খন টেষ্ট, 138 খন এদিনীয়া আৰু 92 খন টি-20 মেচ খেলিছিল। সামগ্ৰিকভাৱে, আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ 6678 ৰাণ সংগ্ৰহ কৰে য’ত আছে আঠটাকৈ শতক আৰু বলিঙত তেওঁ 366 টা উইকেটো দখল কৰিছে ।