ETV Bharat / sports

ইংলেণ্ডৰ মাজত প্ৰথমখন টি-২০ মেচত আৰ্শদীপ আৰু অভিষেকৰ অভিলেখ - IND VS ENG 1ST T20I

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰৰূপে পৰিগণিত আৰ্শদীপ সিং ৷ ইফালে সৰ্বাধিক ছয় সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত অভিষেক ৷

IND VS ENG 1ST T20I
ইংলেণ্ডৰ মাজত প্ৰথমখন টি-২০ মেচত আৰ্শদীপ আৰু অভিষেকৰ অভিলেখ (ETB Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 23, 2025, 8:19 PM IST

কলকাতা: টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা প্ৰথমজন ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে টীম ইণ্ডিয়াৰ বাওঁহাতৰ বেগী বলাৰ আৰ্শদীপ সিং । ভাৰতীয় লেগ স্পিনাৰ যুজবেন্দ্ৰ চাহালক চেৰ পেলাই তেওঁ এই স্থান অৰ্জন কৰিছে । কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টি-২০ মেচত আৰ্শদীপ সিঙে এই কৃতিত্ব অৰ্জন কৰে ।

আৰ্শদীপ সিঙে আজি মেচখনত প্ৰথমটো উইকেট দখল কৰি টি-২০ত সৰ্বাধিক আন্তৰ্জাতিক উইকেট দখল কৰা যুজবেন্দ্ৰ চাহালৰ (৯৬) অভিলেখ স্পৰ্শ কৰে । ইয়াৰ পাছত দ্বিতীয়টো উইকেট দখল কৰি আৰ্শদীপ ভাৰতৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা ১ নম্বৰ বলাৰ হিচাপে পৰিগণিত হয় ।

ইংলেণ্ডৰ ইনিংছৰ তৃতীয় বলত আৰ্শদীপ সিঙে প্ৰথমটো উইকেট দখল কৰি ফিল ছল্টক শূন্য স্ক’ৰ আউট কৰে । ইয়াৰ পিছতে দ্বিতীয় ইনিংছৰ তৃতীয় অভাৰৰ পঞ্চম বলত ৪ ৰাণৰ ব্যক্তিগত স্ক’ৰত বেন ডাকেটক আউট কৰে । ইয়াৰ লগে লগে আৰ্শদীপে এই ডাঙৰ কৃতিত্ব অৰ্জন কৰে ।

ইংলেণ্ডৰ ইনিংছৰ তৃতীয় বলত শূন্য স্ক’ৰত ফিল ছল্টক আউট কৰি আৰ্শদীপে ২টা উইকেট দখল কৰি এই ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰে । ইয়াৰ পাছত দ্বিতীয় ইনিংছৰ তৃতীয় অভাৰৰ পঞ্চম বলত বেন ডাকেটক ব্যক্তিগতভাৱে ৪ ৰাণৰ স্ক’ৰত আউট কৰে । এইখিনিৰেই আৰ্শদীপে নিজৰ নামত এই ডাঙৰ সাফল্য অৰ্জন কৰিলে।

ইফালে মেচখনত অভিষেক শৰ্মাই অৰ্ধশতকৰ এক উজ্জ্বল ইনিংছ খেলিছিল । বাওঁহাতৰ বেটছমেনগৰাকীয়ে মাত্ৰ ৩৪টা বলত ৮টা ছয়ৰ সহায়ত ৭৯ ৰাণ সংগ্ৰহ কৰে । এই ধুমুহাময় ইনিংছৰ সহায়ত শিষ্য অভিষেকে নিজৰ গুৰু যুৱৰাজ সিঙৰ এক ডাঙৰ অভিলেখ ভংগ কৰে ।

অভিষেকে ক্ৰীজত থকাৰ সময়ছোৱাত ৮টা ছয় সংগ্ৰহ কৰি যুৱৰাজ সিঙক অতিক্ৰম কৰি টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ইনিংছত সৰ্বাধিক ছয় সংগ্ৰহ কৰা ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় । ২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰাৰ সময়ত যুৱৰাজে ৭ টা ছয় মাৰিছিল ।

তদুপৰি অভিষেকে মাত্ৰ ২০টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰি ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় বেটছমেনৰ দ্বাৰা দ্বিতীয় দ্ৰুততম অৰ্ধশতক অৰ্জন কৰে । ২০০৭ চনৰ টি-২০ বিশ্বকাপত মাত্ৰ ১২টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰা গুৰু যুৱৰাজ সিঙৰ পিছতে আছে ২৪ বছৰীয়া অভিষেক । এইখনেই আছিল সেই একেখন মেচত য’ত যুৱৰাজ সিঙে ষ্টুয়াৰ্ট ব্ৰডক ১ অভাৰত ৬ টা ছয় মাৰে ।

লগতে পঢ়ক: বছৰৰ প্ৰথমখন টি-২০ত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.