অসম

assam

ETV Bharat / sports

ভাৰত-অষ্ট্ৰেলিয়া অনুৰ্ধ 19 শৃংখলাৰ অধিনায়কৰ দায়িত্বত ইউ পি মহম্মদ আমান - INDIA U19 SQUAD - INDIA U19 SQUAD

Mohammad Amaan: মহম্মদ আমানক ভাৰতৰ অনুৰ্ধ-19 দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া শৃংখলাত আমানক অধিনায়ক হিচাপে দায়িত্ব পালন কৰা দেখা যাব । ইয়াৰ পূৰ্বে ভাৰতৰ হৈ এছিয়া কাপত অংশগ্ৰহণ কৰা অমনৰ উন্নত প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে ।

INDIA U19 SQUAD
ইউ পি মহম্মদ আমান (ETV Bharat)

By ETV Bharat Sports Team

Published : Sep 1, 2024, 7:28 PM IST

স্প’ৰ্টছ ডেস্ক, 1 ছেপ্টেম্বৰ:উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ মহম্মদ আমানক ভাৰতৰ অনুৰ্ধ-19 দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছে । খেলুৱৈগৰাকীক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া অনুৰ্ধ-19 শৃংখলাত অধিনায়ক হিচাপে দায়িত্ব পালন কৰা দেখা যাব ৷ এই শৃংখলাৰ বাকী দলবোৰৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় নাম হৈছে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড় ।

উত্তৰ প্ৰদেশৰ বাবে বিশেষ কথাটো হ'ল যে, প্ৰতিভাশালী ক্ৰিকেটাৰ আমানক ভাৰতীয় দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে । ইয়াৰ পূৰ্বে ভাৰতৰ হৈ এছিয়া কাপত অংশগ্ৰহণ কৰা অমনক তেওঁৰ উন্নত প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে ।

মহম্মদ আমান ভাৰতৰ অনুৰ্ধ-19 দলৰ অধিনায়ক নিযুক্ত

চাহাৰনপুৰৰ খানালমপুৰাৰ বাসিন্দা মহম্মদ আমানক অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ বাবে অনুৰ্ধ-19 ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে । যি সিদ্ধান্তত সুখ প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীসকলে । পূৰ্বে 2023 চনৰ নৱেম্বৰত অনুষ্ঠিত এছিয়া কাপত অমনে অনুৰ্ধ-19 দলৰ হৈ খেলিছিল ৷

মহম্মদ আমান এগৰাকী প্ৰতিভাশালী বেটছমেন । 2023 চনত তেওঁক প্ৰথমে উত্তৰ প্ৰদেশ অনুৰ্ধ-19 দলৰ অধিনায়ক হিচাপে নিযুক্ত কৰা হৈছিল ।

তেওঁৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বি চি চি আইয়ে তেওঁক চেলেঞ্জাৰ ট্ৰফীৰ বাবে ভাৰত-এ দলৰ বাবে বাছনি কৰে । চেলেঞ্জাৰ ট্ৰফীত অমনে দুটা শতক অৰ্জন কৰি নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে । যাৰ বাবে খেলুৱৈগৰাকীক এছিয়া কাপৰ বাবে অনুৰ্ধ-19 ভাৰতীয় দলত স্থান দিয়া হয় ।

কেনেধৰণে অনুষ্ঠিত হ’ব ভাৰত-অষ্ট্ৰেলিয়াৰ শৃংখলা ?

অষ্ট্ৰেলিয়া-19 ৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু দুখন চাৰিদিনীয়া টেষ্ট মেচত অংশগ্ৰহণ কৰিব ভাৰতীয় দলটোৱে ৷ সেই অনুসৰি 21, 23 আৰু 26 ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তিনিখন এদিনীয়া মেচ ৷

ইয়াৰ পিছত দল দুটাৰ মাজত প্ৰথমখন টেষ্ট মেচ অনুষ্ঠিত হ’ব 30 ছেপ্টেম্বৰৰ পৰা 3 অক্টোবৰলৈ ৷ পৰৱৰ্তী সময়ত ক্ৰমে দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব 7 অক্টোবৰৰ পৰা 10 অক্টোবৰলৈ ৷ পুডুচেৰীত তিনিখন এদিনীয়া মেচ অনুষ্ঠিত হোৱাৰ বিপৰীতে চেন্নাইত অনুষ্ঠিত হ’ব বাকী দুখন টেষ্ট মেচ ৷

ভাৰতৰ অনুৰ্ধ-১৯ এদিনীয়া দল:ৰুদ্ৰ পেটেল, চাহিল পাৰখ, কাৰ্তিকেয় কেপি, মহম্মদ আমান(অধিনায়ক), কিৰণ চোৰমালে, অভিজ্ঞান কুণ্ডু (উইকেটৰক্ষক), হৰবংশ সিং পাংগলিয়া (উইকেটৰক্ষক), সমিত দ্ৰাবিড়, যুধ্বজ গুহ, সমৰ্থ এন, নিখিল কুমাৰ, চেতন শৰ্মা, হাৰ্দিক ৰাজ, ৰোহিত ৰাজ অৱট, মহম্মদ এনান ।

ভাৰতৰ টেষ্ট অনুৰ্ধ-19 দল:বৈভৱ সূৰ্যবংশী, নিত্য পাণ্ডিয়া, বিহান মালহোত্ৰা (সহ অধিনায়ক), সোহম পাটৱৰ্ধন(অধিনায়ক), কাৰ্তিকেয় কেপি, সমিত দ্ৰাবিড়, অভিজ্ঞান কুণ্ডু(উইকেটৰক্ষক), হৰবংশ সিং পাংগলিয়া(উইকেটৰক্ষক), চেতন শৰ্মা, সমৰ্থ এন, আদিত্য ৰাৱট, নিখিল কুমাৰ, অনমোলজিৎ সিং, আদিত্য সিং, মহম্মদন এনান ৷

লগতে পঢ়ক:ধোনী-কোহলীৰ মাজত নাই কোনো বন্ধুত্ব ! বিতৰ্কৰ পৰা বিৰত থকা ধোনীয়ে কিয় ক’লে এনেদৰে - MS DHONI VS VIRAT KOHLI

ABOUT THE AUTHOR

...view details