স্প’ৰ্টছ ডেস্ক, ৭ জুন : বৃহস্পতিবাৰে আমেৰিকা ক্ৰিকেট দলৰ হাতত পৰাস্ত হৈছে ক্ৰিকেট তাৰকাৰে গঠিত দল পাকিস্তান ৷ টি 20 বিশ্বকাপৰ প্ৰাক্তন চেম্পিয়ন পাকিস্তানক ছুপাৰ অভাৰত পৰাস্ত কৰে আমেৰিকাই ৷ গ্ৰুপ পৰ্যায়ৰ 11 সংখ্যক মেচত ঘটা এই অঘটনে দৃষ্টি আকৰ্ষণ কৰে সকলো ক্ৰিকেটপ্ৰেমীৰ ৷
মেচখনত প্ৰথমে পাকিস্তানে বেট ধৰি 20 অভাৰত 7 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 159 ৰাণ ৷ আমেৰিকাৰ দলটোৱে 20 অভাৰত 3 উইকেট হেৰুৱাই 159 ৰাণ সংগ্ৰহ কৰাত মেচখন টাই হৈ পৰে । ইয়াৰ পিছত ছুপাৰ অভাৰত মেচখনৰ ফলাফল ওলায়, য’ত পাকিস্তানক হৰুৱাই আমেৰিকাক বিজয়ী ঘোষিত কৰা হয় ।
ছুপাৰ অভাৰৰ ৰোমাঞ্চ কেনেকুৱা আছিল ?
এটাও উইকেট নেহেৰুৱাকৈ ছুপাৰ অভাৰত ইউ এছ এৰ দলটোৱে 6 টা বলত সংগ্ৰহ কৰে 18 ৰাণ ৷ ছুপাৰ অভাৰত মহম্মদ আমিৰে দলৰ হৈ 18 ৰাণ সংগ্ৰহ কৰে । এই অভাৰতে অতিৰিক্তভাৱে দলটোৱে 8 ৰাণ সংগ্ৰহ কৰে ।
19 ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা পাকিস্তানৰ দলটোৱে 6 টা বলত এটা উইকেট হেৰুৱাই মাত্ৰ 13 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ আমেৰিকাৰ হৈ সৌৰভ নেত্ৰৱালকাৰে বলিং কৰি মাত্ৰ 13 ৰাণতে সীমাবদ্ধ কৰি ৰাখে প্ৰতিপক্ষক ৷
মেচখন কেনেকুৱা আছিল ?
পাকিস্তানৰ হৈ ছাদাব খানে 25 টা বলত 40 ৰাণ আৰু অধিনায়ক বাবৰ আজমে 43 টা বলত 44 ৰাণ সংগ্ৰহ কৰে ৷ যাৰ বাবে দলটোৱে সৰ্বমুঠ 159 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । আমেৰিকাৰ হৈ কেনজিগে 3 টা আৰু সৌৰভে দুটা উইকেট দখল কৰে ।
আনহাতে, আমেৰিকাৰ হৈ মনাক পেটেলে অৰ্ধশতক অৰ্জন কৰি দলটোক এক শক্তিশালী স্থিতি প্ৰদান কৰে ৷ দলটোৰ হৈ এৰন জ’নে 26 টা বলত অপৰাজিত 36 ৰাণ আৰু ড্ৰাইছ গুছে 35 ৰাণ সংগ্ৰহ কৰি মেচখনত সমতা স্থাপন কৰে । পাকিস্তানৰ হৈ মহম্মদ আমিৰ, নছিম শ্বাহ আৰু হৰিশ ৰাউফে মাত্ৰ এটাকৈ উইকেট লাভ কৰে ৷ ইয়াৰ পিছতে চুপাৰ অভাৰৰ জৰিয়তে মেচখনৰ ফলাফল ঘোষণা কৰা হয় ৷
লগতে পঢ়ক :টি-২০ ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীৰ ৰেকৰ্ড ডেভিদ ৱাৰ্ণাৰৰ - t20 world cup 2024