ETV Bharat / state

সোণোৱাললৈ অৰুণাচলৰ গুৰু দায়িত্ব; বিজেপিয়ে অসমৰ ভাৰ অৰ্পন কৰিলে গজেন্দ্ৰ শ্বেখাৱতক - SARBANANDA SONOWAL

বিজেপিয়ে অৰুণাচল প্ৰদেশৰ প্ৰভাৰী হিচাপে গুৰু দায়িত্ব দিলে সৰ্বানন্দ সোণোৱালক; লগতে গজেন্দ্ৰ সিং শ্বেখাৱতক দিলে অসমৰ প্ৰভাৰী হিচাপে নিযুক্তি ৷

Assam BJP appoints 36 district presidents
সৰ্বানন্দ সোণোৱাল (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 7:19 AM IST

Updated : Jan 4, 2025, 9:24 AM IST

গুৱাহাটী : পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক স্থিতি সুদৃঢ় কৰাৰ লক্ষৰে দলীয় নেতৃত্বৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত বিশ্বাস ৰাখি এক গুৰু দায়িত্ব অৰ্পন গেৰুৱা দলটোৰ ৷ লগতে অসমৰ বাবেও এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ৰাষ্ট্ৰীয় দলটোৰ ৷

দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ সভাপতি আৰু ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য নিৰ্বাচনৰ দিশটো চোৱা-চিতা কৰাৰ বাবে একাংশ কেন্দ্ৰীয় মন্ত্ৰী আৰু নেতাৰ ওপৰত দায়িত্ব অর্পণ কৰি তেওঁলোকক প্ৰভাৰী হিচাপে নিযুক্তি দিছে বিজেপিয়ে । বিজেপিৰ কেন্দ্ৰীয় নেতৃবৃন্দই কৰা ঘোষণা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰুণাচল প্ৰদেশৰ প্ৰভাৰী হিচাপে দায়িত্ব দিয়া হৈছে ।

আনহাতে অসমৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতক । প্ৰতিখন ৰাজ্যতে প্ৰভাৰী নিযুক্তি দিয়া হৈছে । উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ বাবে নিযুক্তি দিয়া প্ৰভাৰীসকল হৈছে ক্ৰমে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জর্জ কুৰিয়নক মেঘালয়ৰ, বিজেপিৰ মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বান্তি শ্ৰীনিবাসনক মিজোৰামৰ, প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী বি মুলীধৰণক নাগালেণ্ডৰ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক ছিকিমৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী জুৱেল অ'ৰামক ত্ৰিপুৰাৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে ।

সমান্তৰালকৈ ৰাজ্যিক পৰ্যায়তো দলীয় গুৰুত্বপূৰ্ণ পদবোৰত ব্যাপক ৰদ-বদল ঘটাইছে বাজপেয়ী ভৱনে ৷ পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্ণোদ্যমে সাজু হৈছে শাসকীয় দল বিজেপি । দলীয় সাংগঠনিক ভেঁটি অধিক সুদৃঢ় কৰাৰ বাবে বিজেপিয়ে তৃণমূল পৰ্যায়ৰ পৰা সকলো স্তৰতে বিশেষ গুৰুত্ব আৰোপ কৰিছে ।

সাংগঠনিক তৎপৰতাৰ অংশ স্বৰূপে বিজেপিৰ অসম প্ৰদেশৰ ৩৯ খন জিলাৰ ভিতৰত ৩৬ খন জিলা সমিতিৰ সভাপতিৰ নাম ঘোষণা কৰা হৈছে । ঘোষিত তালিকা অনুসৰি বিভিন্ন জিলাৰ সভাপতিসকল হৈছে ক্ৰমে -

BJP appoints 36 district presidents
বিজেপিৰ সাংগঠনিক তৎপৰতা (ETV Bharat)
  • বজালীৰ পদ্ম শৰ্মা,
  • বাক্সাৰ দীনেশ বসু,
  • বৰপেটাৰ মহেন্দ্ৰ দাস,
  • বিশ্বনাথৰ অসীম দাস,
  • বঙাইগাঁৱৰ উজ্জ্বলকান্তি ৰয়,
  • কাছাৰৰ ৰূপম সাহা,
  • চৰাইদেউৰ নিতুমণি প্ৰধান,
  • চিৰাঙৰ ৰতন ৰয়,
  • দৰঙৰ মুকুন্ত ডেকা,
  • ধেমাজিৰ ৰূপা কামান,
  • ধুবুৰীৰ প্ৰকাশ কালী,
  • ডিমা হাচাওৰ ধৃতী থাওচেন,
  • বিলাসীপাৰাৰ দেৱজিৎ বৰকলিতা,
  • ডিব্ৰুগড়ৰ দুলাল বৰা,
  • ঢকুৱাখনাৰ স্বৰূপ কোঁৱৰ,
  • গোৱালপাৰাৰ দীপাংক নাথ,
  • গোলাঘাটৰ চন্দ্ৰজিৎ ঠাকুৰ,
  • গুৱাহাটীৰ তপন দাস,
  • হাইলাকান্দিৰ কল্যাণ গোস্বামী,
  • যোৰহাটৰ শান্তনু পূজাৰী,
  • কলিয়াবৰৰ বাবুল বৰা,
  • কাৰ্বি আংলঙৰ (পূব) ৰোলেণ্ড কিলিং,
  • কাৰ্বি আংলঙৰ (পশ্চিম) ৰদীপ ৰংহাং,
  • শ্ৰীভূমিৰ সঞ্জীৱ বণিক,
  • লখিমপুৰৰ শ্যামল শৰ্মা,
  • মৰিগাঁৱৰ ৰামপ্ৰসাদ সৰকাৰ,
  • নগাঁৱৰ ৰঞ্জিত বৰদলৈ,
  • নলবাৰীৰ জয়ন্ত বেজবৰুৱা,
  • উত্তৰ-কামৰূপৰ ভাস্কৰ কলিতা,
  • শিৱসাগৰৰ বিতোপন ৰায়দঙীয়া,
  • শোণিতপুৰৰ মধুস্মিতা ডেকা,
  • দক্ষিণ কামৰূপৰ অঞ্জন গোস্বামী,
  • দক্ষিণ শালমাৰা মানকাচৰৰ ৰঞ্জিত কুমাৰ সাহা,
  • তামুলপুৰৰ ভিক্টৰ দাস,
  • তিনিচুকীয়াৰ কুশকান্ত বৰা আৰু
  • ওদালগুৰিৰ সুনীল বসুমতাৰী ।

লক্ষণীয় বিষয় যে তালিকাত বিজেপিৰ হোজাই, কোকৰাঝাৰ আৰু মাজুলী জিলাৰ সভাপতিৰ নাম উল্লেখ কৰা হোৱা নাই । ৩৯ খনলৈ আগবাঢ়ি ৩৬ ত থমকিছে বিজেপি । হোজাই, মাজুলী আৰু কোকৰাঝাৰত নিযুক্তি দিব পৰা নাই জিলা সভাপতি । জিলা সভাপতিৰ নতুন তালিকাত কিছু পুৰণিয়ে স্থান পোৱাৰ লগতে নতুন মুখ অন্তৰ্ভুক্ত হৈছে ।

লগতে পঢ়ক : পঞ্চায়ত নিৰ্বাচন : শাসকীয় দলৰ তৎপৰতাৰ বিপৰীতে নিষ্প্ৰভ বিৰোধী

লগতে পঢ়ক : দিন চূড়ান্ত নহ’লেও সাজু বিজেপি; 'টীম পঞ্চায়ত' গঠন অসম বিজেপিৰ

Last Updated : Jan 4, 2025, 9:24 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.