নগাঁও : "বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰত আশিস ল'লে পূৰ্ণ হয় সকলো মনোবাঞ্ছা ।" এয়া সকলো হিন্দু ধৰ্মাৱলম্বী লোকৰে মনোবিশ্বাস । এই মনোবিশ্বাসতেই ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতে বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰত ভিৰ কৰিছে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰো বহু ভক্তপ্ৰাণ লোকে ।
বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ সমাগম ঘটা মহা মৃত্যুঞ্জয় মন্দিৰত ইংৰাজী নতুন বছৰটোৰ পহিলা দিনটোৰ পৰাই এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে । স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ পৰা ব্যাৱসায়ী, ৰাজনৈতিক নেতাও নতুন বছৰটোত মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ আশিস লৈছে মহাদেৱৰ ।
মহা মৃত্যুঞ্জয় মন্দিৰৰ বিৱৰণ
নগাঁও চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ নিলগৰ পুৰণিগুদাম ভেৰভেৰিত অৱস্থিত বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ । ২০০৩ চনত আচাৰ্য ভৃগু গিৰি মহাৰাজে আৰম্ভ কৰা এই মন্দিৰৰ নিৰ্মাণকাৰ্য ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ হৈছিল । তাৰ পাছত ২০২১ চনতেই ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই মহা মৃত্যুঞ্জয় মন্দিৰটো ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰা হয় ।
স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে । ১২৬ ফুট ওখ শিৱ লিংগৰ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ হিচাপেই বিবেচিত হৈ আহিছে । পূৰ্বে আচাৰ্য ভৃগু গিৰি মহাৰাজে ধ্যান কৰিবলৈ এই ঠাইখণ্ড ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচাৰ্যই প্ৰাচীনকালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহা মৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল ।
![Lingakara Maha Mrityunjaya temple](https://etvbharatimages.akamaized.net/etvbharat/prod-images/04-01-2025/as-ngn-01-3dcmbr-mahamrityunjay-mandir-7203829_03012025190605_0301f_1735911365_844.jpg)
এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগু গিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল । ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত মন্দিৰটোৰ উদ্বোধন আৰু প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱত বিশেষ অতিথি হিচাপে উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্দিৰৰ পূজা আৰু যজ্ঞত অংশগ্ৰহণ কৰিছিল । মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছতে সাধাৰণ ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছিল ।
অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা প্ৰায় ১২০ কিলোমিটাৰ দূৰৈত অৱস্থিত বিশ্বৰ সৰ্বোচ্চ লিংগাকাৰ এই মহা মৃত্যুঞ্জয় মন্দিৰলৈ প্ৰভুৰ কৃপাদৃষ্টি লাভ কৰাৰ মনোবাঞ্ছাৰে দেশ-বিদেশৰ পৰাও অগণন ভক্ত আৰু পৰ্যটক আহে ।