ETV Bharat / state

মাৰ্চত অনুষ্ঠিত হ'ব ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন : মুখ্যমন্ত্ৰী - ASSAM CM GOALPARA VISIT

গোৱালপাৰাৰ দুধনৈত ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয়, সংগ্ৰহালয়, ই-লাইব্ৰেৰীৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ ।

Assam CM Goalpara visit
মুখ্যমন্ত্ৰীৰ গোৱালপাৰাত কেইবাটাও প্ৰকল্প উদ্বোধন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 8:51 AM IST

গোৱালপাৰা : শুকুৰবাৰে বিয়লি গোৱালপাৰা জিলাৰ দুধনৈত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । দুধনৈত মুখ্যমন্ত্ৰীয়ে ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয় শুভ উদ্বোধন কৰে । ইয়াৰ উপৰি একেটা চৌহদতে থকা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সংগ্ৰহালয় আৰু ডিজিটেল লাইব্ৰেৰী উদ্বোধন কৰে । আনহাতে, ৰাভা জনজাতীয় লোকসকলৰ ৰজা বীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিও উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

তিনিটাকৈ শুভ উদ্বোধনী কাৰ্যসূচীৰ পিছত এখন জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে । ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আদৰণী ভাষণ আগবঢ়োৱা জনসভাত মুখ্যমন্ত্ৰীয়ে ৰাইজক নৱবৰ্ষৰ শুভকামনা জনায় ।

মুখ্যমন্ত্ৰীৰ গোৱালপাৰাত কেইবাটাও প্ৰকল্প উদ্বোধন (ETV Bharat Assam)

ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, "ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক অধিকাৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ সন্মতি প্ৰকাশ কৰি ইতিমধ্যে প্ৰস্তাৱ প্ৰেৰণ কৰিছে । চলিত বৰ্ষতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাভা সংগ্ৰামী সংগঠনৰ সৈতে ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে বিষয়টো আগুৱাই নিয়াৰ পোষকতা কৰা হৈছে । ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ সংগ্ৰামখনত আমাৰ সম্পূৰ্ণৰূপে সমৰ্থন আছে ।"

জনসভাৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাংবাদিকেৰে হোৱা বাৰ্তালাপত কয়, "অহা মাৰ্চত ৰাভা হাছঙৰ নিৰ্বাচন অনুষ্ঠিত হ'ব । আশা কৰা হৈছে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ ১০ তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনো সমাপ্ত হ'ব ।"

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপৰে মিত্ৰতা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "পঞ্চায়ত নিৰ্বাচনত অগপৰ সৈতে স্থানীয় পৰ্যায়ত মিত্ৰতা হ'ব ।" ইপিনে ৰাজ্যত আধাৰ কাৰ্ডৰ বিসংগতি সম্পৰ্কে শনিবাৰে জাননী ওলাব বুলি উল্লেখ কৰি কয় যে ২০১৪ চনত যদি কোনো ভাৰতীয়ই এন আৰ চিৰ বাবে আবেদন কৰা নাছিল, তেনে ব্যক্তিয়ে ৰাজ্য তথা ভাৰতৰ কোনো ঠাইতে আধাৰ কাৰ্ড বনাব নোৱাৰিব ।

গোৱালপাৰা জিলাৰ হাতী-মানুহৰ সংঘাতৰ বিষয়ে কয় যে একাংশ মানুহে বনৰীয়া হাতীৰ বাসস্থানসমূহ দখল কৰি ঘৰ-বাৰী বনাই আছে । যাৰ ফলত দিনক দিনে গোৱালপাৰাত হাতী-মানুহৰ সংঘাত তীব্রতৰ হৈ পৰিছে । এই বিষয়ে অনাগত দিনত বন বিভাগৰ সৈতে আলোচনা কৰি বনভূমিত থকা ঘৰ-বাৰীসমূহ উচ্ছেদ কৰা হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক :বিজেপিৰ সাংগঠনিক তৎপৰতা : ৩৬ গৰাকী জিলা সভাপতি নিযুক্তি - BJP APPOINTS PRESIDENTS
লগতে পঢ়ক :বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰত ভক্তৰ ভিৰ - LINGAKARA MAHA MRITYUNJAYA TEMPLE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.