অসম

assam

ETV Bharat / sports

ছুপাৰ ৮ পৰ্যায়ত অষ্ট্ৰেলিয়া-আফগানিস্তানৰ বিৰুদ্ধে যুঁজ টীম ইণ্ডিয়াৰ - T20 World Cup 2024 - T20 WORLD CUP 2024

India T20 WC 2024 Super 8 Schedule : চলিত টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ পৰ্যায়ত টীম ইণ্ডিয়া ইতিমধ্যে প্ৰৱেশ কৰিছে । ছুপাৰ-৮ পৰ্যায়ত ভাৰতে কেতিয়া, ক'ত আৰু কোন দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

India T20 WC 2024 Super 8 Schedule
টীম ইণ্ডিয়া (ANI Photo)

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 7:25 PM IST

স্পৰ্টছ ডেস্ক, ১৪ জুন :ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাই যুটীয়াভাৱে আয়োজন কৰা টি-২০ বিশ্বকাপ, ২০২৪ৰ গ্ৰুপ পৰ্যায়ৰ খেল বৰ্তমান অন্তিম পৰ্যায়ত উপস্থিত হৈছে । ইয়াৰ পিচতে প্ৰতিযোগিতাখনৰ ছুপাৰ-8 ৰাউণ্ড অনুষ্ঠিত হ'ব । এই পৰ্যায়ত শীৰ্ষ 8 টা দলে ছেমি ফাইনেলত উপনীত হ'বৰ বাবে যুঁজ আগবঢ়াব । টীম ইণ্ডিয়াই ইতিমধ্যে গ্ৰুপ পৰ্যায়ত আয়াৰলেণ্ড, পাকিস্তান আৰু আমেৰিকাক পৰাস্ত কৰি ছুপাৰ-8ৰ টিকট নিশ্চিত কৰিছে । ছুপাৰ-8 পৰ্যায়ত ভাৰতে কোন কোন দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এবাৰ চাওঁ আহক...

ছুপাৰ-8 পৰ্যায়ত ভাৰতৰ প্ৰতিদ্বন্দ্বিতা

ছুপাৰ-8ত ভাৰত গ্ৰুপ-1ত আছে । টীম ইণ্ডিয়াই এই পৰ্যায়ত তেওঁলোকৰ গ্ৰুপৰ আন ৩ টা দলৰ বিৰুদ্ধে ৩ খন মেচ খেলিব লাগিব । ভাৰতৰ উপৰি অষ্ট্ৰেলিয়া আৰু আফগানিস্তান গ্ৰুপ-1ত আছে । এই দুয়োটা দলে ইতিমধ্যে ছুপাৰ-৮ত স্থান লাভ কৰিছে । আনহাতে, এই গ্ৰুপত আনটো দল কোন হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । গ্ৰুপ পৰ্যায়ৰ শেষলৈকে চতুৰ্থ দলটো স্পষ্ট হ'ব ।

লগতে পঢ়ক:ফ্ল’ৰিডাত বৰষুণৰ বিধি-পথালি; ভাৰত আৰু কানাডাৰ মেচকে ধৰি তিনিখন খেল পৰিত্যক্ত হোৱাৰ সম্ভাৱনা - T20 World Cup 2024

ভাৰতে ২০ জুনত বাৰ্বাডোজত আফগানিস্তানৰ বিৰুদ্ধে ছুপাৰ-৮ত প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব । ইয়াৰ উপৰি ২২ জুনত এণ্টিগুৱাত টীম ইণ্ডিয়াই গ্ৰুপ-ডিত দ্বিতীয় স্থান লাভ কৰা দলটোৰ বিৰুদ্ধে দ্বিতীয়খন মেচ খেলিব । অৱশ্যে এই দলটো এতিয়ালৈকে চূড়ান্ত হোৱা নাই । ইয়াৰ পিচত ভাৰতে 24 জুনত ছেইণ্ট লুচিয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছুপাৰ-8 পৰ্যায়ৰ তৃতীয়খন মেচ খেলিব লাগিব ।

কোনকেইটা দল ছেমি ফাইনেলত উপনীত হ'ব

গ্ৰুপ পৰ্যায়ৰ পৰা প্ৰতিটো গ্ৰুপৰ অন্তিম স্থানৰ 3 টাকৈ দল প্ৰতিযোগিতাখনৰ পৰা বাহিৰ ওলাব । ইয়াৰ বিপৰীতে চাৰিটা গ্ৰুপৰ শীৰ্ষ দুটা দল ছুপাৰ-8 পৰ্যায়ত উপনীত হ'ব । আনহাতে, ছুপাৰ 8 পৰ্যায়ত এই আঠটা দলক আন দুটা গ্ৰুপত বিভক্ত কৰা হ'ব । ইয়াৰ পৰা ছেমি ফাইনেলিষ্ট 4 টা দল নিৰ্ধাৰণ কৰিবলৈ তেওঁলোকৰ গ্ৰুপৰ দলবোৰৰ বিৰুদ্ধে 3 খন মেচ খেলিব লাগিব । ছেমি ফাইনেলখন প্ৰতিটো ছুপাৰ-8 গ্ৰুপৰ শীৰ্ষ দুটা দলৰ মাজত অনুষ্ঠি হ'ব । তাৰে বিজয়ী দুটা দলে ২৯ জুনত বাৰ্বাডোজত ফাইনেল খেলিব ।

লগতে পঢ়ক :কানাডাৰ বিৰুদ্ধে খেলৰ পাচতে ঘৰমুৱা হ’ব দুই ভাৰতীয় খেলুৱৈ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details