ETV Bharat / entertainment

'শেৱালী তুমি ফুলিচা শাৰদী ৰাতি' গীতৰ শুভমুক্তি - MUNINDRA SAIKIA SONG SEWALI TUMI

কণ্ঠশিল্পী, সুৰকাৰ মুনীন্দ্ৰ শইকীয়াৰ কণ্ঠত এটি সুন্দৰ গীত অলপতে অসমৰ সংগীতপ্ৰেমীৰ বাবে মুকলি কৰি দিয়া হয় ৷

singer-composer-Munindra Saikias-new-song-sewali-tumi-fulisa-sarodi-raati-released
অসমৰ সংগীতপ্ৰেমীৰ বাবে নতুন এটি গীত (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Jan 7, 2025, 11:11 AM IST

হায়দৰাবাদ : যোৱা তিনিটা দশক ধৰি অসমৰ সংগীতপ্ৰেমীৰ মাজত এগৰাকী কণ্ঠশিল্পী, সুৰকাৰ হিচাপে অতি চিনাকি হৈ পৰিছে মুনীন্দ্ৰ শইকীয়াৰ নাম । কণ্ঠশিল্পী, সুৰকাৰ মুনীন্দ্ৰ শইকীয়াৰ কণ্ঠত মুক্তি পালে এটি নতুন গীত ৷ 'শেৱালী তুমি ফুলিচা শাৰদী ৰাতি' শীৰ্ষক এটি গীত অসমৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় । গীতৰ কথা অসমৰ প্ৰখ্যাত তবলা বাদক আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ শিল্পী প্ৰয়াত পুষ্পকান্ত বৰাৰ । সুৰ আৰু কণ্ঠ মুনীন্দ্ৰ শইকীয়াৰ, সংগীতেৰে সজাইছে চিৰপৰিচিত সংগীত পৰিচালক অভিজিত বৰ্মনে ।

মনোমোহা এই গীতটিৰ কথাৰ লগতে সুৰৰ সংমিশ্ৰণ অতি সুন্দৰ হৈছে । গীতটি মুনীন্দ্ৰ শইকীয়াৰ কণ্ঠত প্ৰাণ পাই উঠিছে । গীতটিত অসমৰ বহুকেইজন বিশিষ্ট বাদ্যযন্ত্ৰীয়ে সহায়ৰ হাত আগবঢ়াইছে । তেওঁলোক হ'ল তবলাবাদক দিলীপ মজুমদাৰ আৰু ভাস্কৰ ওজা, বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰী ৷ গীটাৰ সংগত কৰিছে অসমৰ বিশিষ্ট গীতাৰবাদক তপন দাসে ৷

মুনীন্দ্ৰ শইকীয়াই অসমৰ সংগীতৰ ক্ষেত্ৰখনত বহুকেইজন বিশিষ্ট গীতিকাৰৰ গীতত সুৰ সংযোজন কৰি অসমৰ ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছে ৷ শইকীয়াই যিসকল গীতিকাৰৰ গীতত সুৰ আৰু কণ্ঠদান কৰিছে তাৰ ভিতৰত বনকোঁৱৰ আনন্দিৰাম দাস, কবি-গীতিকাৰ হীৰেণ ভট্টাচাৰ্য, সাহিত্যিক-গীতিকাৰ ড॰ নিৰ্মলপ্ৰভা বৰদলৈ, গীতিকাৰ কৌস্তভমণি শ‌ইকীয়া, গীতিকাৰ কেশৱ দত্ত, গীতিকাৰ মনোহৰ কলিতা, গীতিকাৰ মধু পাটোৱাৰী, ডাঃ মৃণাল চৌধুৰী, গীতিকাৰ ড॰ অৰবিন্দ দেৱনাথ, গীতিকাৰ-সুৰকাৰ-কণ্ঠশিল্পী-কণ্ঠসূৰ্য জিতেন ডেকা, গীতিকাৰ উপানন্দ তালুকদাৰ, গীতিকাৰ হীৰেণ গোস্বামীকে ধৰি বহুজনৰ নাম ল’ব পাৰি ৷

মুনীন্দ্ৰ শইকীয়াৰ লগতে গীতসমূহত কণ্ঠদান কৰিছে তেখেতৰ সহধৰ্মিনী ড৹ অনামিকা ডেকা, সবিতা বৰ্মন, অনিতা বৰঠাকুৰ আদিয়ে ৷ মুনীন্দ্ৰ শইকীয়াই অসমৰ বিশিষ্ট বিহুগীতৰ শিল্পী বিমান বৰুৱাৰ পৰিচালনাত বিহুগীতো বাণীবদ্ধ কৰিছে ৷ শইকীয়াই বৰ্তমান অসমৰ আপুৰুগীয়া সম্পদ বনগীতসমূহৰ প্ৰচাৰত বিশেষভাৱে উদ্যোগ লৈছে ৷ তেখেতে বনকোঁৱৰ আনন্দিৰাম দাসৰ ৰচিত বনগীতসমূহ প্ৰচাৰ আৰু সংৰক্ষণৰ কাৰণে অসমৰ বিভিন্ন ঠাইত কৰ্মশালাৰ আয়োজন কৰি নতুন প্ৰজন্মৰ মাজত প্ৰচাৰৰ ব্যৱস্থা কৰি আহিছে ৷

তেওঁ বৰ্তমান অসমৰ অগ্ৰণী অনুষ্ঠান যুৱতীৰ্থ, কণ্ঠশিল্পী জিতেন ডেকা সোঁৱৰণী মঞ্চ, ৰাসিক, সদৌ অসম শিল্পী সমাজৰ লগত জড়িত হৈ অসমৰ সংগীত ক্ষেত্ৰখনত যথেষ্ট বৰঙণি আগবঢ়াই আহিছে ৷ তেওঁ এতিয়ালৈ অসমৰ ৰাইজক উপহাৰ দিয়া শ্ৰাব্য সফুৰাসমূহ হ’ল – ৰানুমাই, অনুৰাগ, তই কোন বিৰিখৰ পক্ষী, আবেগৰ বা, ভদীয়া লুইতৰ ধল, সোণৰ সোলেং, স্বচ্ছ ভাৰত ভিত্তিত শ্ৰাব্য সফুৰা-ৰংঘৰৰ বাকৰি, জীৱনৰে পণ, মই ঘূৰাই আনিব খোজো, আহিন অহা বাটে, বৰনৈ শুৱনি, ধনপুৰ অ মনপুৰ অ, এজাক চৰাই, কথাৰে তোমাক, আজি শাওণৰ, তুমি নতুন পুৰুষ, হৈয়া দৈয়াং, সন্ধিয়া বেলিকা ইত্যাদি ৷ বিৰুবালা ৰাভা ওপৰতো গীত আছে তেওঁৰ ৷

তেওঁলোক বনগীতৰ প্ৰচাৰ আৰু সংৰক্ষণৰ কামৰ বাবে বিগত ২০১৯ চনত দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত ভাৰতৰ প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় সমন্বয় পদক ২০১৯ লাভ কৰে ৷ ২০০২ চনৰ ২০ জুনত সমন্বয় ফাউণ্ডেশ্যনে শইকীয়াক বিষ্ণুৰাভা দিৱসত 'কলাগুৰু বিষ্ণুৰাভা' বঁটা প্ৰদান কৰে ৷ মুনীন্দ্ৰ শইকীয়াৰ দ্বাৰা অসমৰ সংগীত জগতখন আৰু বহুত চহকী হওঁক ৷ ই টিভি ভাৰত পৰিয়ালৰ তৰফৰ পৰা তাকেই কামনা ৷

লগতে পঢ়ক : বাঁহীত সুৰ তুলিব নোৱৰা হ'ল ! জীৱন নিৰ্বাহৰ পথ লাগে আন্তঃৰাষ্ট্ৰীয় শিল্পী দীপক শৰ্মাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.