ETV Bharat / lifestyle

বৃষ ৰাশি: কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ - TAURUS 2025 HOROSCOPE

২০২৫ বৰ্ষটো বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব ? এই সন্দৰ্ভত জনালে জ্যোতিষ শাস্ত্ৰবিদ ড৹ নয়নমণি দেৱ শৰ্মাই-

Astro tips
বৃষ ৰাশি: কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ (ETV Bharat)
author img

By ETV Bharat Lifestyle Team

Published : Jan 7, 2025, 10:48 AM IST

২০২৫ বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ ৰাশিত বৃহস্পতি, তৃতীয়স্থানত মংগল, পঞ্চমস্থানত কেতু, সপ্তমত বুধ, অষ্টমত ৰবি, নৱম তথা ভাগ্যস্থানত চন্দ্ৰ, কৰ্মস্থানত শনি আৰু শুক্ৰ, একাদশত ৰাহু গ্ৰহ অৱস্থান কৰি শুভাশুভ ফল নিৰূপণ কৰিছে ৷

২০২৫ বৰ্ষত কৰ্মৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে কেনে হ'ব ?

২০২৫ বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ কৰ্মস্থানত শুক্ৰ আৰু শনি চৰগিৰী হৈ থকাৰ ফলত কৰ্মস্থানত খুব শুভ বুলি ক'ব পাৰি ৷ ইয়াৰোপৰি কৰ্মস্থানলৈ মংগল গ্ৰহ পূৰ্ণদৃষ্টি থকাৰ ফলত কৰ্মস্থান আৰু শুভ বুলি ক’ব পাৰি ৷ এই বৰ্ষত নিবনুৱা সকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ আছে ৷ চৰকাৰী চৰকাৰীৰ বাবে চেষ্টা কৰি থকা সকলৰো চৰকাৰী চাকৰি লাভ যোগ আছে ৷

বৰ্তমান কৰ্মৰত হৈ থকা সকলৰ পদোন্নতিৰ যোগ আছে ৷ ব্যৱসায়-বাণিজ্যিত উন্নতি হোৱাৰ লগতে আয় উপাৰ্জন দুগুণ বৃদ্ধি হ'ব ৷কৰ্মক্ষেত্ৰত যদি কিবা বাধা আছে তেন্তে এইবর্ষত সেই বাধাসমূহ আঁতৰিব আৰু কৰ্মক্ষেত্ৰ খুব সাহসেৰে আগবাঢ়িব পাৰিব ৷

২০২৫ বৰ্ষত ধন আৰু ব্যৱসায় ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে কেনে হ'ব ?

২০২৫ বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত ধনপতি বুধ সপ্তমত অৱস্থান কৰি ধন আৰু ব্যৱসায় স্থানটো বিশেষ শুভ কৰি তুলিছে ৷ ২০২৫ বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকাসকল ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হ'ব ৷ যৌথ ব্যৱসায় ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব ৷ বাধাবোৰ নাইকিয়া হ'ব ৷ নতুন নতুন ব্যৱসায়ত মনোযোগ দিব পাৰিব লগতে আৰম্ভ কৰিব পৰিব ৷ ছপা মাধ্যম, ষ্টেচনাৰী, কিতাপ, ঠিকদাৰী ব্যৱসায়ৰ লগত জড়িত হৈ থকা লোকসকলৰ বাবে ২০২৫ বৰ্ষটো খুব বেছি ভাল ৷ কৰ্মস্থানত শুক্ৰ থকাৰ ফলত কাপোৰ, ঔষধ বা ট্রেভেল এজেঞ্চি, হোটেল- ৰেষ্টুৰেণ্ট,পানী, গাড়ী,লোৰ ব্যৱসায় লগত জড়িত হৈ থকা সকলৰ বাবে খুব ভাল ৷

২০২৫ বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে কেনে হ'ব ?

চলিত বৰ্ষত বৃষ ৰাশিৰ জাতক-জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত খুব ভাল ৷ ৰোগ আৰোগ্য হ'ব ৷ পুৰণি ৰোগ বোৰ নিৰাময় হ'ব ৷ স্বাস্থ্যৰ উন্নতি হ'ব ৷ শৰীৰক আৰু মানসিক স্বাস্থ্যৰ সকলো দিশৰ পৰা উন্নতি হ'ব ৷

২০২৫ বৰ্ষত প্ৰেম-বিবাহৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে কেনে হ'ব ?

২০২৫ বৰ্ষত প্ৰেম ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে খুবেই শুভ ৷ যিসকলে বিবাহৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকৰ বাবে বিবাহৰ যোগ দেখা গৈছে ৷ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবেও ২০২৫ বৰ্ষটো শুভ ৷ প্ৰেম বিবাহৰো যোগ দেখা গৈছে ৷ প্ৰেমৰ ক্ষেত্ৰত যদি কোনো বাধা-বিঘিনি আছে সেয়া এই বৰ্ষত আঁতৰিব ৷

২০২৫ বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত বৃষ ৰাশিৰ বাবে কেনে হ'ব ?

২০২৫ বৰ্ষত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্যাত খুবেই খুবেই শুভ হ’ব ৷ এই বৰ্ষত ছাত্র-ছাত্ৰীসকলে পৰীক্ষাত খুব ভাল ফল লাভ কৰিব ৷ বাহিৰত অধ্যয়ন কৰিব বিচৰাসকলৰ বাবেও এইবর্ষটো খুবেই শুভ দেখা গৈছে ৷ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজাসকলৰ বাবে শুভ ৷ এইবর্ষত এই ৰাশিৰ জাতক-জাতিকাসকলে আৰ্থিক দিশত কিছু সাৱধান হ'ব লাগিব লগতে ভাতৃ তথা স্থানীয় ব্যক্তিৰ পৰা কিছু সাৱধান হ'ব লাগিব ৷

(বিঃদ্রঃ ধৰ্ম, জ্যোতিষ, বাস্তু, ফেংচুই, টেৰ’ কাৰ্ড আদি বিষয়ত আধাৰিত এই লেখাসমূহ কেৱল পাঠকে জানিবৰ বাবেহে । এই উপায়সমূহ অৱলম্বনৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো জৰুৰী । আমাৰ উদ্দেশ্য কেৱল পাঠকক অৱগত কৰা । ইটিভি ভাৰতে এই তথ্য নিশ্চিত কৰা নাই ।)

লগতে পঢ়ক

  1. মেষ ৰাশি: কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ
  2. ২০২৫ বর্ষত কি ৰং ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব ?
  3. সংখ্যাতত্ত্ব অনুসৰি ভাৰতবৰ্ষৰ বাবে কেনে হ’ব ২০২৫ বৰ্ষ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.