স্পৰ্টছ ডেস্ক, ১৪ মে' :আগন্তুক ২০২৪ জুনত অনুষ্ঠিত হ'ব টি-২০ বিশ্বকাপ । প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলীয়া বেছিভাগ দেশেই ইতিমধ্যে তেওঁলোকৰ দল ঘোষণা কৰিছে । আনহাতে, কিছু দল ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে । ইয়াৰ মাজতে বাংলাদেশ ক্ৰিকেট বোৰ্ডে টি-২০ বিশ্বকাপৰ বাবে নিজৰ দলটো ঘোষণা কৰিছে । উল্লেখ্য যে শেহতীয়াকৈ সমাপ্ত হোৱা টি-২০ ঘৰুৱা শৃংখলাত জিম্বাবোৱেৰ বিৰুদ্ধে ৪-১ ব্যৱধানত শৃংখলা জয়ৰ পিচত বাংলাদেশে তেওঁলোকৰ দল ঘোষণা কৰিছে ।
বাংলাদেশ দলটোত অভিজ্ঞ খেলুৱৈৰ উপৰি কিছু নতুন খেলুৱৈকো সুযোগ দিয়া হৈছে । দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে নজমুল হোছেইন শান্তোক । আনহাতে, ফাষ্ট বলাৰ তাস্কিন আহমেদক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে । উল্লেখ্য যে অলৰাউণ্ডাৰ শ্বাকিব অল-হাছানকো বিশ্বকাপৰ বাবে দলত অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰায় এবছৰৰ ব্যৱধানৰ অন্তত তেওঁ টি-২০ ক্ৰিকেটলৈ উভতি আহিছে । জিম্বাবোৱেৰ বিৰুদ্ধে অন্তিম দুখন টি-২০ মেচৰ বাবে শ্বাকিবক বাংলাদেশৰ দলত স্থান দিয়া হৈছিল আৰু চতুৰ্থখন মেচত তেওঁ চাৰিটা উইকেট দখল কৰি প্ৰভাৱ বিস্তাৰ কৰে ।
ইয়াৰ উপৰি ২২ বছৰীয়া শ্বৰিফুল ইছলামকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, অভিজ্ঞ লিটন দাস আৰু অভিজ্ঞ সৌম্য সৰকাৰকো এইবাৰ দলৰ হৈ খেলা দেখা যাব । ইয়াৰ উপৰি আইপিএলত চেন্নাইৰ হৈ খেলা ফাষ্ট বলাৰ মুস্তাফিজুৰ ৰহমানকো দলত অন্তৰ্ভুক্ত কৰা হৈছে । তেওঁৰ কান্ধত বলিং বিভাগৰ গুৰুদায়িত্ব থাকিব । লগতে আফিফ হোছেইন ধ্ৰুবো আৰু হাছান মাহমুদে সংৰক্ষিত খেলুৱৈ হিচাপে প্ৰতিযোগিতাখনলৈ যাব ।
উল্লেখ্য যে প্ৰতিযোগিতাখনত দক্ষিণ আফ্ৰিকা, শ্ৰীলংকা, নেদাৰলেণ্ড আৰু নেপালৰ সৈতে বাংলাদেশক গ্ৰুপ ডিত ৰখা হৈছে । তেওঁলোকে গ্ৰুপৰ প্ৰথমখন মেচ ৭ জুনত ডালাছত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব ।