মৰাণ:ডিব্ৰুগড়ৰ বাণীপুৰ খেলপথাৰত সোমবাৰৰ পৰা সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক ৰজা স্বৰ্গদেউ সবানন্দ সিংহ সোঁৱৰণি সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে । ফুটবল প্ৰতিযোগিতাখনিত দেশৰ আগশাৰীৰ ১৪টা দলে অংশগ্ৰহণ কৰিছে ।
খেলৰ শুভাৰম্ভণিৰ পূৰ্বে সংগঠনটোৰ পতাকা উত্তোলন কৰে সভাপতি ৰঞ্জিত গোহাঁই আৰু উপদেষ্টা মিন্টু বৰপাত্ৰই । স্মৃতি সৌধ অনুষ্ঠানটো উন্মোচন কৰে খেল উদযাপন সমিতিৰ মুখ্য সম্পাদক অজয় গগৈয়ে । মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ বৈষ্ণবানন্দ দেৱগোস্বামীয়ে । ইয়াৰ পিছতে মায়ামৰা পৰম্পৰা ৰীতি-নীতিৰে গায়ন-বায়নৰে শোভাযাত্ৰা উলিওৱা হয় ।
স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণি সৰ্বভাৰতীয় আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam) আজি আৰম্ভণিৰ খেলত অংশগ্ৰহণ কৰে ধেমাজি প'ল' ক্লাৱ আৰু ডিব্ৰুগড় ৱেলকাম ফুটবল দলে । তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখনত টাইব্ৰেকাৰত জয়লাভ কৰিলে ডিব্ৰুগড়ৰ ৱেলকাম ফুটবল দলে ।
৮ জানুৱাৰীত অনুষ্ঠিত হ'ব চূড়ান্ত খেল :
সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত, মটক স্পৰ্টছ ক্লাৱ আৰু ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সহযোগত সৰ্বভাৰতীয় ফুটবল সন্থাৰ অনুমোদনত অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা, ডিব্ৰুগড় মিলনজ্যোতি সংঘ, ডিব্ৰুগড় নগৰ মটক যুৱ-ছাত্ৰ সন্মিলন তথা বাণীপুৰ পূৰ্বাঞ্চল নৱজ্যোতি সংঘৰ আতিথ্যত মটক ৰজা সৰ্বানন্দ সিংহ সোঁৱৰণি সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক দিবা-নৈশ প্ৰাইজমানি আৰু চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা খনত ২৩ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈকে চলিব । এই প্ৰতিযোগিতাখনিত ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ সৰ্বমুঠ ১৪টা দলে অংশগ্ৰহণ কৰিব । বেংগালুৰু ফুটবল দল, শ্বিলঙৰ পৰা আছাম ৰাইফলছ, মণিপুৰৰ এটা ফুটবল দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ।
লগতে পঢ়ক:বাৰেকুৰিত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা;অৰুণাচলৰ লেকাং স্পৰ্টছ ক্লাৱৰ জয়লাভ