নতুন দিল্লী: ভাৰতৰ তাৰকা শ্বুটাৰ মনু ভাকৰে পেৰিছ অলিম্পিকত দুটাকৈ পদক জয় কৰি ভাৰতীয় ক্ৰীড়া ইতিহাসত নিজৰ নাম খোদিত কৰিছিল । প্ৰথমতে তেওঁ মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰি যিকোনো অলিম্পিকত পদক জয় কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা শ্বুটাৰ হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰিছিল । আনহাতে, ভাকৰে তেওঁৰ পুৰুষ সতীৰ্থ সৰৱজোৎ সিঙৰ সৈতে মিশ্ৰিত ১০ মিটাৰ এয়াৰ পিষ্টলৰ দলীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয় কৰিছিল । এই ঈৰ্ষণীয় প্ৰদৰ্শনেৰে একেটা অলিম্পিক সংস্কৰণত দুটাকৈ পদক জয় কৰি তেওঁ ভাৰতৰ স্বাধীনতাৰ পিছত দুটাকৈ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয় ।
কিন্তু টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, ইমান ডাঙৰ সফলতা লাভ কৰা সত্ত্বেও খেলৰত্ন বঁটাৰ বাবে মনোনয়নত নাম নাই মনু ভাকৰৰ । উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ভি ৰামসুব্ৰমণৰ নেতৃত্বত গঠিত ১২ জনীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস সমিতিয়ে এই সন্মানীয় বঁটাৰ বাবে ভাকৰৰ নামৰ বাবে পৰামৰ্শ আগবঢ়োৱা নাছিল ।
Shocking Khel Ratna omission!
— Nabila Jamal (@nabilajamal_) December 23, 2024
Shooter Manu Bhaker, double medalist at Paris Olympics is missing from the nominations list!
Reports claim she didn’t apply, but her family insists the application was sent
Notable nominees include Harmanpreet Singh, who led India to an Olympic… pic.twitter.com/7ON7L2Bl1I
প্ৰতিবেদন অনুসৰি, ক্ৰীড়া মন্ত্ৰণালয়ৰ বিষয়াসকলে দাবী কৰিছে যে শ্বুটাৰগৰাকীয়ে এই পুৰস্কাৰৰ বাবে আবেদন কৰা নাছিল । অৱশ্যে ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁৰ পিতৃ-মাতৃয়ে দাবী কৰিছে যে শ্বুটাৰগৰাকীয়ে পুৰস্কাৰৰ বাবে আবেদন কৰিছিল । কিন্তু তেওঁলোকে সমিতিৰ পৰা কোনো সঁহাৰি পোৱা নাছিল ।
উল্লেখ্য যে পিষ্টলৰ বিজুতিৰ বাবে ভাকৰে ২০২০ অলিম্পিকত পদক অবিহনেই দেশলৈ উভতি আহিবলগা হৈছিল । কিন্তু তেওঁ এই বছৰ পেৰিছত পোডিয়াম ফিনিশ্বৰ সৈতে এক চমৎকাৰ প্ৰত্যাৱৰ্তন কৰে । আনহাতে, 2022 চনৰ এছিয়ান গেমছত মহিলাৰ 25 মিটাৰ পিষ্টল ইভেণ্টত তেওঁ সোণৰ পদকো জয় কৰিছিল । ইয়াৰ দ্বাৰা যোৱাবাৰৰ অলিম্পিকত তেওঁৰ বিফলতাৰ বাবে বিভিন্ন কথাৰে তেওঁক সমালোচনা কৰাসকলক ভাকৰে এই উজ্জ্বীৱিত প্ৰদৰ্শনেৰে মুখ বন্ধ কৰি দিছিল ।