হায়দৰাবাদ: বিদায় বেলাত উপনীত 2024 বৰ্ষ । এই বছৰটো অটোমোবাইল উদ্যোগৰ বাবে স্মৰণীয় বছৰ । এইবাৰ ভাৰতৰ বজাৰলৈ আহিছে কেইবাখনো ইলেক্ট্ৰিক গাড়ী । ইয়াৰ লগতে 2024 চনত ইলেক্ট্ৰিক গাড়ীৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে । প্ৰতিবেদনত সেই সকলোবোৰ ইলেক্ট্ৰিক গাড়ীৰ কথা উল্লেখ কৰা হৈছে যিবোৰৰ মাইলেজ 400 কিলোমিটাৰতকৈ অধিক ।
Mahindra XEV 9e
ঘৰুৱা গাড়ী নিৰ্মাতা মহিন্দ্ৰাই নৱেম্বৰ মাহত মুকলি কৰিছিল এখন ইলেক্ট্ৰিক গাড়ী । এইখনত 59 কিলোৱাট ঘণ্টা আৰু 79 কিলোৱাট ঘণ্টাৰ দুটা বেটাৰী পেক আছে । ডাঙৰ বেটাৰী পেকে 656 কিলোমিটাৰ আৰু সৰু বেটাৰী পেকে 542 কিলোমিটাৰ মাইলেজ দিয়ে । এই গাড়ীখনৰ মূল্য 21.90 লাখ টকাৰ পৰা আৰম্ভ । ইয়াৰ লগতে মহিন্দ্ৰাৰ নতুন XEV 9e ত আছে বহু আকৰ্ষণীয় বৈশিষ্ট্য ।
Mahindra BE 6e
XEV 9e ৰ সমান্তৰালকৈ কোম্পানীটোৱে ভাৰতীয় বজাৰত মুকলি কৰিছে এখন ইলেক্ট্ৰিক SUV । কোম্পানীটোৰ এটা বেটাৰী পেকে প্ৰদান কৰে 59কিলোৱাট ঘণ্টা । এটা চাৰ্জত 556 কিলোমিটাৰ পৰ্যন্ত যাব পাৰে । মহিন্দ্ৰাৰ নতুনকৈ মুকলি কৰা BE 6e ৰ মূল্য 18.90 লাখ টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ । ই অতি সুলভ আৰু ইয়াত একাধিক আধুনিক বৈশিষ্ট্য আছে ।
Tata Curvv EV
ঘৰুৱা গাড়ী নিৰ্মাতা কোম্পানী টাটা মটৰ্ছে চলিত বৰ্ষৰ আগষ্ট মাহত ভাৰতীয় বজাৰত ইলেক্ট্ৰিক এছ ইউ ভি ক’পে মুকলি কৰিছিল । কোম্পানীটোৱে এই ইলেক্ট্ৰিক গাড়ীখনত 45 কিলোৱাট ঘণ্টা আৰু 55 কিলোৱাট ঘণ্টাৰ দুটা বেটাৰী পেক আগবঢ়াইছে । যদিও এই গাড়ীখনে প্ৰথম বেটাৰী পেকৰ সৈতে 502 কিলোমিটাৰ আৰু দ্বিতীয় বেটাৰী পেকৰ সৈতে 585 কিলোমিটাৰ মাইলেজ প্ৰদান কৰে । টাটা কাৰ্ভভ ইভিৰ মূল্য 17.49 - 21.99 লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম) ।
Tata Punch EV
কোম্পানীটোৱে চলিত বৰ্ষৰ আৰম্ভণিতে ভাৰতীয় বজাৰত টাটা পাঞ্চ ইভি মুকলি কৰিছিল । এই ইলেক্ট্ৰিক এছ ইউ ভিখনৰ মূল্য 9.99 লাখৰ পৰা 14.29 লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম) ত । এই টাটা এছ ইউ ভিত আছে 25 কিলোৱাট ঘণ্টা আৰু 35 কিলোৱাট ঘণ্টাৰ দুটা বেটাৰী পেক । ইয়াৰ সৰু বেটাৰীয়ে গাড়ীখনক 315 কিলোমিটাৰ ৰেঞ্জ দিয়াৰ বিপৰীতে ডাঙৰ বেটাৰীয়ে 421 কিলোমিটাৰ মাইলেজ দিব পাৰে ।
Kia EV9 GT-Line
কোৰিয়াৰ গাড়ী নিৰ্মাতা কোম্পানীটোৱে 2024 চনৰ অক্টোবৰ মাহত ভাৰতীয় বজাৰত পাৰফৰ্মেন্স ইলেক্ট্ৰিক এছ ইউ ভি মুকলি কৰিছিল । এই গাড়ীখন ARAI প্ৰমাণিত আৰু ইয়াৰ মাইলেজ 561 কিলোমিটাৰ । আটাইতকৈ উল্লেখযোগ্য হ’ল ইয়াৰ মটৰৰ শক্তি উৎপাদন, যিয়ে 379bhp শক্তি আৰু 700nm টৰ্ক উৎপাদন কৰিব পাৰে । এই গাড়ীৰ দাম 1.30 কোটি (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ হয় ।
Mercedes-Benz EQS
জাৰ্মান গাড়ী নিৰ্মাতা কোম্পানীটোৱে 2024 চনৰ ছেপ্টেম্বৰ মাহত ভাৰতীয় বজাৰত নিজৰ ইলেক্ট্ৰিক ছেডান EQS মুকলি কৰিছিল । এই ছেডান মডেলটো 1.62 কোটি টকাত মুকলি কৰা হৈছে (এক্স শ্ব’ৰুম)। ছেডানখনত এডব্লিউডিৰ বাবে দুটা ইলেক্ট্ৰিক মটৰ আছে । যিবোৰ 107.8 কিলোৱাট ঘণ্টাৰ বেটাৰীৰ সৈতে সংযুক্ত । এই বৈদ্যুতিক গাড়ীখনে সৰ্বাধিক 857 কিলোমিটাৰ পৰ্যন্ত মাইলেজ দিব পাৰে । ইয়াৰ ইলেক্ট্ৰিক মটৰে 516bhp শক্তি আৰু 855nm টৰ্ক উৎপাদন কৰিবলৈ সক্ষম ।
Volvo EX40
চলিত বৰ্ষৰ অক্টোবৰ মাহত ভলভোৱে ভাৰতীয় বজাৰত মুকলি কৰিছিল ইলেক্ট্ৰিক SUV XC40 ৷ কিন্তু শেহতীয়াকৈ কোম্পানীটোৱে নাম সলনি কৰি EX40 লৈছে । এই গাড়ীখন 56.10 লাখ টকাত (এক্স শ্ব’ৰুম) বিক্ৰী কৰা হৈছে । এই গাড়ীখনত আছে 69 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক । যিয়ে ইয়াক এটা সম্পূৰ্ণ চাৰ্জত 475 কিলোমিটাৰ পৰ্যন্ত মাইলেজ দিয়ে । এই SUV ৰ RWD কনফিগাৰেচনৰ সুবিধা আছে । এই মডেলৰ পিছফালে এটা বৈদ্যুতিক মটৰ স্থাপন কৰা হৈছে । যিয়ে 238bhp শক্তি আৰু 420nm টৰ্ক উৎপন্ন কৰিব পাৰে ।
BMW i5
বিলাসী গাড়ী নিৰ্মাতা বিএমডব্লিউৱেও এই বছৰ ইলেক্ট্ৰিক চেডান BMW i5 মুকলি কৰিছে । 2024 চনৰ এপ্ৰিল মাহত ভাৰতৰ বজাৰত মুকলি কৰা ইলেক্ট্ৰিক ছেডান গাড়ীখন বৰ্তমান 1.20 কোটি টকাত (এক্স শ্ব’ৰুম) বিক্ৰী কৰি আছে । এই গাড়ীখন মাত্ৰ এটা ভেৰিয়েন্ট i5 M60 xDrive ত উপলব্ধ । ইয়াৰ বেটাৰী পেক 83.9 কিলোৱাট ঘণ্টা । বেটাৰীয়ে সৰ্বোচ্চ 516 কিলোমিটাৰ মাইলেজ দিয়ে । গাড়ীখনত AWD setup ৰ সুবিধা আছে । সন্মুখ আৰু পিছফালৰ অক্ষৰ প্ৰতিটোতে এটাকৈ মটৰ থাকে । ইহঁতে 601bhp শক্তি আৰু 795nm টৰ্ক উৎপন্ন কৰে ।
MINI Countryman Electric
চলিত বৰ্ষৰ জুলাই মাহত ভাৰতৰ বজাৰত মুকলি কৰা হৈছিল MINI Countryman Electric ৷ ই এখন সৰু হেচবেক ৷ প্ৰথম অৱস্থাত কোম্পানীটোৱে ইয়াক এটা ভেৰিয়েণ্টত বজাৰত বিক্ৰী কৰিছে । যদিও Countryman এখন ইলেক্ট্ৰিক গাড়ী, ইয়াত এফ ডব্লিউ ডি চেটআপৰ সুবিধা আছে । ইয়াৰ ইলেক্ট্ৰিক মটৰে 201বিএইচপি শক্তি আৰু 250এনএম টৰ্ক প্ৰদান কৰিব পাৰে । ইয়াৰ বেটাৰী পেক 66.45 কিলোৱাট ঘণ্টা । এটা চাৰ্জত 462 কিলোমিটাৰ পৰ্যন্ত যাব পাৰে ।
BYD eMax 7
চীনৰ গাড়ী কোম্পানী BYD য়ে ভাৰতীয় বজাৰত নিজৰ বহু বৈদ্যুতিক সামগ্ৰী বিক্ৰী কৰি আছে । 2024 চনৰ অক্টোবৰ মাহত কোম্পানীটোৱে ভাৰতত নিজৰ BYD eMAX 7 মুকলি কৰে । ইয়াৰ দুটা বেটাৰীৰ ক্ষমতা 55.4 কিলোৱাট ঘণ্টা আৰু 71.8 কিলোৱাট ঘণ্টা । 55.4 কিলোৱাট ঘণ্টাৰ সৰু বেটাৰীয়ে 420 কিলোমিটাৰ পৰ্যন্ত মাইলেজ দিয়ে । 71.8 কিলোৱাট ঘণ্টাৰ বৃহৎ বেটাৰীয়ে 530 কিলোমিটাৰ মাইলেজ দিয়ে । ভাৰতীয় বজাৰত BYD ৰ মূল্য 26.90 লাখৰ পৰা 29.90 লাখ টকাৰ ভিতৰত (এক্স-শ্ব’ৰুম) ।