ETV Bharat / bharat

বিশ্ববিদ্যালয়ৰ চৌহদতে শিক্ষাৰ্থীক যৌন নিৰ্যাতন - ANNA UNIVERSITY RAPE CASE

তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ত যৌন নিৰ্যাতনৰ ঘটনা । বিশ্ববিদ্যালয় চৌহদতে অভিযান্ত্ৰিক শাখাৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ।

Anna University rape case
বিশ্ববিদ্যালয়ৰ চৌহদতে শিক্ষাৰ্থীক যৌন নিৰ্যাতন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 12 hours ago

চেন্নাই : তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক শাখাৰ এগৰাকী দ্বিতীয় বৰ্ষৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উঠিছে । আৰক্ষীৰ মতে ঘটনাটো ২৩ ডিচেম্বৰত সংঘটিত হৈছিল । আনকি ছাত্ৰীগৰাকীৰ প্ৰেমিকক প্ৰহাৰ কৰি বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা দুজন লোকে খেদি পঠিয়াইছিল ।

ভুক্তভোগী ছাত্ৰীগৰাকীয়ে মঙলবাৰে কোট্টুৰপুৰম আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছিল । চেন্নাই আৰক্ষীৰ এক বিবৃতি অনুসৰি ছাত্ৰীগৰাকীয়ে তেওঁৰ অভিযোগত উল্লেখ কৰিছে যে তেওঁ আন্না বিশ্ববিদ্যালয়ৰ হাইৱে লেবৰেটৰীৰ পিছফালে তেওঁৰ প্ৰেমিকৰ সৈতে আছিল যেতিয়া দুজন অচিনাকি লোকে তেওঁলোকক হঠাতে আক্ৰমণ কৰিছিল ।

বিশ্ববিদ্যালয়ৰ চৌহদতে যৌন নিৰ্যাতনৰ বলি ছাত্ৰী

আৰক্ষীয়ে জনোৱা মতে ভুক্তভোগীৰ প্ৰেমিকে পিছত তাৰ পৰা পলায়ন কৰে । সেই সময়তে এজন অভিযুক্তই তেওঁক বিভিন্ন ধৰণৰ ভাবুকি দিয়ে যৌন নিৰ্যাতন চলায় ।

আৰক্ষীয়ে বিবৃতিত কৈছে,"যেতিয়া ভুক্তভোগীগৰাকীয়ে কয় যে তেওঁ ঋতুস্ৰাৱ হৈছে, তেতিয়া তেওঁক অ'ৰেল চেক্স কৰিবলৈ বাধ্য কৰিছিল । আৰক্ষীক অভিযোগ দাখিল কৰাৰ পূৰ্বে তেওঁৰ অভিযোগ সন্দৰ্ভত ইতিমধ্যে আন্না বিশ্ববিদ্যালয়ত গঠন কৰা যৌন উৎপীড়ন সুৰক্ষা সমিতিৰ দ্বাৰা অনুসন্ধান কৰা হৈছে ।" ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিত কোট্টুৰপুৰম আৰক্ষী থানাত ৬৩(a), ৬৪(i), ৭৫(I)(ii)(iii) বিএনএছ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

তদন্তৰ বাবে বিশেষ টাস্ক ফৰ্চ গঠন

আৰক্ষীয়ে কয়, "গোচৰটোৰ তদন্ত চলি আছে । অভিযুক্তক আটক কৰিবলৈ এটা বিশেষ দল গঠন কৰা হৈছে । বিশ্ববিদ্যালয় চৌহদৰ ভিতৰৰ চিচিটিভি ফুটেজবোৰো পৰীক্ষা কৰা হৈছে । এজন স্থানীয় সন্দেহজনক লোকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু জেৰা চলাই থকা হৈছে ।"

কোট্টুৰপুৰমৰ সহকাৰী আৰক্ষী আয়ুক্ত ভাৰতী ৰাজনে ঘটনা সন্দৰ্ভত কয় যে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত তদন্ত চলি আছে আৰু সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিবলৈ ৪ টা বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে ।

ইফালে অভিযুক্ত লোকসকলে ছাত্ৰীগৰাকীৰ অশ্লীল ফটো তুলিছিল আৰু অভিযোগ দাখিল কৰিলে সেইবোৰ প্ৰকাশ কৰাৰ ভাবুকি দিছিল । সেয়েহে ছাত্ৰীগৰাকীয়ে এদিন পিছত হে অভিযোগ দাখিল কৰিছিল । বিশ্ববিদ্যালয়ৰ এগৰাকী বিষয়াই ইটিভি ভাৰতক কয় যে আন্না বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও বিষয়টো তদন্ত কৰি আছে আৰু শীঘ্ৰেই বিশ্ববিদ্যালয়ৰ হৈ এক বিবৃতি জাৰি কৰা হ'ব ।

ৰাজনৈতিক নেতাৰ গৰিহণা

এই ঘটনাটোক একাংশ ৰাজনৈতিক নেতাইও তীব্ৰ গৰিহণা দিছে । বিৰোধী দলপতি এডাপ্পাডি পালানিস্বামীয়ে ঘটনাটোক গৰিহণা দি কয় যে ৰাজ্যৰ ৰাজধানীৰ মাজভাগত অৱস্থিত আন্না বিশ্ববিদ্যালয় তামিলনাডুৰ অন্যতম প্ৰতীক । তেনে প্ৰতিষ্ঠানৰ চৌহদত এনে ধৰণৰ নিৰ্মম ঘটনা সংঘটিত হোৱাটো লজ্জাজনক ।

এক্সৰ এটা পোষ্টত তামিলনাডুৰ বিজেপি নেতা আন্নামালাই কয়, "বিজেপি তামিলনাডুয়ে দাবী কৰিছে যে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে অন্ততঃ এতিয়া দায়িত্ব বুজিব আৰু আন্না বিশ্ববিদ্যালয়ৰ এই যৌন নিৰ্যাতনৰ গোচৰৰ স্থিতি সম্পৰ্কে জনসাধাৰণক সম্বোধন কৰিব আৰু তেওঁৰ হাতত থকা দপ্তৰৰ মান ৰাখিব ।"

লগতে পঢ়ক :বিদ্যালয়ত নাম ভৰ্তিৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা; অন্তৰ্ভুক্ত হ’ব নোৱাৰিব এটাও বাংলাদেশী শিশু ! - BANGLADESHI MIGRANT IN DELHI

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.