গোলাঘাট: সমাজৰ পৰা এতিয়াও সততা আৰু বিশ্বাসৰ মূল্য হেৰাই যোৱা নাই । মানৱতাবিহীনমুখী সমাজৰ কথা ক'লেও একাংশ লোকে বিশ্বাসেৰে জিনিছে মানুহৰ হৃদয় । সেয়াই প্ৰমাণ কৰিছে গোলাঘাটৰ কৃষকে স্থাপন কৰা কেইখনমান বিশেষ দোকানে । এই দোকানত নাই কোনো বিক্ৰেতা । দোকানত ৰখা হৈছে খাদ্য় সামগ্ৰীৰ লগতে শাক-পাচলি । গ্ৰাহক আহে দোকানলৈ আৰু নিজৰ পচন্দ অনুযায়ী কিনি নিয়ে খাদ্য় । দোকানী নাথাকিলেও গ্ৰাহকে উপযুক্ত মূল্য় আদায় দি লৈ যায় খাদ্য় সামগ্ৰী ।
গোলাঘাটৰ যোগীবাৰী আৰু ঢেকীয়ালত আছে বিক্ৰেতাবিহীন দোকান । এই দোকানত সামগ্ৰী ক্ৰয় কৰাৰ পিছত গ্ৰাহকে নিৰ্দিষ্টকৈ থৈ দিয়া বাকচ নাইবা অনলাইন যোগে পইচা দিয়াৰ ব্যৱস্থা কৰিছে গৰাকীয়ে । গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ সন্মুখভাগৰ লগতে ঢেকীয়াল অঞ্চলত স্থাপন কৰা হৈছে বিশেষ দোকানখন । নাম বিশ্বাসৰ দোকান । দোকানখনত ঘৰুৱাভাৱে উৎপাদিত শাক-পাচলিৰ পৰা আৰম্ভ কৰি নতুন চাউলৰ লগতে মাংস আদিও পোৱা যায় ।
এই সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ এতিয়া গ্ৰাহকে ভিৰ কৰা দেখা গৈছে । নিজৰ নিজৰ পচন্দ অনুসৰি সামগ্ৰীসমূহ ক্ৰয় কৰি নিৰ্দিষ্ট কৰি থোৱা বাকচ নাইবা অনলাইন যোগে আদায় দিছে মূল্য । ইয়াৰ উপৰি প্ৰতিটো সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰি একোখন সৰু কাগজত লিখি থোৱা হৈছে পেকেটৰ ভিতৰত । এই বিশেষ দোকানখনৰ পৰা সামগ্ৰী ক্ৰয় কৰা এগৰাকী যুৱতীয়ে কয়, "দোকানখনত হাঁহৰ মাংস, অমিতা, কল, কলডিল আৰু বহু সামগ্ৰী আছে । বিশেষকৈ এইখন মালিক নথকা দোকান, নতুন চিন্তাধাৰা ভাল লাগিছে ।"
সন্তুষ্ট হয় গ্ৰাহক :
আন এজন গ্ৰাহকে এই সম্পৰ্কে কয়," আমি যোগীবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পলৈ ফুৰিবলৈ আহোতে এই দোকানখন চকুত পৰিল । ইয়াত পাতিহাঁহ, শাক-পাচলি আছে । আচলতে এইখন মালিক নথকা দোকান বিশ্বাসত চলে বাবে ভাল লাগিছে । এই চিন্তাধাৰাৰে স্থাপন কৰা দোকান প্ৰথম দেখিছো । গোলাঘাটৰ মানুহ এনেকৈ আগবাঢ়ি যাব লাগে । ইয়াৰ দ্বাৰা স্থানীয় অৰ্থনীতি বহু আগবাঢ়িব, বিশেষকৈ কৃষি অৰ্থনীতি । দোকানখনত নেমু টেঙাৰ পৰা আৰম্ভ কৰি সকলো বস্তু উপলব্ধ । বিশেষকৈ মালিকবিহীন দোকানে মানুহক আকৰ্ষিত কৰিব । মই হাঁহ, লাই শাক আদি সামগ্ৰী ক্ৰয় কৰিছো ।"
আনহাতে, এই বিক্ৰেতা নথকা দোকানৰ স্বত্বাধিকাৰী বিমল কোঁৱৰে এই সম্পৰ্কে কয়," খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমত এটা পোষ্ট দিছিল আৰু সেই পোষ্টটো মই ভালকৈ চাই চিন্তা কৰিলো যে এই সামগ্ৰীসমূহ মোৰ ঘৰতে আছে । মই এনেকৈ কৰিব পাৰো নেকি ভাবি আৰম্ভ কৰিলো আৰু এতিয়া মই সুন্দৰ সহাৰি লাভ কৰিছো । সেই পোষ্টত আছিল বিক্ৰেতাবিহীন দোকানৰ কথা । নাগালেণ্ডত থকাৰ দৰে মই তেনেকৈয়ে এইখন বিক্ৰেতাবিহীন দোকান দিলো। এই দোকানত ডালকচু, মূলা, জলকীয়া, ঔটেঙা, কচু, কাচকল আদি থৈছো ।"
বিশ্বাসতেই চলিছে দোকান :
তেওঁ পুনৰ কয়," ভিতৰত মূল্য নিৰ্ধাৰণ কৰা আছে । সেইমতে গ্ৰাহকে ক্ৰয় কৰে । প্ৰথম অৱস্থাত এই সম্পৰ্কে কোনো কোনো লোকে ধৰিব পৰা নাছিল, কিন্তু পিছদিনাৰ পৰা সুন্দৰ সহাৰি লাভ কৰিছো । এই দোকানখন খুলি মই গুচি যাও । কাৰণ মোৰ চাহ বাগিচা অকণমান আছে আৰু বেলেগ কাম কৰিবলগীয়া হয় । ইয়াৰ উপৰি এই সামগ্ৰীসমূহ লৈ বহি থাকিলে মোৰ পৰিয়াল চলাবলৈ অসুবিধা হ'ব যাৰ বাবে বিশ্বাসত এই দোকানখন খুলি থৈ যাও ।"
বিধায়ক মৃণাল শইকীয়াই দিছিল পোষ্ট:
উল্লেখ্য় যে কিছুদিন পূৰ্বে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই সামাজিক মাধ্যমত নাগালেণ্ডৰ পেৰেন জিলাৰ এখন বিক্ৰেতাবিহীন দোকানৰ বিষয়ে পোষ্ট দিছিল য'ত মৃণাল শইকীয়াই উল্লেখ কৰিছিল বিশ্বাসৰ ওপৰত ব্যৱসায় । বিক্ৰেতাবিহীন পথৰ কাষৰ বজাৰ-নাগালেণ্ডৰ পেৰেন জিলাত নিৰীক্ষণ আৰু চিচি টিভি অবিহনে। গ্ৰাহকে পাচলি বছনি কৰে তালিকাভূক্ত মুল্যবোৰ অনুসৰণ কৰে আৰু ধন এই বাকচত থৈ যায় । এই প্ৰথাই সম্প্ৰদায়টোৰ গভীৰ বিশ্বাস আৰু সততাক প্ৰতিফলিত কৰে যি আজিৰ দ্ৰুতগতিৰ পৃথিৱীত বিৰল । মানৱতাৰ ওপৰত বিশ্বাসৰ শক্তিৰ এক প্ৰকৃত প্ৰমাণ ।
আনহাতে, এই সম্পৰ্কে খুমটাই সমষ্টিক গ্ৰাম্য পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ লগতে কৃষকসকলক বিভিন্ন কৃষিকৰ্মৰ লগত জড়িত কৰাবলৈ আগভাগ লোৱা বিধায়ক মৃণাল শইকীয়াই কয়," মই সদায় গতানুগতিক চিন্তাধাৰাৰ বিপৰীতে নতুন নতুন চিন্তাধাৰাৰে কাম কৰি ভাল পাও, যাৰ বাবে মোৰ সমষ্টিৰ সকলো জনসাধাৰণক অনুপ্ৰেৰণা যোগাই আহিছো । মই সামাজিক মাধ্যমত দিয়া এটা পোষ্ট চোৱাৰ পাছত খুমটাই সমষ্টিৰ চুকে-কোনে গঢ় লৈ উঠা এনে বিক্ৰেতাবিহীন দোকান দেখি আনন্দিত হৈছো । কাৰণ ইয়াৰ দ্বাৰা প্ৰমাণ কৰে বৰ্তমানেও মানুহৰ মাজত আস্থা আৰু বিশ্বাস জীয়াই আছে । "