ETV Bharat / state

কংগ্ৰেছক নিকৃষ্ট-নিৰ্লজ্জ দল আখ্যা মুখ্যমন্ত্ৰীৰ - AMBEDKAR REMARKS

আম্বেদকাৰ বিতৰ্ক সন্দৰ্ভত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব‌ শৰ্মাই ।

Assam CM slams Congress
কংগ্ৰেছক নিকৃষ্ট আৰু নিৰ্লজ্জ দল আখ্যা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 12 hours ago

গুৱাহাটী : লোকসভাত ভীমৰাও আম্বেদকাৰ সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে কটু মন্তব্য কৰা বুলি অভিযোগ তুলি কংগ্ৰেছ দলে প্ৰতিবাদ-সমদল কৰি থকাৰ সময়তে কংগ্ৰেছ দলক নিকৃষ্ট আৰু নিৰ্লজ্জ দল বুলি তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব‌ শৰ্মাই । গুৱাহাটীত বুধবাৰে এক অনুষ্ঠানত অংশ লৈ কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কয়,"কংগ্ৰেছৰ লাজ বোলা একো নাই ।

কংগ্ৰেছ এনে এটা দল যাৰ শৰীৰত লাজ বোলা শব্দ শোভা নাপায় । যি কংগ্ৰেছ দলে জৰুৰী অৱস্থা আনিছিল । সংবিধানক নিলম্বিত কৰিছিল । গণতন্ত্ৰক ভৰিৰে‌ মোহাৰি হত্যা কৰিছিল । কংগ্ৰেছ দলে সংবিধান লৈ সমদল কৰাটো এইটো বুজায় যে কংগ্ৰেছ আৰু কংগ্ৰেছীয়ে লাজ নুবুজে । কংগ্ৰেছক নিৰ্লজ্জ বুলি ক'লেও অত্যুক্তি কৰা নহয় ।"

কংগ্ৰেছক নিকৃষ্ট আৰু নিৰ্লজ্জ দল আখ্যা মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে লগতে কয়, "কংগ্ৰেছে ৰাজনৈতিক মুনাফাৰ বাবে আম্বেদকাৰক ব্যৱহাৰ কৰিছে । এনেকুৱা নিকৃষ্ট ৰাজনীতি আজিলৈকে হোৱা নাই । কংগ্ৰেছ নাটক কৰাৰ বাবে যোগ্য । ৭৫ বছৰে শাসনত থাকিও কংগ্ৰেছ দলে কিয় আম্বেদকাৰক ভাৰতৰত্ন নিদিলে ? তেওঁলোকৰ শাসনকালত ৰাজীৱ গান্ধী, ইন্দিৰা গান্ধীৰ নামত বহুত আঁচনি কৰিলে, নেহৰুৰ নামত বিশ্ববিদ্যালয় কৰিলে । কিন্তু আম্বেদকাৰৰ নামত কংগ্ৰেছে এটাও আঁচনি নিদিলে । এখন বিশ্ববিদ্যালয় দূৰৈৰ কথা বিদ্যালয় এখনো আম্বেদকাৰৰ নামত নাই ।"

ইফালে গৌৰৱ গগৈৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি মুখ্যমন্ত্ৰীয়ে কয়,"ৰজা-মহাৰজা সন্দৰ্ভত প্ৰতিক্ৰিয়া মই নিদিওঁ । সৰু মানু্হ, সাধাৰণ মানুহৰ কথাৰ প্ৰতিক্ৰিয়া দিম । ডাঙৰ মানুহৰ পুত্ৰ সন্দৰ্ভত মই মন্তব্য নিদিও ।"

অসমত বাংলাদেশী অনুপ্ৰৱেশক লৈ সৰ্তকতা অৱলম্বনৰ নিৰ্দেশ :

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ পিছত অসমত বাংলাদেশীৰ অনুপ্ৰৱেশ বৃদ্ধি পাইছে বুলি মন্তব্য কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই । ত্ৰিপুৰাত এই পৰিস্থিতি জটিল হৈছে বুলি উল্লেখ কৰি তেওঁ কয়,"অসমতো যোৱা সময়ছোৱাত দৈনিক ২০-২৫ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ কৰি থকা হৈছে । পৰিস্থিতি জটিল হৈছে । এইক্ষেত্ৰত বিষয়টো গুৰুত্ব‌সহকাৰে লোৱা হৈছে ।" তেওঁ কয়, "বাংলাদেশৰ আৰ্থিক অৱস্থা বেয়া‌ হৈছে । যাৰ বাবে এই পৰিস্থিতিৰ উদ্ভৱ হৈছে । দেশৰ গৃহমন্ত্ৰী আৰু ভাৰত-বাংলাদেশ সীমান্তৰ ৰাজ্যসমূহৰ‌ মুখ্যমন্ত্ৰীসকলৰ আলোচনা হৈছে ।‌ এই‌ক্ষেত্ৰত সাৱধানতা আৰু সতৰ্কতা অৱলম্বনৰ নিৰ্দেশ দিয়া‌ হৈছে ।"

লগতে পঢ়ক :বাজপেয়ী অসমবাসীৰ বিপদৰ সময়ত কাষত থিয় হৈছিল: মুখ্যমন্ত্ৰী - GOOD GOVERNANCE DAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.