ETV Bharat / state

বিদায় ২০২৪: অসম চৰকাৰৰ বাৰ মাহৰ ঋণৰ কাহিনী - YEARENDER 2024

হিতাধিকাৰী আঁচনিৰে লাওলোৱা বুলি এফালে বিৰোধীৰ ক্ষুৰধাৰ সমালোচনা আৰু আনফালে সমালোচনালৈ কেৰেপ নকৰি ২০২৪ত প্ৰায় প্ৰতিটো মাহতে ঋণ গ্ৰহণ কৰি গ’ল অসম চৰকাৰে ।

ASSAM GOVT DEBT
বিদায় ২০২৪: অসম চৰকাৰৰ বাৰ মাহৰ ঋণৰ কাহিনী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2024, 10:31 PM IST

গুৱাহাটী: বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণেৰে অভিলেখ সৃষ্টি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে বিদায়ী ২০২৪ বৰ্ষটোতো গ্ৰহণ কৰিলে বৃহৎ পৰিমাণৰ ঋণ । অসম চৰকাৰে ২০২৪ বৰ্ষটো আৰম্ভ কৰিছিল জানুৱাৰীৰ প্ৰথম ১৬ টা দিনতে ১৭৫০ কোটি টকা ঋণ গ্ৰহণেৰে । আনহাতে ২০২৪বৰ্ষৰ শেষৰটো মাহ ডিচেম্বৰত দুবাৰত ১৮০০ কোটি টকা ঋণ গ্ৰহণেৰে বছৰটোক বিদায় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । হিতাধিকাৰী আঁচনিৰে লাওলোৱা বুলি এফালে বিৰোধীৰ ক্ষুৰধাৰ সমালোচনা আৰু আনফালে সমালোচনালৈ গণ্য নকৰি ২০২৪ত প্ৰায় প্ৰতিটো মাহতে ঋণ গ্ৰহণ কৰি গ’ল অসম চৰকাৰে ।

অসম চৰকাৰৰ বাৰ মাহৰ ঋণৰ কাহিনী:

ASSAM GOVT DEBT
বিদায় ২০২৪: অসম চৰকাৰৰ বাৰ মাহৰ ঋণৰ কাহিনী (ETV Bharat Assam)

বিগত মাৰ্চ মাহলৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া আৰু পৰৱৰ্তী মাহকেইটাত ৰাজ্য চৰকাৰে ঋণ লোৱাৰ বাবে প্ৰতিভূতি জমা নিলামৰ ৰাজহুৱা জাননীৰ তথ্য অনুসৰি বছৰটোৰ প্ৰায় প্ৰতিটো মাহতেই ৰাজ্য চৰকাৰে বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণ কৰে ৷ তথ্য অনুসৰি-

জানুৱাৰী : বিদায়ী বৰ্ষ ২০২৪ বৰ্ষৰ আৰম্ভণিৰ প্ৰথম ১৬ টা দিনতে ১৭৫০ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে । বছৰটোৰ জানুৱাৰী মাহৰ ৯ তাৰিখে ১ হাজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে ৷ আনহাতে ১৬ জানুৱাৰীত গ্ৰহণ কৰে ৭৫০ কোটি টকাৰ ঋণ ৷

ফেব্ৰুৱাৰী :

অসম চৰকাৰে এই বছৰৰ ৬ ফেব্ৰুৱাৰীত ১০০০ কোটি টকাৰ ঋণ লয় ৷ ফেব্ৰুৱাৰী মাহত দ্বিতীয়টো ঋণ লয় ১৩ ফেব্ৰুৱাৰীত । ১৩ ফেব্ৰুৱাৰীত লয় ৫০০ কোটি টকাৰ ঋণ । ফেব্ৰুৱাৰীত মুঠ ১৫০০ কোটিৰ ঋণ লয় অসম চৰকাৰে ৷

মাৰ্চ :

আনহাতে ৫ মাৰ্চত পুনৰ ঋণ লয় ৰাজ্য চৰকাৰে । ৫ মাৰ্চত লয় ১,০০০ কোটি টকা ঋণ ৷ এই মাহটোত ইয়াৰ পাছত লোকসভা নিৰ্বাচন ২০২৪ৰ নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈছিল । সেয়ে মাৰ্চ মাহটোত এটাই ঋণ লৈছিল ৰাজ্য চৰকাৰে । ৰাজ্য চৰকাৰে যোৱা ২৯ ফেব্ৰুৱাৰীত ৫ মাৰ্চৰ এই ১০০০কোটি টকাৰ ঋণৰ ১০ বছৰীয়া প্ৰতিভূতি জমা নিলামৰ ৰাজহুৱা জাননী দিছিল ।

এপ্ৰিল মাহ :

৮ এপ্ৰিলত ১ হাজাৰ কোটি আৰু ৩০ এপ্ৰিলত ১ হাজাৰ কোটি টকাৰ ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে । এপ্ৰিল মাহত দুবাৰত মুঠ ২০০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰে চৰকাৰে ।

মে’ :

আন মাহত লোৱাৰ দৰেই ২০২৪ৰ মে’ মাহত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে । ২৮ মে'ত ৰাজ্য চৰকাৰখনে পুনৰ এহেজাৰ কোটি টকাৰ ঋণ গ্ৰহণ কৰে ৷

জুন :

২০২৪ৰ ৮ জুনত কেবিনেট বৈঠকত নাবাৰ্ডৰ পৰা ৬৩৪.৫৩ কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল ।

জুলাই:

২৩ জুলাইত ১,০০০ কোটি টকা ঋণ লয় চৰকাৰে ৷

আগষ্ট:

এই বছৰৰ আগষ্ট মাহত দুবাৰত মুঠ ২০০০ কোটি টকা ঋণ লৈছিল হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ তাৰে প্ৰথমটো পৰ্যায়ত ৭ আগষ্টত ১,০০০ কোটি টকা ঋণ লৈছিল ৰাজ্য চৰকাৰে ৷ আনহাতে ২৭ আগষ্টত ১,০০০ কোটি টকা ঋণ লয় চৰকাৰখনে ।

ছেপ্টেম্বৰ :

ছেপ্টেম্বৰ মাহতো দুবাৰ ঋণ লয় ৰাজ্য চৰকাৰে ৷ ১৭ ছেপ্টেম্বৰত ৫০০ কোটি টকা আৰু ২৪ ছেপ্টেম্বৰত ২৫০ কোটি টকা ঋণ গ্ৰহণ কৰে চৰকাৰখনে । মাহটোত মুঠ ৭৫০ কোটি টকা ঋণ গ্ৰহণ কৰে ৰাজ্য চৰকাৰে ।

অক্টোবৰ:

এইবছৰৰ ১ অক্টোবৰতো ৭৫০ কোটি টকা ঋণ গ্ৰহণ অসম চৰকাৰৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে পুনৰ যোৱা ১ অক্টোবৰত ৭৫০ কোটি টকাৰ ঋণ গ্ৰহণ কৰে । এসপ্তাহৰ পিছতেই আকৌ ৮ অক্টোবৰতো ৰাজ্য চৰকাৰে পুনৰ ৭৫০ কোটি টকাৰ ঋণ লয় । অৰ্থাৎ ২০২৪ৰ অক্টোবৰ মাহত ৰাজ্য চৰকাৰে মুঠ ১৫০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰে ৷

নৱেম্বৰ:

নৱেম্বৰ মাহত চৰকাৰে ঋণ লোৱাৰ তথ্য বৰ্তমানলৈ ৰাজহুৱা হোৱা নাই ৷ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ শেষতহে স্পষ্ট হ’ব নৱেম্বৰ মাহত অসম চৰকাৰে ঋণ গ্ৰহণ কৰিছিলনে নাই ৷
ডিচেম্বৰ :

২০২৪বৰ্ষৰ শেষৰ মাহটোও ৰাজ্য চৰকাৰৰ বাবে ঋণগ্ৰস্ত মাহতেই পৰিগণিত হ’ল । এই ডিচেম্বৰ মাহত এতিয়ালৈকে অসম চৰকাৰে দুবাৰত মুঠ ১৮০০কোটি টকাৰ ঋণ গ্ৰহণ কৰে ৷ যোৱা ৩ ডিচেম্বৰত মাহটোত প্ৰথমবাৰ ৰাজ্য চৰকাৰে ৯০০ কোটি টকাৰ ঋণ লোৱাৰ লগতে ২৪ ডিচেম্বৰত দ্বিতীয়বাৰ ৯০০ কোটি টকাৰ ঋণ লয় ৷

অনুৎপাদনশীল কামত খৰচ ঋণৰ ধন :

বছৰৰ প্ৰায় প্ৰতিটো মাহতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে গ্ৰহণ কৰা বৃহৎ পৰিমাণৰ ঋণৰ ধন কোনো উৎপাদনশীল কামত ব্যয় নোহোৱা বুলি প্ৰশ্নৰো অৱতাৰণা কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহে ৷ ভোটৰ সমীকৰণত হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে প্ৰৱৰ্তন কৰা হিতাধিকাৰী সৃষ্টিকাৰী অসংখ্য আঁচনিৰ নামতে চৰকাৰখনে ঋণৰ ধন ব্যয় কৰাৰ ধাৰাবাহিক অভিযোগ বিৰোধী দলসমূহৰ । ঋণৰ ধনসমূহ ক’ত কেনেকৈ ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে ৰাজ্য চৰকাৰৰ পৰা সময়ে সময়ে শ্বেতপত্ৰ দাবী কৰি আহিছে যদিও বছৰটোত চৰকাৰে বিষয়টোত বিশেষ গুৰুত্ব দিয়া দেখা নগ’ল । লগতে ঋণ গ্ৰহণৰ ক্ষেত্ৰত অভিলেখ ভংগৰ বিষয়টোৱে ৰাজ্যজুৰি বিদায়ী বছৰটোত বিশেষ চৰ্চা লাভ কৰি আহিছে ।

হিতাধিকাৰী আঁচনি বনাম হাজাৰ কোটিৰ ঋণবোৰ:

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ সকলো চৰকাৰৰ অভিলেখ ভংগ কৰে । ৰাজ্যৰ বিভিন্ন বিৰোধী দল-সংগঠনে ঋণ লোৱা কাৰ্যক কঠোৰ সমালোচনা কৰিলেও মুখ্যমন্ত্রীকে ধৰি শাসকীয় দলৰ নেতাসকলে ঋণ লোৱা বিষয়টোক ইতিবাচক কাৰ্য বুলিহে গণ্য কৰি বিৰোধীক প্ৰত্যুত্তৰ দি আহিছে ৷

বিপৰীতে, ৰাজ্যৰ বিত্তীয় পৰিস্থিতি ঋণমুখী অৱস্থাত থকাৰ পাছতো ৩৭.২ লাখ মহিলাক প্ৰতিমাহে ১২৫০ টকাকৈ প্ৰদান কৰি বছৰি ৫,২০০ কোটি টকা ৰাজ্য চৰকাৰে ব্যয় কৰি আছে । স্কুটী, চাইকেল বিতৰণৰ বাবদ ৭৭৫ কোটি, নিযুত মইনাৰ বাবদ ২৪০ কোটি, মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইত ৫৫০ কোটি, বিহু-পূজা-ভাওনা কমিটীক দিয়া বিশেষ সাহাৰ্যত ৩০০ কোটি টকা ব্যয় কৰাৰ তালিকাত আছে ৰাজ্য চৰকাৰ ।

ইফালে ৰাজ্য পৰিচালনাৰ বাবে বিত্ত বিভাগে লোৱা ঋণৰ পৰিমাণ ১,৫৮,৭৫০ কোটি টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ বিপৰীতে হিতাধিকাৰী সৃষ্টি কৰা কেৱল ৭ খন আঁচনিৰ বাবদ বছৰি ব্যয় ১১,০৭৫ কোটি টকা ৰাজ্য চৰকাৰৰ । তদুপৰি, নগদ ধন আদায় দিয়া সুবিধা থকা বিভিন্ন হিতাধিকাৰী আঁচনিও আছে চৰকাৰখনৰ ।

ৰাজ্যিক ঘৰুৱা উৎপাদন বাঢ়িছে- টীম হিমন্ত বিশ্ব শৰ্মাৰ দাবী:

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত ক্ৰমাৎ বাঢ়িছে ৰাজ্যিক ঘৰুৱা উৎপাদন । বিশাল ঋণ গ্ৰহণৰ বিষয়ত বিৰোধী সমালোচনাত মুখৰ হ’লেই সময়ে সময়ে এই দাবী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সদস্যসকলৰ ৷ কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰৰ মাজৰ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ তুলনা কৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোৱা হয়, “২০২৪-২৫ বৰ্ষত বিজেপিৰ শাসনত অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) ৬,৪৩,০৮৯ কোটি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ ইয়াৰ পৰিমাণ ২০২৩-২৪ বৰ্ষতকৈ ১৩ শতাংশ অধিক । আনহাতে, কংগ্ৰেছ শাসনত অৰ্থাৎ ২০১৫-১৬ বিত্তীয় বৰ্ষত অসমৰ জি এছ ডি পি আছিল ২,২৭,৯৩৯ কোটি টকা । তেনেকৈ কংগ্ৰেছ শাসনত ২০১৫-১৬ বৰ্ষত অসমৰ মানুহৰ জনমূৰি আয় আছিল ৪৮,৪৬৫ টকা ।"

লগতে শৰ্মা মন্ত্ৰীসভাৰ দাবী, "একেটা বৰ্ষত দেশৰ মানুহৰ জনমূৰি আয় আছিল ৭২,৮০৫ টকা । ইয়াৰ বিপৰীতে বিজেপিৰ শাসনত ২০২৪ বৰ্ষত অসমৰ মানুহৰ জনমূৰি আয় ১,৮২,৬০০ টকালৈ বৃদ্ধি হয় আৰু একেটা বৰ্ষতে দেশৰ জনসাধাৰণৰ জনমূৰি আয়ৰ পৰিমাণ ১,৮৪,০০০ টকা । প্ৰায় ওচৰাওচৰি । এই ব্যৱধান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কমাই আনিবলৈ সক্ষম হৈছে ৷”

ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩২ শতাংশলৈকে ল’ব পাৰি ঋণ :

ৰাজ্য চৰকাৰে বিশাল পৰিমাণে ঋণ লোৱা বিষয়ত বিৰোধীয়ে কৰা সমালোচনা প্ৰসংগতো বিজেপি আৰু অসম চৰকাৰৰ যুক্তি, "আমাৰ চৰকাৰে ঋণ লৈছে সঁচা কথা । আমি ঋণ লৈছো অসমক দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ । ঋণ ল’বলৈ যোগ্যতা লাগে আৰু অসমৰ সেই যোগ্যতা আছে ৷ তাৰ ভিত্তিতে আমাৰ চৰকাৰে ঋণ লৈছে । এফ আৰ বি এম (FRBM) আইন অনুসৰিহে ৰাজ্যৰ বাবে এই ঋণসমূহ গ্ৰহণ কৰা হৈছে । এই আইন অনুসৰি আমি আমাৰ ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩২ শতাংশলৈকে ঋণ ল'ব পাৰো । কিন্তু আমাৰ ঋণৰ পৰিমাণ মুঠ জি এছ ডি পিৰ ২৪ শতাংশৰ ভিতৰতে আছে ।" হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্লৱৰুৱাৰ মন্তব্য আছিল এয়া ।

অসম চৰকাৰে ঋণ লোৱাৰ সপক্ষে যুক্তি দাঙি ধৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আন এগৰাকী মন্ত্ৰী পীয়ুষ হাজৰীকাৰ যুক্তি আছিল, “কংগ্ৰেছ শাসিত তেলেংগানাৰ ঋণৰ পৰিমাণ আমাতকৈ বহু বেছি । ৰাজ্যখনৰ মুঠ জি এছ ডি পিৰ ২৭ শতাংশ । তেলেংগানাৰ ঋণৰ পৰিমাণ আজিৰ তাৰিখত ৪ লাখ ৫০ হেজাৰ কোটিতকৈ অধিক ৷”

লগতে পঢ়ক: বিজেপিৰ শাসনকালত অসমে ঋণৰ বাবদ সুদ হিচাপে পৰিশোধ কৰিলে ৪২ হেজাৰ কোটি টকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.