ETV Bharat / state

তেজপুৰ সাহিত্য উৎসৱত প্ৰাক্তন এন এছ জি বিষয়া কৰ্ণেল কৌশল কাশ্যপ - TEZPUR LITERATURE FESTIVAL 2024

"সেই সময়ত মণিপুৰত খোজে খোজে বোমা, গুলী ৷" মণিপুৰৰ শিহৰণকাৰী অভিযানৰ বৰ্ণনা কৰ্ণেল কৌশল কাশ্যপৰ ৷

Tezpur Literature Festival 2024
তেজপুৰ সাহিত্য উৎসৱ ২০২৪ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 11 hours ago

তেজপুৰ: "পাকিস্তানী উগ্ৰপন্থী কাছ'ভ যদি ভাৰতত প্ৰৱেশ কৰিব পাৰে, তেনেহ’লে মই কিয় ভাৰতীয় সেনাৰ বিশেষ বাহিনীত যোগদান কৰিব নোৱাৰিম ?" এই মন্তব্য ভাৰতীয় সেনাৰ বিশেষ বাহিনীৰ নেতৃত্ব বহন কৰা প্ৰাক্তন সেনা বিষয়া শৌৰ্য চক্ৰ বিজেতা কৰ্ণেল কৌশল কাশ্যপৰ । তেজপুৰ সাহিত্য উৎসৱ-২০২৪ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী ‘আবেগ উত্তৰণ’ বিষয়ত বুধবাৰে অংশগ্ৰহণ কৰি যুৱ প্ৰজন্মক উদ্দেশ্যি তেওঁ এই মন্তব্য কৰে ।

কৰ্ণেল কৌশল কাশ্যপে কয়, "জীৱনত বহুত ঘাত-প্ৰতিঘাত থাকে, কিন্তু আমি নিজকে প্ৰস্তুত কৰিব লাগিব ৷ নিজৰ সমস্যা নিজেই সমাধান কৰিব লাগিব ৷ এন এছ জিত অন্তৰ্ভুক্ত হ’বলৈ যি কঠিন অনুশীলন সেয়া সাহসেৰে পাৰ কৰি আহিলেহে এন এছ জিৰ দৰে বাহিনীত থাকিব পৰা যায় ৷ এখন ভৰি গুলিবিদ্ধ হোৱাৰ পাছত সেনাৰ চিকিৎসকে মোক এন এছ জিত অন্তৰ্ভুক্ত হ’বলৈ উপযুক্ত নহয় বুলি ঘোষণা কৰিছিল ৷ কিন্তু তিনিমাহৰ ভিতৰত চিকিৎসকৰ সেই ধাৰণা মই ভ্ৰান্ত প্ৰমাণ কৰি এন এছ জিত অন্তৰ্ভুক্ত হ’লো ৷"

Tezpur Literature Festival 2024
তেজপুৰ সাহিত্য উৎসৱ ২০২৪ (ETV Bharat Assam)

বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণৰে অনুষ্ঠিত হোৱা এই আবেগ উত্তৰণ অনুষ্ঠানত নিজৰ কৰ্মজীৱনৰ বৰ্ণনা কৰি তেওঁ কেইটামান উল্লেখযোগ্য মুহূৰ্তৰ বিষয়ে অৱগত কৰে । বিশেষকৈ মণিপুৰৰ ভয়াবহ উগ্ৰপন্থী বিৰোধী অভিযানৰ ঘটনাৰ বিষয়ে উল্লেখ কৰি তেওঁ কিদৰে দলটোৰ নেতৃত্ব দিছিল সেই বিষয়ে মন্তব্য কৰে । তেওঁ মণিপুৰৰ এক ঘটনা উল্লেখ কৰি কয়, "সেই সময়ত মণিপুৰত খোজে খোজে বোমা, গুলী ৷ তাৰ মাজতে এটা অভিযানত মই মোৰ এজন সতীৰ্থক হেৰুৱাইছিলোঁ ৷ কিন্তু তাৰ পৰৱৰ্তী সময়ত আমি সেই অঞ্চলত এজনো উগ্ৰপন্থী সাৰি যাবলৈ নিদিলোঁ ৷"

তেওঁ কয়, "এক ভয়ানক অভিযানত মণিপুৰত নেতৃত্ব দিব লগা হৈছিল ৷ এই অভিযানত মই মোৰ দলটোৰ এজনৰো কোনো ক্ষতি নোহোৱাকৈ অভিযান সমাপ্ত কৰিছিলোঁ ৷" এন এছ জিৰ প্ৰাক্তন বিষয়াজনে লগতে কয়, "মানুহে জীৱনত ভয় কৰিব লাগে, কাৰণ ভয়ে মানুহক বেছি সজাগ কৰে ৷ ভয় কৰাৰ কাৰণ এইটো নহয় যে মই কামৰ বাবে ভয় কৰিছো ৷ তাৰ কাৰণ এইটোহে যে মই মোৰ নেতৃত্ব কিদৰে পালন কৰিছো ৷ কাৰণ মোৰ নেতৃত্বত গধুৰ দায়িত্ব অৰ্পণ কৰা হৈছে, সেই দায়িত্ব কোনো ভুল নোহোৱাকৈ সফলতাৰে কেনেদৰে অৰ্জন কৰিব পৰা যায়, সেইটোতহে ভয় থাকিব লাগে ৷"

কৰ্ণেল কৌশল কাশ্যপ ভাৰতীয় সেনাৰ প্ৰাক্তন বিশেষ বাহিনীৰ বিষয়া আৰু তেওঁ দেশ-বিদেশৰ বিভিন্ন স্পৰ্শকাতৰ অভিযান আৰু দায়িত্ব পালনৰ ২০ বছৰতকৈও অধিক অভিজ্ঞতা আছে । দেশৰ অন্যতম অভিজাত কমাণ্ডো ইউনিট ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ ৫২ নং বাহিনীৰ বিশেষ এক্সন গ্ৰুপৰ নেতৃত্ব দিয়াৰ এক অনন্য গৌৰৱ তেওঁৰ আছে ।

সাহিত্য উৎসৱত তেজপুৰ ডাইমেনচন একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় সেনাৰ প্ৰাক্তন বিশেষ বাহিনীৰ বিষয়াগৰাকীক এখন অসমৰ মানচিত্ৰ প্ৰস্তুত কৰি উপহাৰ হিচাপে আগবঢ়ায় ।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আজিও শেষ নোহোৱাৰ আঁৰৰ কাৰণ কি ? লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতাৰ বিশ্লেষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.