ETV Bharat / state

অপৰাধৰ অভিলেখেৰে বিদায়ী বৰ্ষটো - YEARENDER 2024

২০২৪ বৰ্ষটোত কেবাটাও জঘন্য অপৰাধ সংঘটিত হ'ল অসমত । কি কি অপৰাধে ৰাজ্য কঁপালে বিদায়ী বৰ্ষটোত ? জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

In the year 2024, several heinous crimes were committed in Assam
অপৰাধৰ অভিলেখেৰে বিদায়ী বৰ্ষটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 12 hours ago

Updated : 12 hours ago

নগাঁও: চাওঁতে চাওঁতে বিদায় ক্ষণত উপনীত আৰু এটা ইংৰাজী বৰ্ষ । বহু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ থকা ২০২৪ বৰ্ষটোত বহুকেইটা অপৰাধৰ ঘটনাও সংঘটিত হ'ল অসমত । এটা দুটা নহয়, কেবাটাও জঘন্য অপৰাধৰ ঘটনাই কঁপাই গ'ল ৰাজ্য । বিশেষকৈ ট্ৰেডিং কেলেংকাৰীকে ধৰি হত্যা, ধৰ্ষণৰ দৰে জঘন্য ঘটনাই ৰাজ্য জোকাৰি গ'ল বিদায়ী বৰ্ষটোত ।

ট্ৰেডিং কেলেংকাৰী:

২০২৪ বৰ্ষটোত অসমৰ সৰ্বাধিক চৰ্চিত কেলেংকাৰীটোৱেই হৈছে অনলাইন ট্ৰেডিং কেলেংকাৰী । অনলাইন ট্ৰেডিঙৰ নামত অধিক লাভৰ সপোন দেখুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ পৰা কেবাটাও অনলাইন ট্ৰেডিং কোম্পানীয়ে কেবাহাজাৰ কোটিটকীয়া কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগে একপ্ৰকাৰ জোকাৰি গ'ল ৰাজ্য । যি কেলেংকাৰীৰ তদন্ত কৰিবলৈ দায়িত্ব অৰ্পন কৰিবলগীয়া হৈছে কেন্দ্ৰীয় অনুসন্ধান শাখা চি বি আইক ।

বিশেষকৈ ডি বি ষ্ট্ৰক, ট্ৰেডিং এফ এক্স, বুল্ছ আইজ আদি কেবাটাও অনলাইন ট্ৰেডিং কোম্পানীৰ বিৰুদ্ধে উত্থাপন হৈছিল সাধাৰণ গ্ৰাহকক লোভত পেলাই হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে, এটা অনলাইন ট্ৰেডিং কোম্পানীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিত কোটি টকাৰ অনুদান আগবঢ়াবলৈ যোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে ধনৰ উৎস বিচাৰোতেই পোহৰলৈ আহিছিল অনলাইন কেলেংকাৰীৰ তথ্য ।

লগে লগেই অসমত চলি থকা প্ৰতিটো অনলাইন ট্ৰেডিঙৰ বিৰুদ্ধে অসম আৰক্ষীৰ অনুসন্ধান শাখাক দায়িত্ব অৰ্পন কৰা হৈছিল । তেতিয়াই আৰক্ষীৰ জালত পৰে অনলাইন ট্ৰেডিং কেলেংকাৰীত জড়িত থকাৰ অভিযোগত অভিযুক্ত বিশাল ফুকন, চুমী বৰাসহ বহুকেইজন । চি আই ডিৰ তদন্তত এটা এটাকৈ অনলাইন কোম্পানীৰ তদন্ত পোহৰলৈ অহাৰ পাছতেই অসম চৰকাৰে অনলাইন কেলেংকাৰীৰ তদন্তৰ দায়িত্ব চি বি আইক প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি কেন্দ্ৰীয় গৃহ বিভাগৰ অনুমোদন মৰ্মে অসমৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰে চি বি আয়ে ।

অসমত বাহৰ পাতি তদন্ত অব্যাহত ৰখা চি বি আইৰ দলটোৱে অনলাইন ট্ৰেডিং কোম্পানীৰ সকলো নথি জব্দ কৰাৰ উপৰিও কেলেংকাৰীত জড়িত বহুকেইজনক জেৰা কৰিছে চি বি আইৰ দলে । ইয়াৰোপৰি অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা বিনিয়োগকাৰীকো সোধা পোছা কৰিছে চি বি আইৰ দলে। কিন্তু ট্ৰেডিং কেলেংকাৰীটোৰ বিৰুদ্ধে মৌন হৈ থকা বিনিয়োগকাৰীয়ে নিজৰ জমা ধন ওভতাই পাবনে নাই সেই বিষয়ে এই পৰ্যন্ত নিশ্চিত নহয় বিনিয়োগকাৰী ।

স্বাধীনতা দিৱসত বোমাৰ আতংক:

বিদায়ী বৰ্ষটোৰ স্বাধীনতা দিৱসৰ দিনাই বোমাৰ আতংকই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য । ২০২৪ বৰ্ষৰ ১৫ আগষ্টৰ দিনটোত হঠাৎ এটা খবৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যতেই । খবৰটো আছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপনৰ । স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পাছতেই অসমৰ সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ ফালৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰাৰ খবৰ ।

লগে লগেই তৎপৰ হৈ পৰে অসম আৰক্ষী । আলফা স্বাধীনে বিবৃতিটোত উল্লেখ কৰা স্থানত অভিযান চলাই বিস্ফোৰণৰ পূৰ্বেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বোমাসদৃশ সামগ্ৰী । অসম আৰক্ষীৰ তৎপৰতাৰ বাবেই স্বস্তিৰ নিশ্বাস এৰিব পৰা হৈছিল জনসাধাৰণে । পৰৱৰ্তী সময়ত বোমা সংস্থাপনৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাজনো লোকক আটক কৰিবলৈয়ো সক্ষম হয় অসম আৰক্ষী ।

ধিঙৰ ধৰ্ষণকাণ্ড:

২০২৪ বৰ্ষৰে ২২ আগষ্টৰ সন্ধিয়া নগাঁও জিলাৰ ধিঙত সংঘটিত এক ধৰ্ষণকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য । ২২ আগষ্টৰ সন্ধিয়া ধিঙৰ এটা ৰাজপথৰ কাষতেই মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰী । অৰ্ধচেতন অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক স্থানীয় লোকৰ তৎপৰতাত প্ৰথমে ধিং এফ আৰ ইউত আৰু পৰৱৰ্তী সময়ত নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ।

কিশোৰীগৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই উত্তাল হৈ পৰিছিল নগাঁও জিলাৰ লগতে সমগ্ৰ অসম । ঘটনা সন্দৰ্ভত এটা দিন পাছতেই অৰ্থাৎ ২৩ আগষ্টত নগাঁও আৰক্ষীয়ে তফাজ্জুল ইছলাম নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ ২৪ আগষ্টৰ পুৱতি নিশা অনুসন্ধানৰ বাবে ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়তে এটা পুখুৰীত পৰি মৃত্যু ঘটে অভিযুক্ত তফাজ্জুল ইছলামৰ ।

নগাঁও আৰক্ষীয়ে সদৰী কৰা মতে, আৰক্ষীৰ জিম্মাৰ পৰা পুখুৰীত জঁপিয়াই তফাজ্জুল ইছলাম মৃত্যুমুখত পৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা তফাজ্জুল ইছলামৰ পৰিয়ালে এই মৃত্যুৰ ন্যায় বিচাৰি কাষ চাপে গুৱাহাটী উচ্চ ন্যায়লয়ৰ । সম্প্ৰতি গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন তফাজ্জুলৰ পৰিয়ালে তৰা গোচৰ ।

কিশোৰী ধৰ্ষণৰ ঘটনাত জড়িত থকা আন দুই অভিযুক্তই পলায়ন কৰিছিল যদিও ঘটনা সংঘটিত হোৱাৰ প্ৰায় এটা সপ্তাহ পাছত অৰ্থাৎ ৭ চেপ্টেম্বৰত দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিনে নগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে । কিশোৰী ধৰ্ষণৰ এই ঘটনাক লৈ ধিং অঞ্চল বন্ধ ঘোষণা কৰাৰ উপৰিও নগাঁৱকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল-সংগঠনে ।

বিদ্যালয়তে নৱম শ্ৰেণীৰ ছাত্ৰীক হত্যা সহপাঠীৰ:

কাহানিও কল্পনা কৰিব নোৱৰা ছাত্ৰী হত্যাৰ এক ঘটনায়ো ৰাজ্য কঁপাই গ'ল ২০২৪ বৰ্ষট়োত । বিদ্যালয়তে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতেই সৃষ্টি হৈছ়িল চাঞ্চল্যৰ । ঘটনাটো আছিল দৰং জিলাৰ দলগাঁৱৰ । দলগাঁৱৰ মণিমালা ভৌমিক নামৰ ছাত্ৰীগৰাকীক বিদ্যালয়তে চোকা অস্ত্ৰৰে প্ৰহাৰ কৰাৰ পাছতেই সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয় বিচনাতেই মৃত্যুক সাৱটি লয় ছাত্ৰীগৰাকীয়ে । সহপাঠীৰ বিৰুদ্ধে ছাত্ৰীগৰাকীক হত্যাৰ অভিযোগ উত্থাপন হৈছিল ।

উপ-নিৰ্বাচনকেন্দ্ৰিক হিংসা:

ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাাচনত নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিত সংঘটিত নিৰ্বাচনকেন্দ্ৰিক হিংসাই চৰ্চা লাভ কৰিলে সমগ্ৰ ৰাজ্যতেই । চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সমষ্টিটোত কেবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈ যায় ।

বিশেষকৈ কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মীৰ মাজত সংঘটিত নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ মাজতে কংগ্ৰেছৰ বিধায়কৰ বাহনত আক্ৰমণ, আনকি গুলীচালনাৰ দৰে ঘটনাও সংঘটিত হয় চামগুৰিত । বিজেপি বিধায়কৰ বাহনলৈ লক্ষ্য কৰি কংগ্ৰেছ কৰ্মীয়ে গুলীচালনা কৰা বুলি বিজেপি বিধায়ক জিতু গোস্বামীয়ে অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধে গুলীচালনা কৰাৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে । নিৰ্বাচনকেন্দ্ৰিক হিংসাত এগৰাকী বিজেপি কৰ্মীৰ মৃত্যু হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছিল চামগুৰি সমষ্টিত ।

প্ৰেমৰ বাবেই চাৰিজনকৈ লোকক হত্যা:

ঘটনা ২২ নৱেম্বৰৰ । বিদায়ী বৰ্ষৰেই শেষৰ সময়ত নগাঁও জিলাৰ গড়াজানত সংঘটিত হোৱা এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য । গড়াজানৰ গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰৰ বিয়াৰ পূৰ্ণ প্ৰস্তুতি চলি আছিল ঘৰখনত । তাৰ মাজতে ২২ নৱেম্বৰৰ সন্ধিয়া ঘৰৰ ভিতৰতেই উদ্ধাৰ হৈছিল গুণধৰ সৰকাৰৰ লগতে তেওঁৰ পত্নী আৰু কনিষ্ঠ কন্যা জয়াস্মিতা সৰকাৰৰ লগতে নগাঁৱৰ অনুপম সূত্ৰধৰৰ মৃতদেহ ।

গুণধৰ সৰকাৰৰ জ্যেষ্ঠ কন্যা নৱাস্মিতা সৰকাৰৰ সৈতে অনুপম সূত্ৰধৰৰ প্ৰেমৰ সম্পৰ্কৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি সদৰী কৰিছিল নগাঁও আৰক্ষীয়ে । পৰৱৰ্তী সময়ত হত্যাকাণ্ডৰ সৈতে জড়িত গুণধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতেই পোহৰলৈ আহিছিল হত্যাকাণ্ডটোৰ প্ৰকৃত ৰহস্য । আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি পূৰ্বৰ প্ৰেমিক অনুপম সূত্ৰধৰে গুণধৰ সৰকাৰ আৰু পত্নী, কন্যাক দাৰে ঘপিয়াই হত্যা কৰা নিজে প্ৰত্যক্ষ কৰি গুণধৰ সৰকাৰৰ ভতিজা অমল সৰকাৰে একেখন দাৰেই ঘপিয়াই হত্যা কৰিছিল অনুপম সূত্ৰধৰকো ।

অসমত জেহাদীৰ ভয়ংকৰ জাল:

বাংলাদেশী উগ্ৰপন্থী সংগঠনে বছৰটোৰ শেষৰ ফালে অসমত এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ অভিসন্ধি ৰচনা কৰাৰ সময়তেই অসম আৰক্ষীয়ে তৎপৰতাতে এই নেটৱৰ্ক উৎখাত কৰিবলৈ সক্ষম হয় । সংবাদ মাধ্যমক অসম আৰক্ষীয়েই অৱগত কৰোৱা মতে, বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন অল কায়দাৰ শাখা বাংলাদেশৰ মৌলবাদী সংগঠন আনচাৰুল্লাহ বাংলা টীমৰ মুৰব্বী নেতা জাছিমুদ্দিন ৰেহমানীৰ নিৰ্দেশত ভাৰতলৈ আহিছিল বাংলাদেশৰ ফাৰহান ইশ্বৰাক ওৰফে মহম্মদ ছাদ ।

ফাৰহান ইশ্বৰাকে ভাৰতত মৌলবাদী সংগঠনটোৰ শ্লিপাৰ ছেল গঠনৰ কুচকাৱাজ আৰম্ভ কৰাৰ তথ্য লাভ কৰি অসম আৰক্ষীয়ে এক গোচৰ ৰুজু কৰাৰ লগতে আৰম্ভ কৰে অভিযান । বহিঃৰাজ্যতো অভিযান চলাই অসম আৰক্ষীয়ে মৌলবাদী সংগঠনটোৰ সৈতে জড়িত ৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী । অসম আৰক্ষীৰ তথ্য অনুসৰি ১৭ আৰু ১৮ ডিচেম্বৰৰ নিশা কেৰালা, পশ্চিমবংগ আৰু অসমত একেলগে অসম আৰক্ষীৰ এছ টি এফে তিনি ঠাইত একেসময়তে অভিযান চলাই আপত্তিজনক সামগ্ৰী জব্দ কৰাৰ লগতে ৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হয় ।

অসম আৰক্ষীৰ অভিযানত বাংলাদেশী নাগৰিক মহম্মদ ছাদ ৰাদি, পশ্চিমবংগৰ মিনাৰুল শ্বেইখ আৰু আব্বাছ আলী, অসমৰ নুৰুল ইছলাম মণ্ডল, আব্দুল কৰিম মণ্ডল, মজিবৰ ৰহমান, হামিদুল ইছলাম আৰু ইনামূল হকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষীৰ অভিযানকাৰী দল ।

লগতে পঢ়ক: বৃহৎ কূটাঘাতৰ ষড়যন্ত্র : অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বৃহৎ ভাণ্ডাৰসহ গ্ৰেপ্তাৰ দুই জেহাদী - TWO JEHADIS ARRESTED

ৰহস্য ভেদ: গড়াজানৰ নৃশংস হত্যাকাণ্ডৰ আঁৰত কোন আছিল প্ৰকৃততে ? - NAGAON MURDER CASE

Last Updated : 12 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.