ETV Bharat / state

বৃহৎ কূটাঘাতৰ ষড়যন্ত্র : অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বৃহৎ ভাণ্ডাৰসহ গ্ৰেপ্তাৰ দুই জেহাদী - TWO JEHADIS ARRESTED

দুটাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে । মঙলবাৰে নিশা অভিযান চলাই অসম আৰক্ষীয়ে উৎখাত কৰে জেহাদী চক্ৰটো ।

Two jehadis arrested with huge cache of arms and ammunition
অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বৃহৎ ভাণ্ডাৰসহ গ্ৰেপ্তাৰ দুই জেহাদী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 25, 2024, 4:22 PM IST

গুৱাহাটী: দেশৰ বিভিন্ন স্থানত বৃহৎ কূটাঘাত সংঘটিত কৰাৰ ষড়যন্ত্রৰে কাম কৰা দুটাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল অসম আৰক্ষী । জেহাদীৰ বিৰুদ্ধে চলিত মাহতে হোৱা অভিযানৰ পাছত পুনৰ মঙলবাৰে নিশা অভিযান চলাই অসম আৰক্ষীয়ে উৎখাত কৰিলে জেহাদীৰ আন এটা চক্ৰ । 'অপাৰেচন 'প্ৰঘাত'ৰ অধীনত অসম আৰক্ষীৰ এছ টি এফে যোৱানিশা কোকৰাঝাৰৰ নামাপাৰাত কোকৰাঝাৰ আৰক্ষীৰ সহযোগত অভিযান চলাই বহু বিস্ফোৰকসহ দুই জেহাদীক গ্ৰেপ্তাৰ কৰে ।

ধৃত দুই জেহাদী বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা শাখা বাংলাদেশৰ মৌলবাদী সংগঠন ‘আনচাৰুল্লাহ বাংলা টীম’ৰ সদস্য। এই দুই জেহাদীয়ে সংগঠনটোৰ শ্লিপাৰ চেল হিচাপে কাম কৰি আছিল । অসম আৰক্ষীয়ে যোৱানিশা গ্ৰেপ্তাৰ কৰা দুই জেহাদী হৈছে কোকৰাঝাৰৰ নামাপাৰাৰ আব্দুল জাহিৰ শ্বেইখ আৰু চেৰফাংগুৰিৰ চাব্বিৰ মিৰ্ধা ।

অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বৃহৎ ভাণ্ডাৰসহ গ্ৰেপ্তাৰ দুই জেহাদী (ETV Bharat Assam)

বুধবাৰে অসম আৰক্ষীৰ উলুবাৰীস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং আৰু আই জি পি ড৹ পাৰ্থসাৰথি মহন্তই এই কথা প্ৰকাশ কৰাৰ উপৰি আৰু বহুকেইটা বিস্ফোৰক তথ্য সদৰী কৰে ।

জব্দ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বৃহৎ ভাণ্ডাৰ:

বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে কয়,"সমগ্ৰ দেশতে জাল বিয়পাবলৈ চেষ্টা কৰা ৮ টাকৈ জেহাদীক ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱানিশা অভিযান চলাই দুই জেহাদীক গ্ৰেপ্তাৰ কৰা হয় । এই দুই জেহাদীয়ে দেশত বৃহৎ কূটাঘাত কৰাৰ ষড়যন্ত্র কৰিছিল । তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ এক বৃহৎ ভাণ্ডাৰ আৰু যুদ্ধত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।

তেওঁলোকৰ পৰা চাৰিটা হস্তনিৰ্মিত ৰাইফল (দেখাত এ কে ৰাইফলৰ দৰে), 34 ৰাউণ্ড সজীৱ গোলাবাৰুদ, ২৪ ৰাউণ্ড খালী কাৰ্টিজ, কৰ্টেক্সৰ সৈতে এযোৰ লাইভ আন-প্ৰাইমড আই ই ডি, এটা বিস্ফোৰকেৰে নিৰ্মিত গ্ৰেনেড, কৃষি সঁজুলিৰ পৰা তৈয়াৰ কৰা ডিট'নেটৰৰ এটা বৰ্তনী, ১৪ টা ইলেক্ট্ৰনিক চুইচ, ২০টা লোৰ টুকুৰা আৰু প্লেটৰ সৈতে আই ই ডি তৈয়াৰ কৰাৰ বাবে তিনিটা লোৰ কেচ (সৰ্বাধিক ক্ষতি/ধ্বংস কৰাৰ বাবে ব্যৱহাৰ কৰা হয়), ফায়াৰ ক্ৰেকাৰত ব্যৱহৃত বিস্ফোৰকৰ সৈতে বৃহৎসংখ্যক চুইচ আৰু তাঁৰসহ অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা হৈছে ।"

তেওঁ লগতে কয় যে মঙলবাৰৰ নিশাৰ অভিযানৰ দ্বাৰা অসম আৰক্ষীয়ে সন্ত্রাসবাদৰ এটা ডাঙৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ সক্ষম হয় । এই অভিযানৰ নেতৃত্ব দিছিল এছ টি এফ অসমৰ মুৰব্বী ড৹ পাৰ্থসাৰথি মহন্তই ।

জেহাদীৰ বিৰুদ্ধে পূৰ্বৰ অভিযান:

জেহাদীৰ বিৰুদ্ধে সমগ্ৰ দেশৰ বিভিন্ন ঠাইত প্ৰায় একেলগে অসম আৰক্ষীয়ে চলিত ডিচেম্বৰ মাহতে প্ৰথম অভিযান চলাইছিল । এই অভিযানৰ পাছতে ১৯ ডিচেম্বৰত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানে সংবাদমেল সম্বোধন কৰিছিল । অসমৰ লগতে পশ্চিম বংগ আৰু কেৰালাত অসম আৰক্ষীৰ এছ টি এফে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ৮ টাকৈ জেহাদী ।

গ্ৰেপ্তাৰ হোৱা জেহাদীকেইটাৰ বাংলাদেশৰ জেহাদী সংগঠনৰ সৈতে লিংক বিচাৰি পাইছে অসম আৰক্ষীয়ে । যোৱা নৱেম্বৰ মাহত বাংলাদেশৰ মৌলবাদী সংগঠন ‘আনচাৰুল্লাহ বাংলা টীম’ৰ জাছিমুদ্দিন ৰেহমানী নামৰ মূৰব্বী নেতাজনে বাংলাদেশৰ ৰাজশ্বাহীৰ নাগৰিক ফাৰহান ইশ্বৰাক ওৰফে মহম্মদ ছাদ ৰাদি ওৰফে মহম্মদ শ্বাব শ্বেইখ নামৰ এটা জেহাদী সদস্যক ভাৰতলৈ পঠিয়াইছিল ।

বিশ্বৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা শাখা এই 'আনচাৰুল্লাহ বাংলা টীম' । অসমত ইয়াৰ আগতেও আনচাৰুল্লাহ বাংলা টীমৰ সদস্য ধৰা পৰিছে । ভাৰতত শ্লিপাৰ চেল তৈয়াৰ কৰিবলৈ মহম্মদ ছাদ ৰাদিক পঠিয়াইছিল সংগঠনটোৱে । উল্লেখ্য যে ভাৰত চৰকাৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত বাংলাদেশৰ মৌলবাদী সংগঠন এই আনচাৰুল্লাহ বাংলাৰ মুৰব্বী জছিমুদ্দিন ৰেহমানীক শ্বেখ হাছিনা চৰকাৰে বন্দী কৰি ৰাখিছিল ।

হাছিনা চৰকাৰৰ পতনৰ পিছত মহম্মদ ইউনুছ চৰকাৰে জেলৰ পৰা জছিমুদ্দিন ৰেহমানীক মুকলি কৰি দিয়ে । ভাৰতৰ বাবে জছিমুদ্দিনৰ মুক্তি এক উদ্বেগৰ বিষয়ৰূপে পৰিগণিত হৈছিল । উল্লেখ্য যে ১৭ আৰু ১৮ ডিচেম্বৰৰ নিশা কেৰালা, পশ্চিমবংগ আৰু অসমত একেলগে এছ টি এফে তিনি ঠাইত একেসময়তে অভিযান চলাই আপত্তিজনক সামগ্ৰী জব্দ কৰাৰ লগতে ৮ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল ।

গ্ৰেপ্তাৰ হোৱা ৮ জেহাদী আছিল বাংলাদেশী নাগৰিক মহম্মদ ছাদ ৰাদি, পশ্চিমবংগৰ মিনাৰুল শ্বেইখ আৰু আব্বাছ আলী, অসমৰ নুৰুল ইছলাম মণ্ডল, আব্দুল কৰিম মণ্ডল, মজিবৰ ৰহমান, হামিদুল ইছলাম আৰু ইনামূল হক । এই জেহাদী কেইটাক কৰা জেৰাৰ ভিত্তিত যোৱানিশা অভিযান চলাই আৰক্ষীয়ে উক্ত দুই জেহাদীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে অনুসন্ধান আৰু জেৰা অব্যাহত ৰাখিছে বুলি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: হৃষীকেশৰ পৰাই বছৰটোক সপৰিয়ালে বিদায় জনাব ড৹ শৰ্মাই - CM IN HRISHIKESH

এজন শিক্ষকে প্ৰস্তুত কৰি উলিয়ালে ডেৰশ বছৰীয়া কেলেণ্ডাৰ - TEACHER PREPARED SPECIAL CALENDAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.