ETV Bharat / sports

বিনোদ কাম্বলীৰ স্বাস্থ্যৰ অৱনতি, থানে চিকিৎসালত চিকিৎসাধীন - VINOD KAMBLI HOSPITALISED

ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলীৰ স্বাস্থ্য সংকটজনক হৈ পৰাত তেওঁক থানেৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

VINOD KAMBLI HOSPITALISED
বিনোদ কাম্বলীৰ স্বাস্থ্যৰ অৱনতি, থানে চিকিৎসালত চিকিৎসাধীন (IANS)
author img

By ETV Bharat Assamese Team

Published : 7 hours ago

থানে(মুম্বাই): ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ শনিবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ সংবাদ সংস্থা আইএনএছৰ এক্স পোষ্ট অনুসৰি শচীন তেণ্ডুলকাৰৰ দীৰ্ঘদিনীয়া সহযোগী কাম্বলীক শনিবাৰে গভীৰ নিশা থানেৰ আকৃতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পোষ্টত আৰু কোৱা হৈছে যে, "৫২ বছৰীয়া বিনোদ কাম্বলীৰ অৱস্থা এতিয়া সুস্থিৰ, কিন্তু সংকটজনক হৈ আছে ।" কাম্বলীৰ সমস্যা আৰু সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এতিয়ালৈকে কোনো সবিশেষ তথ্য পোৱা হোৱা নাই ।

শেহতীয়াকৈ শিৱাজী পাৰ্কত ৰমাকান্ত আম্বেদকাৰৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত ৰাজহুৱাভাৱে উপস্থিত হৈছিল ভাৰতৰ প্ৰাক্তন অ’পেনাৰগৰাকী । একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ সদস্যসকলে কাম্বলীৰ স্বাস্থ্যজনিত সমস্যা দূৰ কৰিবলৈ কিছু সহায় আগবঢ়াইছিল । কপিল দেৱ আৰু সুনীল গাভাস্কাৰে সহায় আগবঢ়ায় আৰু তেওঁ পুনৰ্বাসনৰ পৰামৰ্শ দিয়ে ।

বাওঁহাতৰ বেটছমেনগৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজৰ স্বাস্থ্যজনিত সমস্যাৰ বিষয়ে মুকলিকৈ কয় আৰু শচীন টেণ্ডুলকাৰে তেওঁক কেনেদৰে ইয়াক অতিক্ৰম কৰাত সহায় কৰিলে সেই বিষয়ে উল্লেখ কৰে । "মোৰ প্ৰস্ৰাৱৰ সমস্যা হৈছিল । প্ৰস্ৰাৱ হৈ আছিল । মোৰ ল'ৰা জেছুচ ক্রিষ্টিয়ানোৱে মোক সহায় কৰে । মোৰ ১০ বছৰীয়া কন্যা আৰু মোৰ পত্নীয়ে মোক সহায় কৰিবলৈ আহিছিল । এমাহ আগতে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু মূৰ ঘূৰাই মই পৰি গৈছিলো । চিকিৎসকে মোক চিকিৎসালয়ত ভৰ্তি হ’বলৈ কৈছিল ।" লালৱানীৰ ইউটিউব চেনেলত হোৱা এক বাৰ্তালাপত কাম্বলিয়ে কয় ৷

কম্বলিয়ে তেওঁৰ ৯ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত ৰাষ্ট্ৰীয় দলৰ হৈ ১৭ খন টেষ্ট আৰু ১০৪ খন এদিনীয়া খেলিছিল । তেওঁ চাৰিখন টেষ্টত শতক আৰু টেষ্টত একেৰাহে দুটা ডাবল শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হোৱাৰ অনন্য অভিলেখৰ অধিকাৰী ৷

লগতে পঢ়ক: 2024 চনত খেলপথাৰত শেষবাৰৰ বাবে দেখা গ’ল এইসকল কিংবদন্তি ক্ৰিকেটাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.