স্প’ৰ্টছ ডেস্ক: বৃহস্পতিবাৰে কিংছমিডত অনুষ্ঠিত দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মুখথেকেচা শ্ৰীলংকাৰ ৷ মেচখনত দক্ষিণ আফ্ৰিকাই প্ৰথম ইনিংছত 191 ৰাণ সংগ্ৰহ কৰাৰ পিছত ক্ৰিজলৈ আহে শ্ৰীলংকাৰ বেটছমেনসকল ৷
পিছে দলটোৰ কোনো এগৰাকী বেটছমেনে উন্নত প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে ৷ বৰং দক্ষিণ আফ্ৰিকাৰ বলাৰসকলৰ সন্মুখত তিষ্ঠিব নোৱাৰি দলটোৱে আটাইকেইটা উইকেটৰ বিনিময়ত মাত্ৰ 42 ৰাণ সংগ্ৰহ কৰিয়েই ইনিংছ সামৰে ৷ ইয়াৰ লগে লগে শ্ৰীলংকাৰ ক্ৰিকেট দলটো টেষ্ট ক্ৰিকেটত সৰ্বনিম্ন স্ক’ৰ সংগ্ৰহ কৰা লজ্জাজনক অভিলেখ অৰ্জন কৰে ৷
শ্ৰীলংকাৰ দলটো মাত্ৰ 83 টা বলতে অল আউট হৈছিল, যিটো যিকোনো দলৰ দ্বাৰা সৰ্বনিম্ন সংখ্যক বলৰ দ্বিতীয় অভিলেখ । ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাৰ দলটো 1924 চনত এজবাষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে 75 টা বলত মাত্ৰ 30 ৰাণতে অল আউট হৈছিল ।