ETV Bharat / entertainment

বলীউডৰ কোনখন ছবিত অভিনয় কৰাৰ বাবে আজিও আক্ষেপ কৰে ৰাম চৰণে ? - RAM CHARAN ON ZANJEER REMAKE

বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ ছবি ‘জঞ্জীৰ’ৰ ৰিমেক সন্দৰ্ভত তেলুগু ছুপাৰষ্টাৰ ৰাম চৰণে প্ৰকাশ কৰিছে নিজৰ মত ৷

Ram Charan reveals about Amitabh Bachchan starrer Zanjeer remake
ৰাম চৰণ (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : 19 hours ago

হায়দৰাবাদ : বহু প্ৰত্যাশিত ছবি 'গেম চেঞ্জাৰ'ক লৈ দৰ্শকৰ সমূখলৈ আহিবলৈ সাজু হৈছে দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ ৰাম চৰণ । অভিনেতাগৰাকীয়ে ছবিখনৰ প্ৰচাৰ জোৰদাৰভাৱে চলাই গৈছে । শেহতীয়াকৈ অভিনেতাগৰাকীয়ে তেওঁৰ ছবিখনৰ প্ৰচাৰৰ বাবে এক সাক্ষাৎকাৰত অংশগ্ৰহণ কৰে । তাত তেওঁ নিজৰ কেৰিয়াৰৰ এটা গুৰুত্বপূৰ্ণ মুহূৰ্তৰ বিষয়ে প্ৰকাশ কৰে ।

নন্দমুৰী বালাকৃষ্ণৰ টক শ্ব’ত অতিথি হিচাপে যোগদান কৰে ৰাম চৰণে । এই সময়ছোৱাত তেওঁ স্বীকাৰ কৰে যে বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ বিখ্যাত ছবি জঞ্জীৰৰ বলীউড ৰিমেকত কাম কৰাটো তেওঁৰ এনে এক সিদ্ধান্ত আছিল যিটোৰ বাবে আজিও তেওঁ অনুশোচনা কৰে । এই প্ৰকল্পৰ পৰা বহু আশা কৰা হৈছিল যদিও আশানুৰূপ ফলাফল লাভ কৰা নাছিল । ছবিখনক দৰ্শকে দিয়া হতাশাজনক সঁহাৰিয়ে অভিনেতাগৰাকীক হতাশ কৰি তুলিছিল ।

কথা-বতৰাৰ সময়ত ৰাম চৰণক সোধা হৈছিল যে তেওঁৰ কেৰিয়াৰত এনে কোনো ছবি আছে নেকি যিখন ছবি কৰি তেওঁ আক্ষেপ কৰে ? এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয় যে সেই সময়ত অমিতাভ বচ্চনে অভিনয় কৰা বলীউডৰ ৰিমেক জঞ্জীৰত কাম কৰাৰ বাবে তেওঁ অনুশোচনা কৰে ।

ৰাম চৰণে ২০১৩ চনত অপূৰ্ব লাখিয়াৰ দ্বাৰা পৰিচালিত একশ্যন অপৰাধ চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল । ইয়াত প্ৰিয়ংকা চোপ্ৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । তেলুগু চলচ্চিত্ৰত এইখন প্ৰিয়ংকাৰ প্ৰথম ছবি আছিল । চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ আৰু মুক্তি একেলগে হিন্দী আৰু তেলুগু দুয়োটা ভাষাতে কৰা হৈছিল আৰু ইয়াক তুফান নাম দিয়া হৈছিল ।

এইখন আছিল ৰাম চৰণৰ প্ৰথমখন হিন্দী চিনেমা আৰু প্ৰিয়ংকাৰ প্ৰথমখন তেলুগু চিনেমা । ৰাম চৰণৰ বলীউড অভিষেকৰ উদ্দেশ্য আছিল ১৯৭৩ চনৰ ক্লাছিক ছবিখনৰ পুনৰ্নিৰ্মাণ, যিখন ছবিত প্ৰথমে অমিতাভ বচ্চনে নিৰ্ভীক আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল ।

ৰাম চৰণ আৰু প্ৰিয়ংকাৰ উপৰিও ছবিখনত সঞ্জয় দত্ত, শ্ৰীহৰি, প্ৰকাশ ৰাজ, অতুল কুলকাৰ্ণী আদিয়েও অভিনয় কৰিছিল । অৱশ্যে এই ছবিখন ৰাম চৰণৰ ফিল্ম’গ্ৰাফীত সমালোচনা কৰা অন্যতম ছবিত পৰিণত হয় ।

ৰাম চৰণে তেওঁৰ আগন্তুক ছবি গেম চেঞ্জাৰত আই এ এছ বিষয়াৰ চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে । শংকৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত ৰাম চৰণক দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক ব্যৱস্থাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হোৱা এজন সৎ বিষয়া হিচাপে দেখুওৱা হৈছে । ছবিখনত কিয়াৰা আদৱানীয়েও মুখ্য চৰিত্ৰত অভিনয় কৰিছে । এই ছবিখন অহা ১০ জানুৱাৰীত মকৰ সংক্ৰান্তি উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক : বহু অপেক্ষাৰ অন্তত মুক্তি পালে গেম চেঞ্জাৰৰ ট্ৰেইলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.