গুৱাহাটী: সমাগত বি টি চি নিৰ্বাচনক লৈ বড়োলেণ্ডত আৰম্ভ হৈছে ব্যাপক তৎপৰতা । নিৰ্বাচনী যুঁজৰ আগেয়ে বড়োভূমিৰ বহু হাই প্ৰফাইল নেতাই ইতিমধ্যে সলনি কৰিছে নিজৰ দল । বিশেষকৈ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ এৰি শাসকীয় ইউ পি পি এলত যোগদান কৰিছে কেইবাগৰাকীও শীৰ্ষ নেতাই । বি পি এফৰ জ্যেষ্ঠ নেতা খাম্ফা বৰগয়াৰীয়ে দলত্যাগ কৰি শনিবাৰে চিৰাঙত দলে-বলে প্ৰমোদ বড়োৰ ইউ পি পি এলত যোগদান কৰিছে ।
বি পি এফ ত্যাগ কৰিছে দলটোৰ সাধাৰণ সম্পাদক হিতেশ বসুমতাৰীয়েও । ইতিপূৰ্বেই ইউ পি পি এলত যোগদান কৰিছে বি পি এফৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই । নিৰ্বাচনৰ পূৰ্বে সঁচাকৈয়ে সংকটত পৰিছে নেকি হাগ্ৰামাৰ দল ? তাৰো সমাধানৰ বিকল্প পথ উলিয়াইছে বি পি এফে ।
পৰিষদীয় নিৰ্বাচন খেলিব বি পি এফৰ ৮ গৰাকীকৈ প্ৰাক্তন বিধায়কে:
বি পি এফে এইবাৰৰ বি টি চি নিৰ্বাচনী যুঁজত নমাব বড়োভূমিৰ কেইবাগৰাকীও হাই প্ৰফাইল নেতাক । এই প্ৰসংগত দলটোৰ সাধাৰণ সম্পাদক দুৰ্গাদাস বড়োৱে ক’লে, "এই প্ৰস্তাৱটো মই আমাৰ দলৰ পি এন বি মিটিঙত আগবঢ়াইছিলো । দলে পুংখানুপুংখকৈ আলোচনা কৰিছে । নাম আলোচনা হোৱা ৮০ শতাংশ নেতাই নিৰ্বাচন খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ।"
কোনে কোনে পৰিষদীয় নিৰ্বাচন খেলিবলৈ আগ্ৰহী সেই কথাও সদৰী কৰিলে বি পি এফ নেতাজনে । তেওঁ কয়, "মই জনাত দুবাৰৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে দলে টিকট দিলে নিৰ্বাচন খেলিব, ৰিহন দৈমাৰীয়ে নিজেই কৈছে দলে টিকট দিলে তেওঁ খেলিব । কেইবাবাৰৰো বিধায়ক থানেশ্বৰ বসুমতাৰী, বৰমাৰ চাৰিবাৰৰ বিধায়ক কমল সিং নাৰ্জাৰী, পানেৰী সমষ্টিৰ চাৰিবাৰৰ বিধায়িকা কমলী বসুমতাৰী, তেওঁলোকে দলৰ নিৰ্দেশলৈ অপেক্ষা কৰি আছে । মুঠ ১২ গৰাকী তেনে ব্যক্তিলৈ আমি পৰামৰ্শ আগবঢ়াইছিলো । তাৰে ৮ গৰাকীয়ে সন্মতি প্ৰকাশ কৰিছে । ইয়াৰ অন্তৰালতো আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছে । বি টি চিৰ নিৰ্বাচনটোত আমি খুব শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছো ।
বি পি এফৰ প্ৰাৰ্থিত্বৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ, মাচুল দুই লাখ টকা:
হাগ্ৰামা মহিলাৰীৰ দলটোৱে আৰম্ভ কৰিছে বি টি চি নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্বৰ আবেদন লোৱা প্ৰক্ৰিয়া । আবেদন মাচুল নিৰ্ধাৰণ কৰিছে দুই লাখ টকা । প্ৰতিটো সমষ্টিতে আবেদন পৰিছে ৫/৬ খনকৈ । এই কথাও প্ৰকাশ কৰিলে দুৰ্গাদাস বড়োৱে ৷
দুৰ্গাদাস বড়োৰ মন্তব্য, "প্ৰতিটো ব্লক আৰু জিলা পৰ্যায়ত দুখন-তিনিখন তৃণমূল পৰ্যায়ত সভা অনুষ্ঠিত হৈছে আমাৰ । আমি ইতিমধ্যে প্ৰাৰ্থিত্বৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছো । অতি উৎসাহী হৈছো, এটা এটা সমষ্টিত ৫/৬জনকৈ আবেদন পৰিছে । আবেদনৰ পইচাও কম নহয় । দুই লাখ টকাকৈ আবেদনৰ লগত দিব লাগে ।"
২০২০ত আমাক অন্যায় কৰি পৰিষদ গঠন কৰিব দিয়া নাছিল:
ইউ পি পি এলে বিটিচি গঠন কৰা পাঁচ বছৰ হৈ গ’ল । এতিয়াও বি পি এফৰ দাবী যে তেতিয়া তেওঁলোকক সৰ্বাধিক আসনপ্ৰাপ্ত দল হোৱা স্বত্বেও অন্যায়ভাৱে গঠন কৰিবৰ বাবে সুবিধা দিয়া হোৱা নাছিল বি টি আৰৰ পৰিষদ । এই প্ৰসংগতো দুৰ্গাদাস বড়োৱে ক’লে এইদৰে, "আমাক আক্ৰমণ-প্ৰত্যাক্ৰমণ কৰে আছে । আগতেও ২০২০ত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ইউ পি পি এল, এ জি পি আৰু বি জে পিৰ সন্মিলিত শক্তি একত্ৰিত হৈ আমাৰ বিৰুদ্ধে যুঁজিছিল । তেতিয়াও আমাক পৰাস্ত কৰিব নোৱাৰিলে । সকলোতকৈ বেছিসংখ্যক আসন আমি পাইছিলো যদিও ৪ খন আসনৰ বাবে আমি চৰকাৰ গঠন কৰিব নোৱাৰিলো । অন্যায়ভাৱে আমি চৰকাৰ গঠন কৰিব নোৱাৰিলো ।"
তেওঁ লগতে কয়, "সেই সময়ৰ ৰাজ্যপালগৰাকীয়ে আমাক চৰকাৰ গঠন কৰিব নিদিলে । বি পি এফ আগতকৈ বেছি শক্তিশালী হৈছে । হাগ্ৰামাই বনাই থোৱা যোৱা ৰাস্তা কেইটাও প্ৰমোদ বড়োৱে বনাব নোৱাৰিলে ।"
উল্লেখযোগ্য যে ২০২০ৰ পৰিষদীয় নিৰ্বাচনত বি টি চিৰ ৪০ খন আসনৰ ভিতৰত বি পি এফে পাইছিল ১৭ খন আসন । আনহাতে, ইউ পি পি এলে পাইছিল ১২ খন আসন, বি জে পিয়ে পাইছিল ৯ খন আসন । শেষত সেইবাৰ পৰিষদ গঠন কৰিছিল বি জে পিৰ সমৰ্থনত ইউ পি পি এলে ।
খাম্ফাৰ দলত্যাগ-ইউ পি পি এলত যোগদানৰ প্ৰতিক্ৰিয়া:
আজিৰ তাৰিখত বড়োভূমিত সৰ্বাধিক চৰ্চিত ৰাজনৈতিক বিষয়টোৱেই হ’ল খাম্ফা বৰগয়াৰী আৰু হিতেশ বসুমতাৰীৰ বি পি এফ ত্যাগ আৰু ইউ পি পি এলত যোগদানৰ বিষয়টো । স্বাভাৱিকতেই ধাৰণা কৰা হৈছে বি পি এফৰ অন্যতম থিংক টেংক খাম্ফা বৰগয়াৰীৰ ইউ পি পি এল গমনে বিপৰ্যয়ৰ সৃষ্টি কৰিব বি পি এফত ।
এই প্ৰসংগত দুৰ্গাদাস বড়োৰ প্ৰতিক্ৰিয়া, "দলৰ পৰা কোনোবা এজন গ’লে ক্ষতি হোৱাটো স্বাভাৱিক । কিন্তু সেই বুলি দল কেতিয়াও ৰৈ নাথাকে । আমাৰ বি পি এফ যথেষ্ট সচেতন । সেয়ে আমি দল শক্তিশালী কৰাত ব্যস্ত হৈ আছো । বিজেপি আজি অসমত সকলোতকৈ শক্তিশালী । ভাৰতীয় জনতা পাৰ্টিৰ জিলা পৰ্যায়ৰ নেতা আমাৰ বি টি আৰত যথেষ্ট গুৰুত্বপূৰ্ণ । আনকি বিজেপিৰ জিলা পৰ্যায়ৰ নেতাই আমাৰ দলত যোগদান কৰিছে । ইউ পি পি এলৰ কেন্দ্ৰীয় কমিটীৰ নেতাও আমাৰ দলত যোগদান কৰিছে ।"
খাম্ফা বৰগয়াৰীৰ প্ৰসংগত লগতে বড়োৱে ক’লে, "এক লাইনৰ পদত্যাগ পত্ৰ । আমাৰ দলত সময় দি ইয়াত কাম কৰিব পৰা নাই বুলি নিজেই কৈছে খাম্ফা বৰগয়াৰীয়ে নিজেই কৈছে ।" আনহাতে বি পি এফ এৰা হিতেশ বসুমতাৰীৰৰ নাম নোলোৱাকৈয়ে তেওঁক ইংগিত কৰি এইদৰে ক’লে বি পি এফ নেতাগৰাকীয়ে, "কেইদিনমান এজন শীৰ্ষ পৰ্যায়ৰ নেতা ৬ মাহ জে’লত আছিল । ঘৰত অস্ত্ৰ-শস্ত্ৰ পাইছিল । গতিকে তেওঁ হেঁচাত থাকিব পাৰে । গোটেই ভাৰতবৰ্ষত চি বি আই, ই ডি আদি কাৰ বিৰুদ্ধে লগাইছে আপোনালোকে জানেই ।" বাসগৃহত AK-47 লাভ কৰাৰ পিছত প্ৰায় ছমাহ কাৰবাস কৰিবলগীয়া হৈছিল হিতেশ বসুমতাৰীয়ে ।
বি পি এফে কাৰ লগত কৰিব মিত্ৰতা:
কংগ্ৰেছ বা এ আই ইউ ডি এফৰ লগত বি টি চিৰ নিৰ্বাচনত মিত্ৰতা কৰিব নেকি হাগ্ৰামা মহিলাৰীৰ দলে ? এয়াও এক চৰ্চাৰ বিষয় বি টি চিৰ ৰাজনীতিত । বি পি এফৰ জ্যেষ্ঠ মুখপাত্ৰৰ দায়িত্বত থকা দুৰ্গাদাস বড়োৰ এই প্ৰসংগত মন্তব্য, "আমি ৪০ টা সমষ্টিতে নিজা প্ৰাৰ্থী দিবলৈ প্ৰস্তুতি চলাই আছো । বৰ্তমান সময়ত মিত্ৰতা বিষয়টোত কোনো আলোচনা কৰা নাই । কাইলৈ কি হয় সেয়া সময়ে ক’ব । অস্বীকাৰ নকৰো শত্ৰুৰ শত্ৰু মিত্ৰ হৈ পৰে । আজিৰ বিষয়টো কাইলৈ বেলেগো হ’ব পাৰে ।"