ETV Bharat / state

গ্ৰন্থপ্ৰেমী আৰু গ্ৰন্থ বিক্ৰীৰ অভিলেখেৰে সামৰণি পৰিল গুৱাহাটীৰ অসম গ্ৰন্থমেলা - GUWAHATI BOOK FAIR

গ্ৰন্থৰ সুবাস ছটিয়াই অন্ত পৰিল গুৱাহাটীৰ অসম গ্ৰন্থমেলা । এইবাৰৰ গ্ৰন্থমেলাত দৰ্শকৰ উপস্থিতি আৰু গ্ৰন্থ বিক্ৰীত নতুন অভিলেখ ।

Guwahati Book Fair 2024
সামৰণি পৰিল গুৱাহাটী গ্ৰন্থমেলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 20 hours ago

গুৱাহাটী : সাহিত্য-সংস্কৃতি, ভাষাতত্ত্ব-ইতিহাসৰ এলানি বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, গুৱাহাটীৰ মঙলবাৰে সামৰণি পৰিল । লগে লগে নিজম পৰিল প্ৰথমবাৰৰ বাবে গ্ৰন্থৰ সুবাস ছটিয়াই অভিলেখ সৃষ্টি কৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ । ৭ কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰীৰে এইবাৰ অভিলেখ ৰচনা কৰে গুৱাহাটী গ্ৰন্থমেলাই ৷

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা এই গ্ৰন্থমেলাৰ মঙলবাৰে সামৰণি সভা অনুষ্ঠিত হয় ৷ ইয়াত সভাপতিত্ব কৰে বিশিষ্ট অভিধান প্ৰণেতা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ।

সামৰণি পৰিল গুৱাহাটী গ্ৰন্থমেলা (ETV Bharat Assam)

আনহাতে, বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সচিব আৰু কাৰ্যবাহী তথা শৈক্ষিক মুৰব্বী ড° সচ্চিদানন্দ যোশী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননীগোপাল মহন্তই ৷ লগতে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক হৰেন কলিতা প্ৰমুখ্যে আন আন বিষয়ববীয়াসকল ৷

বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰা ড° সচ্চিদানন্দ যোশীয়ে তেওঁৰ ভাষণত কয়, "গ্ৰন্থমেলাত জনসমাগম হোৱা, কিতাপ বিক্ৰী হোৱাটো সমাজৰ বাবে আনন্দৰ বতৰা ৷ গ্ৰন্থমেলা মানেই জ্ঞানৰ পেৰা মুকলি কৰি দিয়া স্থান ৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত সম্প্ৰীতিৰ সেতু নিৰ্মাণ হয় ৷ অসম গ্ৰন্থমেলাত ৭ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱাটো যথাৰ্থতে চমকপ্ৰদ ।"

আন এগৰাকী বিশিষ্ট অতিথি ড° ননীগোপাল মহন্তই কয়, "গ্ৰন্থ মানুহৰ সৰ্বোত্তম বিশ্বাসী বন্ধু ৷ কিতাপে মানুহৰ মনৰ দুৱাৰ মুকলি কৰে ৷ সুস্থ সমাজ এখন গঢ়াত গ্ৰন্থৰ ভূমিকা অপৰিসীম ৷"

সভাত আদৰণী ভাষণ প্ৰদান কৰি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়, "চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ যৌথ উদ্যোগত অসম গ্ৰন্থমেলা আয়োজন কৰাৰ উদ্দেশ্য হৈছে গ্ৰন্থ আন্দোলনক সমৃদ্ধ কৰা ৷ লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ ৰাইজৰ সহযোগত এই কাৰ্যসূচী সফল হোৱা বুলি ক’ব পাৰি ৷ গ্ৰন্থমেলা মানে কেৱল সাহিত্যৰ কিতাপৰ মেলা নহয় ৷ ইয়াত ভিন ভিন বিষয় আৰু লক্ষ্য থাকে ৷ যোৱা ১২ দিনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি প্ৰায় ৫ লক্ষাধিক গ্ৰন্থপ্ৰেমীয়ে ইয়াত ভিৰ কৰিছে ৷ বিভিন্ন প্ৰকাশনৰ মুঠ ১১৮ খন গ্ৰন্থ বিপণী ইয়াত আছে ৷ যোৱা ১২ দিনত গ্ৰন্থৰ বিক্ৰীয়ে প্ৰায় ৭ কোটিৰ ঘৰ স্পৰ্শ কৰিছে ৷"

ইয়াৰ উপৰি সামৰণী অনুষ্ঠানত বিগত কেইটামান দিনত শিশুসকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকন, কবিতা আবৃত্তি আৰু বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হয় ৷

লগতে পঢ়ক :চিকুণ মহলত ভিৰ বাঢ়িছে গ্ৰন্থপ্ৰেমী গ্ৰাহকৰ - LIBRARY IN SALON
লগতে পঢ়ক :অসমৰ শিক্ষা ব্যৱস্থাৰ দুৰ্দশা ! আধাতে বিদ্যালয় এৰিছে বহু ছাত্ৰ-ছাত্ৰীয়ে - UDISE REPORT ON ASSAM EDUCATION

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.